🔴সৰ্থেবাৰীৰ পৰা চৰকাৰী কাৰ্যালয় স্থানান্তৰিতক লৈ উত্তপ্ত ঐতিহাসিক সৰ্থেবাৰী
🔴চৰকাৰী কাৰ্যালয়ত ক’লা পতাকা উত্তোলন-ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ
🔴আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতি
🔴 অঞ্চলজুৰি পালিত হল নিস্প্ৰদীপ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : চৰকাৰী হঠকাৰী সিদ্ধান্তৰ লগতে অসম চৰকাৰৰ চুড়ান্ত বঞ্চনাই ঐতিহ্যমণ্ডিত সৰ্থেবাৰীত জ্বলাইছে ক্ষোভৰ জুই।সৰ্বদিশতে অৱহেলিত অনাদৃত অনগ্ৰসৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ আবেগক লৈ অসম চৰকাৰে হেতালি খেলি থকাৰ বাবে এতিয়া ধৈৰ্যৰ বান্ধ সুলকি পৰিছে ৰাইজৰ। যাৰ বাবে আজি সৰ্থেবাৰীত পালিত হল ক’লা দিৱস।ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ বিগ্ৰহ মন্দিৰৰ সমূখত ৰাইজে ক’লা পতাকা উত্তোলন কৰাৰ লগতে সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়,সৰ্থেবাৰী ডাকঘৰ, সৰ্থেবাৰী পৌৰ সভাৰ কাৰ্যালয়, ত্ৰিশখন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ত প্ৰতিবাদী লোকে ক’লা পতাকা উত্তোলন কৰি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ১৯৫৫ চনতেই নগৰলৈ উন্নীত হোৱা ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰী অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য কৰি আৰু ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ কথা ভাবি বহু বছৰ ধৰি সৰ্থেবাৰীক সদৰ হিচাপে লৈ পাকা আৰু সৰুক্ষেত্ৰী মৌজাক সাঙুৰি এটা নতুন বিধান সভাৰ সমষ্টি গঠনৰ বাবে দাবী উত্থাপন কৰি আহিছে। এইবাৰ এই সমষ্টি পুনৰগঠন সন্দৰ্ভত অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত পুনৰ এই দাবীক সবল ভাবে উত্থাপন কৰা হয় আৰু নিৰ্বাচন আয়োগৰ সমূখত সাক্ষ্য দিয়া হয়।পিছে খিলঞ্জীয়া ৰাইজৰ আবেগক ভৰিৰে মোহাৰি সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থক জ্বলাঞ্জলি দি সৰুক্ষেত্ৰী আৰু পাকা মৌজাক টুকুৰা টুকুৰকৈ কাটি বৃহত্তৰ সৰ্থেবাৰী অঞ্চলক অঙ্গক্ষত কৰি এই অঞ্চলক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ ষড়যন্ত্ৰহে কৰা হল। ৰাজনৈতিক ভাবে অস্তিত্বহীন হৈ পৰা বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এইবাৰ সৰ্থেবাৰীক উপজিলাৰ মৰ্যদা প্ৰদান কৰি সৰ্থেবাৰীত থকা সকলো কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰিলে।এই দাবী সন্দৰ্ভত যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা বিগত এমাহ ধৰি অঞ্চলটোৰ সংগ্ৰামী ৰাইজ ভকত বৈষ্ণব আৰু আইমাতৃ তথা ব্যৱসায়ী আৰু যুৱ সমাজে শান্তিপূৰ্ণ ভাবে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে।