কমলাক্ষ পুৰকায়স্থক কাছাৰৰ দায়িত্বৰ পৰা অব্যাহতিৰ দাবীত শিলচৰ কংগ্ৰেছ ভৱনত উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : বিধায়ক কমলাক্ষ দে পুৰকায়স্থক কাছাৰৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ দাবীত সোমবাৰে শিলচৰ কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইন্দিৰা ভৱনত যুৱ কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় ৰণক্ষেত্ৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ সন্মুখতে কংগ্ৰেছীসকল লিপ্ত হয় হতাহতিত ৷ পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে এটা সময়ত হাতত বাঁহৰ টুকুৰা লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে অপূৰ্ব ভট্টাচাৰ্যকো আক্ৰমণ কৰিবলৈ চোঁচা লয় ৷ শিলচৰ পৌৰ নিগম নিৰ্বাচন সংক্ৰান্তত অপূৰ্ব ভট্টাচাৰ্যৰ উপস্থিতিত আহ্বান কৰা হৈছিল এখন বৈঠক ৷ ইয়াৰ পূৰ্বে কৰিমগঞ্জৰ পল্লৱ সিং নামৰ এজন যুৱ নেতাক শিলচৰ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিবলৈ প্ৰদেশ কংগ্ৰছৰ উপ-সভাপতি কমলাক্ষ দে পুৰকায়স্থই উঠিপৰি লগা বিষয়টো অপূৰ্ব ভট্টাচাৰ্যৰ দৃষ্টি আকৰ্ষণ কৰিছিল শিলচৰৰ কংগ্ৰেছ কৰ্মীসকলে ৷ পল্লৱ সিঙক কোনো ক্ষেত্ৰতে যুৱ কংগ্ৰেছৰ সভাপতি মানি নলয় বুলি স্পষ্ট কৰি দিছিল ক্ষুব্ধ কংগ্ৰেছীসকলে ৷ ইয়াৰ পিছতে দুটা ফৈদৰ মাজত সৃষ্টি হয় হতাহতি ৷ আৰু অৱশেষত ৰণক্ষেত্ৰৰ সৃষ্টি হয় । পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰক্ষী বাহিনী লৈ উপস্থিত হয়।
প্ৰেৰক গৌতম তালুকদাৰ