নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ গহিয়াত গ্ৰাম্য বিকাশ মঞ্চৰ স্বাস্থ্য সজাগতা সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুনঃ আজি “চাইল্ড ৰাইটচ এণ্ড ইউ”ৰ অৰ্থসাহাৰ্য্যত “গ্ৰাম্য বিকাশ মঞ্চ”ৰ দ্বাৰা ৰূপায়িত “চাইল্ড ৰাইটচ এণ্ড ইউ” প্ৰকল্পৰ অন্তৰ্গত গহিয়া গাঁৱত প্ৰায় চাৰিখন মান প্ৰকল্পৰ অন্তৰ্গত গাঁৱৰ গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু নৱবিবাহিতা মহিলাসকলৰ সৈতে এখন স্বাস্থ্য সজাগতামূলক সভা আয়োজন কৰা হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গহিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ জিন্টুমণি নাথ আৰু এ বি পি এম সাহিদুৰ ৰহমান। উক্ত সভাত ডাঃ জিন্টুমণি নাথে অংশগ্ৰহণকাৰীসকলৰ উদ্দেশ্যে ঘৰুৱাভাৱে উপলব্ধ পুষ্টিকাৰক খাদ্য, স্বাস্থ্য পৰীক্ষা, মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত তাৎপৰ্য্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে বহুখিনি লাভান্বিত হোৱা বুলি মত ব্যক্ত কৰে।

You might also like