নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ১০ জুলাইঃ এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি আজি যোৰহাট মেডিকেল কলেজ হাস্পতালত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসক নাৰ্চৰ গাফিলতিত শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ তুলি পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যোৰহাট মেডিকেল কলেজ হাস্পতালত। শিশুটিৰ মৃত্যুত ক্ষুব্ধ পৰিয়ালৰ লোক আৰু একাংশ আত্মীয়ই শিশু আই চি ইউৰ ক্ষতি কৰাৰ লগতে যোৰহাট মেডিকেল কলেজ হাস্পতালত বিভিন্ন স্থানত বিস্তৰ ক্ষতি কৰে। ক্ষুব্ধ একাংশ লোকে পৰিস্থিতি ইমানেই ভয়ানক কৰি তোলে যে মেডিকেল কলেজ হাস্পতালৰ নিৰাপত্তাৰক্ষীও সাৰি নগল। কৰ্মৰত নিৰাপত্তাৰক্ষীৰক্ষী হাস্পতালৰ পৰা ওলোৱাৰ পিছত ক্ষুব্ধ লোকে খেদি খেদি আক্ৰমণ কৰিবলৈও উদ্যত হয়। পিছত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ,যোৰহাটৰ মাছৰহাট অঞ্চলৰ মঞ্জীত দাস আৰু শিৱানী দাসৰ এবছৰীয়া কন্যা আয়ুশ্ৰী দাস বিগত কিছু দিন ধৰি জ্বৰত আক্ৰান্ত হৈ থকাৰ বাবে চাৰি দিনৰ পূৰ্বে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাৰ পিছত ক্ৰমাৎ শিশু টি সুস্থ হৈ উঠিছিল। আজিও পুৱাৰ ভাগত লৈকে নাচি বাগী থকা আয়ুশ্ৰীক এগৰাকী নাৰ্চ্ছে এটা বেজী দিয়াৰ পিছতেই হঠাৎ শিশুটি সংজ্ঞাহীন হৈ পৰে। পিছত শিশুটিক তৎক্ষণাৎ শিশু আই চি ইউলৈ যোৱা হয় যদিও মৃত্যুক আঁকোৱালি ললে আয়ুশ্ৰীয়ে। শিশুটি সংজ্ঞাহীন হোৱাৰ পিছতেই বেজী দিয়া নাৰ্চগৰাকীয়ে পলায়ন কৰা বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে। কাইলৈ শিশুটিৰ জন্মদিন উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিয়ালৰ লোকে আকস্মিক ভাবে শিশুটিক হেৰুৱাই ক্ষোভিত হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে আৰু মেডিকেল কলেজ হাস্পতালত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত পৰবৰ্তী সময়ত যোৰহাট মেডিকেল কলেজ হাস্পতালত এক অনাহূত পৰিস্থিতিৰ উদ্ভৱ কৰে শিশুতিৰ পৰিয়াল আৰু আত্মিয়ই। পিছত জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত মেডিকেল কলেজ কৰ্টিপক্ষই শিশুটিৰ মৃতদেহ পৰিয়ালক অৰ্পন কৰে। আজি সংঘটিত হোৱা এই অনাকাংখিত পৰিস্থিতিৰ পিছত যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষক মানৱ গোহাঁইয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ ঘোষণা কৰিছে আৰু এখন তদন্ত কমিটি গঠন কৰি দিছে। কমিটীয়ে অতি সোনকালেই ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।ইফালে এই ঘটনাৰ পিছত যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ক্ষতি  কৰাৰ সন্দৰ্ভত অধীক্ষকগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছে।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like