নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু চুৰিৰ সন্দেহত নগাঁৱৰ বিহুচাৱৰত উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ নগাঁৱৰ বিহুচাৱৰত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰু চুৰি সন্দেহত দুই যুৱকক ৰাইজে আৱদ্ধ কৰি ৰাখে। ৩ হাল বলধ গৰুৰ সৈতে এখন মিনি ভান আৰু ২জন যুৱকক আৱদ্ধ স্থানীয় ৰাইজৰ। চুৰি গৰু সৰবৰাহৰ লগত জৰিতৰ সন্দেহত স্থানীয় ৰাইজে আবদ্ধ কৰিলে ২ যুৱকসহ তিনিহাল বলধ গৰুক। ঘটনাস্থলীত বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ সন্দেহযুক্ত যুৱককেইজনক আটক কৰি লৈ যাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে আৰক্ষীক বাধা প্ৰদান কৰে। উল্লেখযোগ্য যে ঘাঁহী বিহুচাৱৰ অঞ্চলত গৰু চোৰে একপ্ৰকাৰে ত্ৰস্তমান কৰি ৰাখিছে গাঁওবাসীক। বিগত ১ মাহত ৫০০তকৈয়ো অধিক দমৰা, বলধ, খীৰতী গাই এই অঞ্চলৰ পৰা চোৰে লৈ যাবলৈ সক্ষম হৈছে।অৱশ্যে যুৱক কেইজনে তেওঁলোকৰ বিৰুদ্ধে অনা এই অভিযোগক একমুখে নসাৎ কৰি ব্যক্তিগতভাৱেহে বজাৰৰ পৰা গৰু ক্ৰয় কৰি অনাৰ কথা উল্লেখ কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like