নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২৪ জুনঃ সমগ্ৰ দেশতে বতৰৰ ভিন্ন পৰিস্থিতি চলি আছে। ক’ৰবাত বৰষুণ আৰু ক’ৰবাত গৰম। এনে পৰিস্থিতিত মুম্বাইবাসীৰ বাবে এটা ভাল খবৰ আহিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি দক্ষিণ-পশ্চিম চহৰখনত বাৰিষা হোৱাৰ সম্ভাৱনা আছে। কিন্তু যোৱা কিছুদিন ধৰি হোৱা বৰষুণৰ বাবে মুম্বাইৰ ৰাস্তা-ঘাট পানীৰে ভৰি পৰিছে।  মুম্বাই পৌৰ নিগমে টুইট কৰি জনাইছে যে আজি মুম্বাই চহৰ আৰু উপকণ্ঠ অঞ্চলত ডাৱৰীয়া হ’ব আৰু লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ একাংশ অঞ্চলত বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে। বিজ্ঞান কেন্দ্ৰটোৰ মতে আগন্তুক ৫ দিনলৈ বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবেই জাৰি কৰা হৈছে Yellow Alert। ইয়াৰ সমান্তৰালকৈ বতৰ পূৰ্বাভাস সংস্থাই পূর্বে উল্লেখ কৰিছিল যে ২৪ জুনৰ ভিতৰত বাৰিষা মুম্বাইত সোমোৱাৰ সম্ভাৱনা আছে যদিও এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷  অহা ২ দিনৰ ভিতৰত ছত্তীশগড়ৰ কিছু অংশ, ঝাৰখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছু অংশলৈ দক্ষিণ-পশ্চিম বাৰিষাৰ অধিক আগবাঢ়ি যোৱাৰ বাবে পৰিস্থিতি অনুকূল। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৬ জুনলৈকে ওড়িশাত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আনহাতে, আজি বিহাৰ আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।উত্তৰ-পশ্চিম ভাৰতত ২৭ জুনলৈকে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ২৪-২৬ জুনলৈকে উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

You might also like