ইপিনে সৰ্থেবাৰীত থকা লোকনিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় কাৰ্যালয় সহকাৰী অভিযন্তাৰ কাৰ্যালয়টো নতুন নামকৰণ কৰি সৰ্থেবাৰীৰ পৰা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ গৃহ স্থান তথা কংগ্ৰেছৰ দূৰ্গ স্বৰূপ কয়াকুছিলৈ স্থানান্তৰিত কৰাৰ এক খবৰে অঞ্চলটোৰ ৰাইজক পুনৰ ক্ষোভিত কৰি তোলে। এই কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত যোৱা ঌ অক্টোবৰ তাৰিখৰ পৰা উপৰিউক্ত কাৰ্যালয়ৰ সন্মুখত অনিৰ্দিষ্টকালীন অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।ইয়াৰ মাজতে ৰাইজৰ এটি প্ৰতিনিধি দলে জিলা আয়ুক্তক সাক্ষাৎ কৰি এইষচৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।জিলা উপায়ুক্তই অসম চৰকাৰৰ কেবিনেট উপসমিতিৰ প্ৰতিবেদন দাখিল কৰা সময়লৈ আগৰ নিৰ্দেশনাবোৰ স্থগিত হৈ থাকিব বুলি কৈছিল। সমান্তৰালকৈ কেবিনেট উপসমিতিৰ দুগৰাকী সদস্য ক্ৰমে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাৰ লগতে সৰ্থেবাৰীৰ মৰ্ম বেদনা বুজিবলৈ উপ সমিতিক সৰ্থেবাৰীলৈ নিমন্ত্ৰণ জনায়।কিন্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি থাকোতেই কাৰ্যবাহী অভিযন্তা কৌশিক শৰ্মাই অসম চৰকাৰৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি কাৰ্যালয়ৰ বেৰত এখন জাননী ওলোমাই কয়াকুছিত যোগদান কৰে। ৰাইজৰ প্ৰতিবাদক ভৰিৰে মোহাৰি এইদৰে চৰকাৰী কাৰ্যালয়টো উঠাই নিয়াৰ ষড়যন্ত্ৰ কৰাত জ্বলা জুইত ঘিউ ঢলাৰ দৰে হৈ পৰে আৰু ক্ষোভিত সমগ্ৰ অঞ্চলটোৰ ৰাইজে আজি এই কাৰ্যৰ প্ৰতিবাদত কলা দিৱস পালন কৰে। আজি পুৱা ঌ বজাত ক্ষোভিত ৰাইজ লগ হৈ ক’লা পতাকা উত্তোলন কৰে।ইতিমধ্যেই প্ৰশাসনে সমগ্ৰ এলেকাতে আৰক্ষী মোতায়েন কৰি এই প্ৰতিবাদ ব্যৰ্থ কৰিবলৈ বেৰিকেড গঢ়ি তোলে। ৰাইজক ক’লা পতাকা উত্তোলনত অৰ্ধসামৰিক বাহিনীৰ লোক আৰু আৰক্ষীৰ লোকে বাধা প্ৰদান কৰি দুই তিনিখনমান ক’লা পতাকা কাঢ়ি লৈ যায়। ক’লা পতাকা কাঢ়িব বিচৰাক লৈ প্ৰতিবাদী জনতাৰ লগত আৰক্ষীৰ ঠেলাহেঁচা লাগে। সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ বিগ্ৰহ মন্দিৰৰ চাৰিওপিনে প্ৰতিবাদকাৰী জনতাই কেইবাটাও গোটত বিভক্ত হৈ ক’লা পতাকা উত্তোলন কৰাত আৰক্ষীৰ দল বিভ্ৰান্ত হৈ পৰে।একেদৰে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে মহিলা সকলে ওলাই আহি বলপূৰ্বক এখন ডাঙৰ কলা পতাকা উত্তোলন কৰে।ইপিনে অঞ্চলটোৰ যুৱক সকলে ওলাই আহি কেইবাটাও গোটত বিভক্ত হৈ ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ইপিনে সৰ্থেবাৰী সভাৰ খলাত প্ৰতিবাদকাৰীক বাধা দিয়াত আৰক্ষী ব্যস্ত হৈ থকা সময়তে সৰ্থেবাৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এইদৰে আজি সমগ্ৰ অঞ্চলটো টায়াৰৰ জুই,ক’লা পতাকা আৰু ধৰ্ণাত উত্তাল হৈ পৰে।