অধীক্ষকক তীব্র ককর্থনা খঙত অগ্নিশর্মা স্বাস্থ্যমন্ত্রী মহন্তৰ
নিয়মীয়া বাৰ্তা, ১৮ মে’: কাছাৰ–কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ লগতে চিকিৎসাৰ আন্তঃগাঁথনিৰ বুজ ল’বলৈ সোমবাৰে কৰিমগঞ্জত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ অসম্পূর্ণ আইচিইউ দেখি অগ্নিশর্মা হৈ পৰিল৷ সোমবাৰে পুৱাৰ ভাগত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত নির্মীয়মাণ অৱস্থাত থকা আইচিইউ প্রত্যক্ষ কৰিবলৈ গৈ ক্ষুব্ধ হৈ পৰা স্বাস্থ্যমন্ত্রীগৰাকীয়ে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক ২০ দিনৰ ভিতৰত আইচিইউটো সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷
উল্লেখ্য যে বিগত বর্ষত ক’ৰোনাৰ সংক্রমণৰ মাজতে কৰিমগঞ্জ চিকিৎসালয়খনত আইচিইউ নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিপর্যন্ত আইচিইউটো সম্পূর্ণ হৈ উঠা নাই৷ আইচিইউ কক্ষটোৰ এতিয়াও ৪০ শতাংশতকৈ অধিক কাম সম্পূর্ণ হ’বলৈ বাকী আছে৷ যি সময়ত ক’ৰোনা আক্রান্তৰ সংখ্যা প্রতিখন জিলাতে বৃদ্ধি পাবলৈ লৈছে, তেনে সময়তে কৰিমগঞ্জ চিকিৎসালয়ত আইচিইউ নির্মাণক লৈ হোৱা বেমেজালিক লৈ অগ্ণিশর্মা হৈ পৰা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ লগতে চিকিৎসালয়খনৰ অধীক্ষক অৰুণাভ চৌধুৰীকো তীব্র ককর্থনা কৰে৷
স্বাস্থ্যমন্ত্রীগৰাকীয়ে ২০ দিনৰ ভিতৰত আইচিইউৰ কাম সম্পূর্ণ হৈ নুঠিলে ঠিকাদাৰ প্রতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰ ভাবুকিও দিয়ে৷ তদুপৰি চিকিৎসালয়খনত লেতেৰা পৰিৱেশক লৈয়ো অধীক্ষক চৌধুৰীক আজি স্বাস্থ্যমন্ত্রীয়ে তীব্র ভাষাৰে সমালোচনা কৰে৷ ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়্ জিলাখনৰ চিকিৎসাৰ আন্তঃগাঁথনিৰ বুজ ল’বলৈ কৰিমগঞ্জ উপায়ুক্তৰ কার্যালয়ত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ মন্ত্রীগৰাকীয়ে কৰিমগঞ্জ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্রশাসনৰ তত্ত্বাৱধানত চলি থকা ক’ভিড প্রতিষেধক প্রদান কার্যসূচীও পৰিদর্শন কৰে৷
ইফালে এই পৰিদর্শনৰ পিছতেই সাংবাদিকৰ আগত মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে কৰিমগঞ্জ জিলা অসামৰিক চিকিৎসালয়ত শীঘ্রে এটা অক্সিজেন উৎপাদন প্রকল্প নির্মাণ কৰা হ’ব৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অনুমোদন জনোৱা এই প্রকল্পটোৰ নির্মাণ কার্য অহা ৪–৫ জুনৰ ভিতৰত আৰম্ভ কৰিব পৰা যাব৷ কৰিমগঞ্জৰ পিছতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ বিয়লি হাইলাকান্দি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদর্শন কৰি চিকিৎসাৰ বিভিন্ন দিশসমূহ পর্যলোচনা কৰাৰ লগতে আন্তঃগাঁথনিৰো বুজ লয়৷ মন্ত্রীগৰাকীয়ে হাইলাকান্দি জিলা অসামৰিক চিকিৎসালয়ৰ নৱনির্মিত আইচিইউ ৱার্ডৰ ভৱনটো পৰিদর্শন কৰি শীঘ্রে এই আইচিইউটো মুকলি কৰিবলৈ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক নির্দেশ দিয়ে৷ মন্ত্রীগৰাকীয়ে সন্ধিয়াৰ ভাগত উপায়ুক্তৰ কার্যালয়ত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ সন্দর্ভত বিভিন্ন দিশ পর্যালোচনা কৰে৷ এই বৈঠকতে মন্ত্রীগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে উপায়ুক্তক ক’ভিড কেয়াৰ চেণ্টাৰৰ ভিতৰচ’ৰাৰ চাফ–চিকুণতাত বিশেষ নজৰ দিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছতেই শিলচৰত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কাছাৰ জিলাত ক’ভিড ভেকচিন কেন্দ্রৰ সংখ্যা ৩৩টালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷
আজি স্বাস্থ্যমন্ত্রীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদর্শন কৰাৰ লগতে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পর্কতো জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে বিস্তৃত আলোচনা কৰিব৷ বৰাক ভ্রমণত সোমবাৰে মন্ত্রীগৰাকীক সংগ দিছে স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, স্বাস্থ্য সেৱা সঞ্চালক ড০ ৰথিন ভূঞা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মনৰ লগতে কেইবাজনো শীর্ষ বিষয়াই৷