ক’ভিড যোদ্ধালৈ সন্মান প্রদর্শন স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ
ক’ৰোনাৰ আতংক–সংহাৰৰ মাজতো মানৱ সেৱাৰ উৎকৃষ্টতম বর্ষ ২০২০
নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ ক’ভিড যুদ্ধ এতিয়াও শেষ হৈ যোৱা নাই৷ অসমে কিছু সকাহহে পাইছে৷ কেৰালা–মহাৰাষ্ট্র–দি আদিত দ্বিতীয়বাৰৰ বাবে ক’ভিডৰ প্রাদুর্ভাৱ দেখা দিছে৷ সেয়ে সকলোৱে সদাসতর্ক থাকিব লাগিব৷ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
কালি সন্ধিয়া গুৱাহাটীৰ জি এম চি এইচ প্রেক্ষাগৃহত ক’ভিড যোদ্ধাসকলক সন্মান প্রদর্শনৰ বাবে স্বাস্থ্য বিভাগে এক অনুষ্ঠানৰ আয়োজন কৰে৷ সেই অনুষ্ঠানত ক’ভিড যুঁজৰ ক্ষেত্রত সক্রিয় সহায়–সহযোগিতা আগবঢ়োৱা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে চৰকাৰী বিভাগ, ক’ভিড কেয়াৰ চেণ্টাৰ, প্লাজমা দান আদিকে ধৰি বিভিন্ন ক্ষেত্রৰে জড়িতসকলক সন্মান প্রদর্শন কৰে৷
ক’ভিড যুঁজৰ সময়ছোৱাত মানৱ সেৱা আগবঢ়াবলৈ গৈ নিজেই ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা স্বাস্থ্য বিভাগৰ ১১গৰাকী চিকিৎসক–স্বাস্থ্যকৰ্মীৰ নিকটাত্মীয়ক মৰণোত্তৰভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷
মন্ত্রী ড০ শর্মাই মৰণোত্তৰভাৱে সম্বর্ধনা জ্ঞাপন কৰা সেইসকল চিকিৎসক–স্বাস্থ্যকৰ্মী হৈছে– ডাঃ অমন চন্দ্র মছাৰী, ডাঃ অনিল তামুলী, ডাঃ প্রমীলা বৰকাকতি, ডাঃ পার্থ গগৈ, স্বাস্থ্যকর্মী আল্পনা ৰয়, কাবেলা বসুমতাৰী, প্রমীলা বসুমতাৰী, পলাশ হাজৰিকা, মহম্মদ চৈয়দ আহমেদ, দিগন্ত সোণোৱাল আৰু কৃষ্ণকান্ত চহৰীয়া৷
সেইদৰে আজিৰ এই অনুষ্ঠানতে ক’ভিড যুদ্ধৰ সময়ত স্বাস্থ্য বিভাগক সহায়–সহযোগিতা আগবঢ়োৱা অসম বিদ্যুৎ নিয়ামক আয়োগ, অসম আৰক্ষী, অসম ৰাজ্যিক পৰিবহণ নিগম, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ, উত্তৰ–পূব সীমান্ত ৰে’লৱে, কৰ আয়ুক্তালয়, অসম দক্ষতা উন্নয়ন অভিযান, ক্রীড়া আৰু যুৱ কল্যাণ, শিক্ষা বিভাগ, আবকাৰী বিভাগ, বিত্ত বিভাগ, অসম লোকনির্মাণ বিভাগ, অসম ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰী, অগ্ণিনির্বাপক সেৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, এমট্র’ন, সেনাবাহিনীৰ ফ’ৰ ক’ৰ, সীমান্ত সুৰক্ষা বাহিনী, চি আই এছ এফ, স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য শিক্ষা সঞ্চালকালয়, অটল অমৃত অভিযান, অসম ৰাজ্যিক এইড্ছ কণ্ড্র’ল ছ’চাইটী, আয়ুস সঞ্চালকালয়, এন এইচ এম, পৰিবহণ আয়ুক্তালয়ৰ লগতে ৩৩খন জিলাৰ জিলা প্রশাসনকো সন্মান প্রদান কৰা হয়৷
