নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : মহিলা আৰু শিশু বিকাশৰ উদ্যোগত পোষণ অভিযান ২.০ আৰু সংকল্প হাবৰ সহযোগত গোৱালপাৰা জিলাৰ দুধনৈ জ্ঞানদায়িনী পুঠিভৰাল প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে “স্বাস্থ্য আৰু পৰিপূষ্টি মেলা-২০২৪” অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তে শিশু আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু কিশোৰীৰ ঋতুশ্ৰাৱজনিত স্বাস্থ্য সজাগতা অভিযান চলোৱা হয়। অভিযানৰ অংশ হিচাপে আয়োজিত সজাগতামূলক সভাত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয় যে দিল্লীত আয়োজিত চীফ মনিষ্টাৰচ্ কনক্লেৱত ৰাইজৰ মাজত পৰিপুষ্টি আৰু কিশোৰী সকলৰ ঋতুশ্ৰাৱজনিত স্বাস্থ্যৰ সজাগতা অধিক বৃদ্ধি কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। সেয়ে অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে ০-৬ বছৰৰ শিশুৰ সেৱা উন্নত কৰাৰ লগতে কিশোৰী সকলৰ ঋতুশ্ৰাৱজনিত স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কয় যে শিশু সকলৰ পৰিপুষ্টি যদি ভাল হয় তেন্তে তেওঁলোকৰ শাৰীৰিক বৃদ্ধিৰ লগতে মানসিক বৃদ্ধিও ভাল হব আৰু দেশৰ এগৰাকী সৱল নাগৰিক হিচাপে গঢ় লব। একেদৰে জিলা সমাজ কল্যাণ বিষয়া আবু মোস্তাফা আৰ্শাদ হুছেইনেও অতিথি হিচাপে উপস্থিত থাকি কয় যে ঋতুস্ৰাৱ আৰু ইয়াৰ সামাজিক দৃষ্টিভঙ্গী এক গুৰুত্বপূৰ্ণ বিষয় । কাৰণ এই প্রক্রিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্রাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে ১১ৰ পৰা ১৪ৰ বছৰ বয়সৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়ঃসন্ধি আৰম্ভ হোৱাৰ এটা সূচক। ঋতুস্ৰাৱক লৈ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভঙ্গী এজনী ছোৱালীৰ জীৱনত বহুতো দিশৰ পৰা বাধাৰ সৃষ্টি কৰে। বিশ্বাস কৰা হয় যে ঋতুস্ৰাৱ হোৱা মহিলাসকল অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ আৰু সেয়েহে তেওঁলোকে প্ৰস্তুত কৰা বা পৰিচালনা কৰা খাদ্য দূষিত হ’ব পাৰে । অৱশ্যে, কোনো বৈজ্ঞানিক পৰীক্ষাই এনেবোৰ ধাৰণাৰ প্ৰমাণ দেখুৱাব পৰা নাই। সজাগতা অভিযানৰ অংশ হিচাপে ঋতুশ্ৰাৱজনিত স্বাস্থ্য সজাগতা আলোচনা কোষ, এনিমিয়া পৰীক্ষা আৰু সজাগতা কোষ, প্ৰধানমন্ত্ৰী মাক্ৰ বন্দনা যোজনা কোষ, কিশোৰী সেৱিকা গোট স্থাপন কোষ স্থাপন কৰি সজাগত চলোৱা হয় । কাৰ্যসূচীত স্বাস্থ্যবান শিশুক প্ৰমাণপত্ৰ দিয়াৰ উপৰিও কিশোৰী সকলক “মিচ হিমোগ্লবিন”ৰে পুৰস্কৃত কৰা হয়। কাৰ্যসূচীত গোৱালপাৰা জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: জনবীৰ দাস, সংকল্প: জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, গোৱালপাৰাৰ জিলা মিছন সমন্বয়ক হিমাশ্ৰী সিনহা, লিংগ ভিত্তিত বিশেষজ্ঞ আদিল শ্বৰীফ আৰু পোষণ অভিযানৰ জিলা সমন্বয়ক ৰাহুল দাসৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

প্ৰেৰক বেনজিন বড়ো

You might also like