নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমে দহিছে বৰাক উপত্যকাক : কাছাৰত অধ্যাপকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ মে’ : গৰমে দহিছে গোটেই বৰাক উপত্যকা। বৰাকত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তাপমাত্ৰা। ২০২৩ চনতকৈ এইবাৰ সৰ্বাধিক তাপমাত্ৰা হোৱা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ দিনা বৰাকৰ তাপমাত্ৰা ৩৫ ডিগ্ৰী দেখুৱাইছে যদিও ই ৪৬ ডিগ্ৰী অনুভূত তাপমাত্ৰা। ইয়াৰ ফলতে মানুহ পথঘাটে অসুস্থ হৈ পৰিছে। কাছাৰ জিলাত গৰমত এগৰাকী কলেজ অধ্যাপকৰ মৃত্যু হৈছে। কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ কালাইন সত্যৰঞ্জন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক চয়ন ধৰ অত্যন্ত গৰমৰ বাবে অসুস্থ হৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হৈছে। গৰমৰ অসুস্থতাৰ বাবে কলেজৰ শিক্ষকৰ মৃত্যু হয়। এই ঘটনাই আশে-পাশে অঞ্চলত বিয়পি পৰিছে চাঞ্চল্য। কালাইন সত্যৰঞ্জন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক চয়ন ধৰৰ আকস্মিক মৃত্যুত কলেজ সহ কাটিগৰাৰ সকলো শ্ৰেণীৰ লোক মৰ্মাহত হৈ পৰিছে। জানিব পৰা মতে, বৃহস্পতিবাৰে সচৰাচৰৰ দৰে মহাবিদ্যালয়ত শিক্ষকতা কৰিবলৈ আহিছিল চয়ন ধৰে। কিন্তু পঢ়োৱাৰ আগতে হঠাৎ অত্যন্ত গৰমৰ বাবে অস্বস্তি অনুভৱ কৰিছিল। তাৰ পিছত ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীকেইজনে এখন অট’ত উঠি কালাইন হাস্পতাললৈ লৈ যায়। চিকিৎসালয় পোৱাৰ পিছত তেওঁ অচেতন হৈ পৰে। তাত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ খবৰ পাই তেওঁৰ একমাত্ৰ বৃদ্ধা মাতৃয়ে ততাতৈয়াকৈ কালাইন হাস্পতাললৈ যায়। মাত্ৰ ৪৭ বছৰ বয়সৰ এই আদৰ্শবাদী শিক্ষকজনৰ মৃত্যুত সকলো বাকৰুদ্ধ হৈ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ নামি আহিল। চয়ন ধৰৰ মৃতদেহ চিকিৎসালয়ৰ পৰা কালাইন সত্যৰঞ্জন মহাবিদ্যালয়লৈ লৈ যোৱা হয়। মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছত শিপা নাথ চৌধুৰী, প্ৰবীৰ দাস, দিপাংকৰ দাস, হৰণ দাস, সন্দীপ দাস, ৰেছাব দাস, কৌশিক দাস, সুব্ৰত দেৱ, ছুইটি সূত্ৰধৰ আৰু প্ৰিয়া বৈষ্ণৱৰ লগতে মহাবিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাবিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত চয়ন ধৰৰ মৃতদেহ পশ্চিম কাটিগড়াৰ কুছিয়াৰকুলত থকা ঘৰলৈ লৈ যোৱা হয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like