তদুপৰি ৰাজ্যখনৰ প্রতিখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে ক’ভিড টেষ্ট সম্পাদন কৰা প্রতিটো লেবৰেটৰী, ১০৮ সেৱা, ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এপল’ হাস্পতাল, হেল্থচিটী, প্রতীক্ষা হাস্পতাল, নেম কেয়াৰ, এক্সেল কেয়াৰ, হায়াট ছুপাৰ স্পেচিয়েলিটী হাস্পতালক প্লাজমা দানৰ ক্ষেত্রত কৰা সহায়ৰ বাবে সন্মান প্রদান কৰা হয়৷ প্লাজমা দানৰ ক্ষেত্রত অনবদ্য বৰঙণি আগবঢ়োৱা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডকো সন্মান প্রদান কৰে৷
সেইদৰে লায়ন্স ক্লাব, গুৱাহাটী প্রেছ ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ, অসম ৰাজ্যিক বাৰ কাউন্সিলৰ লগতে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ ক্ষেত্রত সহায়–সহযোগিতা আগবঢ়োৱা ডনবস্ক’ বিশ্ববিদ্যালয়, গুৱাহাটী ডি পি এছ, এম এছ এম ই, ৰয়েল গ্ল’বেল ইউনিভার্ছিটী, হোটেল ঋতুৰাজ, মির্জাৰ পতঞ্জলি, সোণাপুৰ জিলা হাস্পতাল, কালাপাহাৰ ক’ভিড হাস্পতাল, চৰকাৰী আয়ুর্বেদিক কলেজ, ৰহমান ইনষ্টিটিউট, গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, ডাউন টাউন বিশ্ববিদ্যালয়, হাভার্ছ ইণ্ডিয়া লিমিটেড, অসম কৃষি বিশ্ববিদ্যালয়, অসম ইঞ্জিনীয়াৰিং কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অল ইণ্ডিয়া ৰেডি’, দূৰদর্শন কেন্দ্র, তথ্য আৰু জনসংযোগ বিভাগ, কিৰণশ্রী হোটেল, কাজিৰঙা ইংলিছ একাডমী আদিকো সন্মান প্রদান কৰা হয়৷
আনহাতে, স্বাস্থ্য সেৱা খণ্ডত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে দৌলাশাল মিনি পি এইচ ই, লখিমপুৰৰ চাপৰি আর্বান পি এইচ ই, সোণাপুৰ জিলা হাস্পতাল, তিনিচুকীয়া জিলা হাস্পতাল, হাফলং জিলা হাস্পতাল, ডিমৌ মডেল হাস্পতাল, হাউলী চি এইচ ই, ঢ়লমাৰা পি এইচ ইক আজিৰ এই অনুষ্ঠানতে বিভিন্ন শিতানত পুৰস্কৃত কৰা হয়৷ সেইদৰে আজিৰ দিনটোতে নতুনকৈ ১০০খন ১০৮ এম্বুলেঞ্চৰ শুভ উদ্বোধন কৰা হয়৷
আজিৰ এই অনুষ্ঠানত ভাষণত মন্ত্রী ড০ শর্মাই ক’ভিড যুঁজৰ সময়ছোৱাৰ কথা স্মৰণ কৰি কয় যে সমগ্র বিশ্বৰ লগতে অসম যেতিয়া ক’ভিড যুদ্ধৰ বাবে সাজু হ’বলগীয়া হৈছিল, সেই সময়ত ৰাজ্যখনত এটা পি পি ই কিট নাছিল, এটা লেবৰেটৰী নাছিল৷ সমুখত অজস্র সমস্যা থকাৰ পাছতো স্বাস্থ্য বিভাগে ক’ভিডৰ প্রত্যাহ্বান গ্রহণ কৰিব লগা হৈছিল৷
মানৱীয় চিন্তা আৰু মানৱীয় প্রমূল্যৰে স্বাস্থ্য বিভাগে অন্যান্য বিভাগ তথা অনুষ্ঠান–প্রতিষ্ঠান, ব্যক্তিৰ সহযোগত সেই যুদ্ধৰ বাবে আগবাঢ়ি গৈছিল৷ ক’ভিড যুঁজখনত সহায় আগবঢ়োৱা প্রতিটো প্রতিষ্ঠানক কৃতজ্ঞতা, সমবেদনা জ্ঞাপনৰ বাবে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ভাষণত তেওঁ কয় যে অসমত এতিয়ালৈ ডেৰ লাখ স্বাস্থ্য বিভাগৰ সৈতে জড়িত ব্যক্তিক ভেকচিন দিয়া হৈছে৷
