ক’ভিড-১৯, অসম মালা, ভিন্ন আঁচনিৰ বাবে মোদীলৈ কৃতজ্ঞতা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বীৰভূমি ঢেকীয়াজুলিলৈ স্বাগতম জনায় ৰাজ্যিক বিজেপিৰ বিশিষ্ট নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আদৰণি ভাষণ আগবঢ়ায়। ভাষণত শিক্ষামন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীয়ে ক’ভিডকালীন পৰিস্থিতিত অসমলৈ আগবঢ়োৱা সহায়-সহযোগৰ শলাগ লয়।
ক’ভিড-১৯ৰ সময়ত মোদীয়ে পি এম কেয়াৰৰ পৰা অসমক ৯৪৭টা ভেণ্টিলেটৰ, ১৩০০ অক্সিজেন কনচেনট্ৰেটৰ, ৩৫৪১টা অক্সিজেন চিলিণ্ডাৰ, ৯ লাখ মাস্ক, ২লাখ পি পি কিট, ২৫০ কোটি টকা প্ৰদান কৰিছিল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
ক’ভিডৰ সময়ত ২ কোটি ৫০ লাখ মানুহক চাউল যোগান ধৰিছিল ভাষণত জানিবলৈ দি ড০ শৰ্মাই লগতে কিষাণ আঁচনিৰ প্ৰসংগত কয়- ‘আমি আজি গৌৰৱ অনুভৱ কৰো যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ জৰিয়তে ১৮,৬১,৭১৫ কৃষকৰ বাবে ৩৯২ কোটি টকা আগবঢ়াইছিল। ৰাস্তা, মেডিকেল কলেজ, অৰুণোদয়, অভিনন্দন, স্বয়ম আদি আঁচনি সম্ভৱ হৈছে কেৱল মোদী ডাঙৰীয়াৰ বাবে।’
আনহাতে অসম মালা আৰু মেডিকেল কলেজ স্থাপনৰ প্ৰসংগতো মোদীক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে।
এই সন্দৰ্ভত তেওঁ কয়- ‘আজিৰ দিনটো অসমৰ বাবে গৌৰৱময় দিন। ৫৬৪ কোটি আৰু ৫৫৭ কোটি টকাৰে চৰাইদেউ আৰু বিশ্বনাথত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ লগতে ৮০০০ কোটি টকাৰে অসম মালা নামৰ আঁচনিৰ কাম আজিৰ পৰা আৰম্ভ কৰিব। ইয়াৰ জৰিয়তে ঢেকীয়াজুলি আৰু বৰচলা সমষ্টিতো দুটা ডাঙৰ পথ নিৰ্মাণ কৰিবলৈ গৈ আছে। ঢেকীয়াজুলিত ৰৌতাৰ পৰা মিছামাৰী হৈ আৰু দলগাঁৱৰ পৰা শিঙৰী হৈ ডিপোটালৈকে এই অসম মালাৰ অধীনত ৰাস্তা নিৰ্মাণ হ’বলৈ আছে।’