নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ ভূৰবন্ধা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য মেলা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আয়ুস্মান ভৱঃ আঁচনিৰ অধীনত মৰিগাঁৱৰ ভূৰবন্ধা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দিনযোৰা কাৰ্যসূচীৰে এটি স্বাস্থ্য মেলি অনুষ্ঠিত হয় ৷ জিলাখনৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তগ’ত ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুনজুন ডেকাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা স্বাস্থ্য মেলাখনিত নগাঁও চিকিৎসা মহাবিদ্যালয় ৭জনকৈ বিশেষজ্ঞ চিকিৎসকৰ দল উপস্থিত হৈ প্ৰসুতি আৰু স্ত্ৰীৰোগ , চকু , ডিঙি , নাক , কান , হাড় , সাধাৰণ ঔষধ , শিশু ৰোগ আৰু শল্য বিভাগ আদি বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই ৷ উল্লেখ যে ভূৰবন্ধা অঞ্চলৰ ৩৫০গৰাকী ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰা এই স্বাস্থ্য মেলাত মৰিগাঁও জিলা যুটীয়া সেৱা সঞ্চালক ডাঃ ফনী পাঠক , জিলা আচনি প্ৰৱন্ধক জুচৰিন চুলতানা, DCM ৰীতা দাস, জিলা সম্বনয়ক সমীৰণ শৰ্মা উপস্থিত থাকে ৷ আনহাতে ভূৰবন্ধা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্বাস্থ্য মেলা খনি সাফল্যমণ্ডিত কৰা ক্ষেত্ৰত ভুৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মনিকা বৰা , উপ অধীক্ষক ডাঃ চন্দ্ৰ সিং ডেউৰী, BPM কমল চন্দ্ৰ নাথ, BAM মৃণাল ডেউৰী , BEM ৰশ্মিৰেখা বৰা আৰু BCO কৃৰ্তীকমল কলিতাই অহোপুৰুষাৰ্থ চেষ্টা কৰি ভূৰবন্ধা স্থানীয় ৰাইজক উপকৃত কৰাত স্থানীয় ৰাইজে স্বাস্থ্য বিভাগক শলাগ লয়।

প্ৰেৰক মানস নাথ

You might also like