নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ টিংখাঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত “বাগানে বাগানে কংগ্ৰেছ” কাৰ্যসূচীত আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক ৰকিবুল হুছেইন, পৱনসিং ঘাটোৱাৰ, এটোৱা মুণ্ডা, বিপুল গগৈ, প্ৰণতি ফুকন আদি নেতাৰ উপস্থিতিত টিংখাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল “বাগানে বাগানে কংগ্ৰেছ” কাৰ্যসূচী। সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ দি থকা অৱস্থাতে বিজেপিৰ সমৰ্থক কেইজনমান যুৱকে হঠাৎ বিজেপি জিন্দবাদ ধ্বনি দিয়াৰ লগে লগেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। এনে পৰিস্থিতিত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা হোৱাৰ লগতে হতাহতিৰ সৃষ্টি হয়। দুয়োপক্ষৰ উপস্থিতিত পৰিবেশ উত্তাল হৈ পৰে। উক্ত যুৱককেইজনক কংগ্ৰেছ কৰ্মীসকলে সভাস্থলীৰ পৰা প্ৰহাৰ কৰি খেদি উলিয়াই পঠিয়ায়। এই বিষয়টোক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতা পৱনসিং ঘাটোৱাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰশাসনৰ পৰা অনুমতি লৈ এই সভা অনুষ্ঠিত কৰা হৈছে। গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে। গতিকে বিজেপিয়ে শংকিত হৈ এনে বেআইনী কাৰ্য সংঘটিত কৰিছে। উক্ত যুৱককেইজনক সভাস্থলীৰ পৰা খেদাই দিয়াৰ পাছত  পৰিস্থিতি শান্ত হোৱাত পুনৰ সভাৰ কাম আৰম্ভ হয়।  ইফালে কংগ্ৰেছৰ ক্ৰমাগত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈ টিংখাঙত বিজেপিয়ে এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে বুলি উল্লেখ কৰাৰ লগতে এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে কংগ্ৰেছৰ নেতা কৰ্মী সকলে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like