ওদালগুৰিত স্বাস্থ্য সেৱা উৎসৱৰ সফল সামৰণি
বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ ওদালগুৰিত স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি পৰিল। তৃতীয় দিনটোত জিলাৰ ১৫খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ অংশ হিচাপে মূল্যায়ন হয়। বন বিভাগৰ চিলভিকালচাৰিষ্ট (silviculturist) বিষয়া দিবাকৰ দেৱে ধূপগুৰি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বামুনজুলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়ক (External Evaluator) হিচাপে মূল্যায়ন কৰে। ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (crime) মহম্মদ মুজ্জাফৰ হুছেইনে বৰেঙ্গাজুলি চাহ বাগিচা হাস্পাতালত চিকিৎসালয় আৰু সাৰেং নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মূল্যায়ন কৰে। বন বিভাগৰ নামনি অসম চাৰ্কোলৰ প্লানিং বিষয়া জয়ন্ত কুমাৰ নাথে পাউৰিপোতা ৰাজ্যিক চিকিসালয় আৰু লামাবাৰি চাহ বাগিচা হাস্পাতাল, পশ্চিম কামৰূপ ডিভিজনৰ বন বিষয়া সুবোধ তালুকদাৰে টংলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আৰু পানেৰি চাহ বাগিচা হাস্পাতালত মূল্যায়ন কৰে। আনহাতে ওদালগুৰি জিলাৰ বিভিন্ন বিভাগৰ ১৭গৰাকী জ্যেষ্ঠ বিষয়া তথা ৫গৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিষয়া তথা ওদালগুৰি জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানৰ ১২গৰাকী চিকিৎসা বিষয়াই মূল্যাংকন কৰে। উল্লেখযোগ্য যে জিলাখনৰ ৫০টা স্বাস্থ্য প্ৰতিষ্ঠান সামৰি আয়োজিত হোৱা তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ আজি সফলতাৰে সামৰণি পৰে।
প্ৰেৰক অখিল কলিতা