থিয়েটাৰৰ লাভৰ ধনেৰে দুখীয়া মেধাৱী শিক্ষাৰ্থীক শৈক্ষিক সাহায্য় প্ৰদান
নলবাৰীৰ পানীগাওঁ আঞ্চলিক উন্নয়ন সমিতিৰ ব্যতিক্ৰমী প্ৰয়াস
নাট প্ৰদৰ্শনৰ বাবে থিয়েটাৰ আহ্বান কৰি থিয়েটাৰৰ লাভৰ ধনেৰে দুখীয়া মেধাৱী শিক্ষাৰ্থীক সাহাৰ্য প্ৰদান কৰি উল্লেখনীয় মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে নলবাৰী জিলাৰ পানীগাওঁ আঞ্চলিক উন্নয়ন সমিতিয়ে।
জিলাখনৰ শনি ৰোড চ’কত থকা পানীগাওঁৰ আদৰ্শ বালিকা বিদ্যাপীঠ হাইস্কুল প্ৰাঙ্গনত শনিবাৰে সন্ধিয়া বৰদৈচিলা থিয়েটাৰৰ মঞ্চত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন পানীগাওঁ, বনগাওঁ, বৰনৰ্দ্দী অঞ্চলৰ পাঁচগৰাকী দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সাহাৰ্য প্ৰদান কৰে।
উল্লেখ্য যে, অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ ‘বৰদৈচিলা থিয়েটাৰ’ৰ ২০২৫-২৬ নাট্য বৰ্ষৰ ২৮সংখ্যক উদ্বোধনী অনুষ্ঠানৰ শেষৰ দিনাৰ নাট্য সন্ধিয়াত উন্নয়ন সমিতিৰ সম্পাদক দ্বীপেন দত্তই আঁত ধৰা ‘কৃতি শিক্ষাৰ্থীক শৈক্ষিক সাহাৰ্য্য প্ৰদান অনুষ্ঠান’ত পানীগাওঁৰ মিলন হাইস্কুলৰ ছাত্ৰ কৌশিক হালৈ,ব নগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী গৰিমা ডেকা, পানীগাওঁৰ আদৰ্শ বালিকা বিদ্যাপীঠৰ ছাত্ৰ সৌৰভ জ্যোতি বৰ্মন, বৰনৰ্দ্দী ছোৱালী হাইস্কুলৰ ছাত্ৰী শ্ৰেয়াঙ্গী ডেকা, পানীগাওঁৰ আদৰ্শ বালিকা বিদ্যাপীঠৰ ছাত্ৰী কৰবী বৰ্মনক গামোছা, কিতাপৰ টোপোলা, বহীৰ টোপোলা, কলম, ছাতি, নগদ ৩ হাজাৰ টকাসহ শৈক্ষিক সামগ্ৰী প্ৰদান কৰি সন্মানিত কৰে।
উক্ত অনুষ্ঠানত আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ঘনশ্যাম বৰ্মন,বিশিষ্ট শিক্ষাবিদ, লেখক,জনপ্ৰিয় কবি ডঃ বিনয় কুমাৰ মজুমদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সহযোগী অধ্যাপক চম্পক গোস্বামী, বিশিষ্ট নাট্য শিল্পী ধীৰেণ কুমাৰ বৰ্মন,স্থানীয় মধুপুৰ জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মন,স্থানীয় যুৱ সমাজকৰ্মী বসন্ত বৰ্মন,বিশিষ্ট নিবন্ধকাৰ-নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, বিশিষ্ট সাংবাদিক ব্ৰজেন তালুকদাৰ,এম মহিবৰ ৰহমান,অসম প্ৰদেশ সাংবাদিক সন্থাৰ সভাপতি অৰূপ ৰঞ্জন বৰ্মন, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি চন্দন কুমাৰ শৰ্মা, সাংবাদিক অজিত বৰ্মন প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই অনূষ্ঠানৰ অন্তত আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ঘনশ্যাম বৰ্মনে জানিবলৈ দিয়া মতে, প্ৰতি বছৰে এনেদৰে আমন্ত্ৰন কৰা ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত থিয়েটাৰৰ লাভ্যাংশৰ ধনেৰে বৃহত্তৰ অঞ্চলটোৰ অতি দুখীয়া পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সাহাৰ্য্য প্ৰদান কৰি অহা হৈছে। কেতিয়াবা লাভ নহ’লেও আমাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰাও প্ৰতিবছৰে এনেদৰে শৈক্ষিক সাহাৰ্য্য প্ৰদান কৰি ৰাইজৰ আশীৰ্বাদ লাভ কৰিছোঁ।
বিশেষ বাৰ্তা, নলবাৰী, ২৪ আগষ্ট