অবশেষত সমগ্ৰ অঞ্চলটোৰ পৰা আৰক্ষীয়ে পুৰণা টায়াৰ জব্দ কৰি লৈ যাবলগীয়া হয়।এইদৰে উত্তাল প্ৰতিবাদ হোৱাত প্ৰতিবাদ স্থলিত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া। কিন্ত আন্দোলনৰ গতি দেখি পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকা আৰু অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্ৰ দাস আৰু চক্ৰ বিষয়া দীপাংকৰ বৰ্মন আহি ৰাইজক বুজনি দিয়ে। ৰাইজৰ ৰূদ্ৰ ৰূপ দেখি অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্ৰ দাসে জিলা আয়ুক্তৰ লগত কথা পাতি ইয়াৰ পৰা উঠাই নিয়া কাৰ্যালয় পূনৰ ইয়ালৈ আনি কেবিনেট উপসমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ সময়লৈ ৰখাৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰাত আন্দোলন কিছু সাম কাটে। ইপিনে পূৰ্বে ঘোষিত কাৰ্যসূচী অনুসৰিয়েই সৰ্থেবাৰীক উপজিলাৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত নিশা ৮ বজাৰ পৰা ৯ বজালৈ সমগ্ৰ অঞ্চলটোতে নিস্প্ৰদীপ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাইলৈ সমগ্ৰ অঞ্চলটোতে এই দাবী সন্দৰ্ভত বাইক ৰেলী কৰা হব বুলি জানিব পৰা গৈছে।
সৰ্থেবাৰী পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা
সমগ্ৰ সৰ্থেবাৰী অঞ্চলত তীব্ৰ আন্দোলন হৈ থকাৰ সময়তে সৰ্থেবাৰী পৌৰসভাত এগৰাকীও বিষয়া উপস্থিত নথকাৰ আৰু পৌৰপতি গৰাকী উপস্থিত নথকাৰ কাৰ্যত ক্ষুন্ন হৈ পৰা ৰাইজে কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ণা দি প্ৰতিবাদকাৰীসকলে কাৰ্যালয়টোত তলাবন্ধ কৰি দিবলৈ উদ্যত হয়। এই আন্দোলন চলি থাকোতেই ঘটনাস্থলীত উপস্থিত হৈ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনে ৰাইজক বুজনি দিয়াৰ লগতে চৰকাৰী কৰ্মচাৰী উপস্থিত নথকা আৰু পৌৰপতিয়ে ধাৰাবাহিকভাবে অনুপস্থিত থকা সম্পৰ্কত উৰ্ধতম কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত ৰাইজে সাময়িক ভাবে আন্দোলন প্ৰত্যাহাৰ কৰে।
অগপৰ পৰা সামূহিক পদত্যাগৰ সিদ্ধান্ত
সমগ্ৰ সৰ্থেবাৰী অঞ্চলক চুড়ান্ত ভাবেসকৰা প্ৰতাৰণা বঞ্চনাৰ ক্ষোভত ক্ষোভিত হৈ পৰিছে সৰ্থেবাৰীৰ সৰ্বস্তৰৰ ৰাইজ। চৰকাৰী বঞ্চনাৰ বাবে ক্ষোভিত ৰাইজে শাসকীয় দলৰ নেতা পালিনেতাক দলৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাই আছে। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি দি কাইলৈ সৰ্থেবাৰী আঞ্চলিক অসম গণ পৰিষদৰ পৰা সমিতিখনে সামূহীক ভাবে কাইলৈ পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে। কাইলৈ অগপৰ প্ৰতিস্থা দিৱস আৰু এই প্ৰতিস্থা দিৱসৰ দিনাই সামূহীক পদত্যাগ কৰিব অগপ দলৰ নেতা কৰ্মীয়ে।
প্ৰেৰক নকুল তালুকদাৰ