এই ভেকচিনে এতিয়া স্বাস্থ্য বিভাগক অনাগত দিনত ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত কিছু সাহস যোগাব৷ যোৱা ১৬ জানুৱাৰীৰ দিনটো এক সোণালী দিন বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে দেশে সেই দিনটোতে দুটাকৈ ভেকচিন উদ্ভাৱন কৰি আত্মনির্ভৰশীলতাৰ নতুন দিনত ভৰি দিবলৈ সক্ষম হ’ল৷ আমেৰিকা, ৰাছিয়া, চীন, ব্রিটেইনৰ দৰে নিজ দেশত প্রথম ভেকচিন দিয়াৰ নীতি গ্রহণ নকৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্রতো ভেকচিন দিয়াৰ ব্যৱস্থা কৰিলে৷
ক’ভিড ভেকচিনে ভাৰতক বিশ্বগুৰুৰ স্থানলৈ উন্নীত কৰিলে৷ লকডাউন আৰু ক’ভিড–১৯ৰ জটিল সময়ছোৱাত অসমৰ স্বাস্থ্য বিভাগে বিভিন্ন বিভাগ আৰু অনুষ্ঠান–প্রতিষ্ঠানৰ্ সহযোগিতাত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে যি সময়ত ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ সৎকাৰ কৰিবলৈ পুত্র সাজু নাছিল, পুত্রৰ সৎকাৰ কৰিবলৈ পিতৃ সাজু নাছিল, সেই সময়ত জিলা প্রশাসনে ধর্মীয় ৰীতি–নীতিৰে সৎকাৰ কৰি মানৱ প্রেমৰ উজ্জ্বল নিদর্শন দাঙি ধৰিছিল৷
চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী, চাফাই কর্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ সেৱাৰ আদর্শৰে অনুপ্রাণিত হৈ আর্তজনক চিকিৎসা আৰু সহায়ৰ হাত আগবঢ়াইছিল৷ এবাৰ ক’ভিডত আক্রান্ত হৈ সুস্থ হৈ উঠাৰ পাছত পুনৰ সেইসকল চিকিৎসক–স্বাস্থ্যক ক’ভিড ৰোগীৰ চিকিৎসাত আত্মনিয়োগ কৰিছিল৷
আতংক আৰু সন্ত্রাসৰ মাজতো ২০২০ বর্ষটো মানৱ সেৱাৰ বাবে উৎকৃষ্টতম বছৰ বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে সেই বছৰটোতে মানুহ কেনেদৰে ভগৱানলৈ ৰূপান্তৰ হ’ব পাৰে, সেয়া ক’ভিড যুঁজখনে প্রতীয়মাণ কৰিছে৷ ক’ভিডে স্বাধীনতাৰ ৭০ বছৰ পাছত অসমক আত্মবিশ্বাস দিছে৷ অসমকে ধৰি উত্তৰ–পূব ভাৰত পূর্বতে ভাবি অহাৰ দৰে সমস্যাৰ দেশ যে নহয়, সেয়া প্রতিপন্ন কৰিছে৷
ইয়াৰ বাবে কেৰালা, ৰাজস্থান, দিল্লীৰ জনতাই নিজ নিজ চৰকাৰক কৈছিল– অসমে যদি পাৰে, তোমালোকে কিয় নোৱাৰা? ক’ভিড যুঁজখনে ৰাজ্যখনক আত্মবিশ্বাসেৰে পৰিপূর্ণ কৰাৰ লগতে ৰাজহুৱা স্বাস্থ্যখণ্ড শক্তিশালী কৰিলে৷ ক’ভিডকালৰ কথা স্মৰণ কৰি মন্ত্রী ড০ শর্মাই তেওঁৰ সুদীর্ঘ ৰাজহুৱা জীৱনত ২০২০ চনটো এটা পৰীক্ষা আছিল বুলিও ভাষণত উল্লেখ কৰে৷ অনাগত দিনত ক’ভিডে যাতে ৰাজ্যখনক আক্রান্ত কৰিব নোৱাৰে, তাৰ বাবে আটাইকে প্রয়োজনীয় সাৱধানতা নিষ্ঠাৰে ৰক্ষা কৰিবলৈ আহ্বান জনায়৷