নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিন লোৱাৰ পিছত মণিপুৰত অংগনৱাড়ী কর্মীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ দেশজুৰি ১ কোটিতকৈ অধিক হিতাধিকাৰীক ক’ভিড–১৯ ভেকচিনৰ প্রথম ড’জ প্রদান কৰা হৈছে৷ কিন্তু কালি মণিপুৰত ক’ভিড–১৯ ভেকচিনৰ প্রথমটো ড’জ লোৱাৰ পাছত অংগনৱাড়ী কর্মীৰ মৃত্যু ঘটিছে৷

চৰকাৰী সূত্রত প্রকাশ পোৱা মতে, ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ কুম্ভী টেৰাখাত যোৱা ১২ ফেব্রুৱাৰীত ডব্লিউ সুন্দৰী দেৱী নামৰ অংগনৱাড়ী কর্মীয়ে ক’ভিড–১৯ ভেকচিন লৈছিল৷ এই ভেকচিন লোৱাৰ এসপ্তাহ পাছত কালি অংগনৱাড়ী কর্মীগৰাকীৰ মৃত্যু হৈছে৷

কুম্ভী প্রাথমিক স্বাস্থ্যকেন্দ্রত যোৱা ১২ ফেব্রুৱাৰীত ভেকচিন লোৱাৰ পাছত সুন্দৰী দেৱী সুস্থ হৈ আছিল যদিও কালি হঠাতে শ্বাস–প্রশ্বাসত অসুবিধা পায়৷ সুন্দৰী দেৱীক চিকিৎসাৰ বাবে মৈৰাং সামূহিক স্বাস্থ্যকেন্দ্রলৈ অনা হয় যদিও তাতেই মৃত্যু ঘটে৷

অংগনৱাড়ী কর্মীগৰাকীৰ ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত মৃত্যু ঘটাক লৈ ৰাজ্যখনত চাঞ্চল্য সৃষ্ট হৈছে৷ ইপিনে মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রাণ হেৰুওৱা সুন্দৰী দেৱীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছে৷

You might also like