নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণোৎসৱত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকি ৩ বিদ্যালয়লৈ গ্ৰন্থ উপহাৰ

বিশেষ বার্তা, ৯ ফেব্ৰুৱাৰী : সম্প্ৰতি ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠান সমাপ্তি ঘটা গুণোৎসৱ কাৰ্যসূচীত এক বিশেষ কৰ্মৰে চৰ্চা লাভ কৰিছে নাহৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা ক্ৰীড়া সংগঠক সুৰজ গগৈয়ে। মনকৰিবলগীয়া যে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত অসমীয়া গাঁও মধ্য ইংৰাজী বিদ্যালয়, নগাবস্তি প্ৰদীপ প্ৰাথমিক বিদ্যালয় আৰু বাঁহনি গাঁও প্ৰাথমিক বিদ্যালয়ত সদ্যসমাপ্ত গুণোৎসৱত বৰ্হি মূল্যায়কৰ দায়িত্ব পালন কৰা সুৰজ গগৈয়ে প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী সকলৰ বাবে প্ৰদান কৰে কেইবাখনো মূল্যবান গ্ৰন্থৰে সমৃদ্ধ এটাকৈ গ্ৰন্থৰ টোপোলা। গ্ৰন্থাগাৰিক গৰাকীৰ এনে ব্যতিক্ৰমী পদক্ষেপত বিদ্যালয় কেইখনৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকল স্বাভাৱিকতে উৎফুল্লিত হৈ পৰাৰ লগতে সুৰজ গগৈৰ এনে চিন্তা ধাৰাই ছাত্ৰ ছাত্ৰী সকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি অধিক আকৃষ্ট কৰিব বুলি সামাজিক মাধ্যমতো ব্যাপক চৰ্চা চলিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like