নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি বৰহোলা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। বৰহোলা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু তিনিটাকৈ গ্ৰাম্য সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত দুগৰাকীকৈ চিকিৎসক উপস্থিত থাকি কেইবাশ ছাত্ৰীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে। পুৱা বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতাৰ বন্তি প্ৰজ্বলনেৰে শিবিৰটোৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰ পিছতে মহিলা কোষৰ সম্পাদিকা অনামিকা হাজৰিকাই আঁত ধৰা উদ্বোধনী সভাত অধ্যক্ষা বৰ্ণালী কলিতাই উপস্থিত ছাত্ৰীসকলক উদ্দেশ্যি স্বাস্থ্য সম্পৰ্কীয় চমু সজাগতামূলক বক্তব্য প্ৰদান কৰে। সভাত মহিলা কোষৰ সভানেত্ৰী ফৰিদা ৰহমান, স্বাস্থ্য বিষয়া ডাঃ অংশুমান ৰাজখোৱা, ডাঃ বাবুল মৰাং, সাংবাদিক অজয় শইকীয়া অতিথি হিচাপে উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। অধ্যাপিকা চন্দ্ৰমা দেৱীৰ শলাগৰ শৰাইৰে প্ৰায় এঘণ্টীয়া সভাখনৰ সামৰণি পৰাৰ লগে লগে স্বাস্থ্য পৰীক্ষা শিবিৰটো ফিতা কাটি মুকলি কৰে ডাঃ অংশুমান ৰাজখোৱাই। শিবিৰটো চলি থকাৰ মাজতে বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ সৌৰভ বৰা উপস্থিত হৈ চিকিৎসক-স্বাস্থ্যকৰ্মীসকলক উৎসাহ যোগায়। মহিলা কোষৰ আটাইকেইগৰাকী সদস্যাৰ সক্ৰিয় সহযোগত অনুষ্ঠিত শিবিৰটোত ভালেসংখ্যক ছাত্ৰীক বিনামূলীয়াকৈ ছেনিটেৰী পেড বিতৰণ কৰা হয়। উল্লেখ্য যে বৃহত্তৰ বৰহোলা অঞ্চলটোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত মহাবিদ্যালয়খনে মুখ্য ভূমিকা পালন কৰি অহাৰ সমান্তৰালকৈ আজি মহিলা কোষে ছাত্ৰীৰ স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা এনে সজাগতামূলক পদক্ষেপ অতি আদৰণীয় বুলি কেইবাগৰাকীয়ে মত ব্যক্ত কৰিছে।
প্ৰেৰক অজয় শইকীয়া