নেৰানেপেৰা বৰষুণসৃষ্ট বানত ক্ষতিগ্ৰস্ত শিমলীতোলা-সুতাৰপাৰাৰ খেতিয়ক
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলা, সুতাৰপাৰা-গাৰোমাৰী, টোপলাখোৱা, ভেৰভেৰী, জিয়াগুৰী পথাৰত শেহতীয়াকৈ প্ৰায় পষেকদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিপৰ্যয় নামিছে কৃষক ৰাইজৰ মাজত৷ বৰষুণৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত উল্লেখিত গাঁৱৰ দ ঠাইৰ খেতিপথাৰসমূহ বৰষুণৰ পানীয়ে বুৰাই পেলোৱাত অঞ্চলটোৰ দুখীয়া কৃষকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুখীয়া কৃষকে আশাৰে কৰা ইৰি-বৰোধানৰ খেতি বৰষুণৰ পানীয়ে হঠাৎ বুৰাই পেলোৱাত আধাপকা ধানবোৰ সমূলি বিনষ্ট হ’ল৷ বহু কৃষকে ডুৱযোবা ধানকে কাটি গৰু-ম’হক খুৱাবলগীয়া হৈছে৷ উল্লেখ্য যে অতিমাত্ৰা বৰষুণৰ ফলতেই পূৱ গোৱালপাৰা সুতাৰপাৰা, গাৰোমাৰী, পালপাৰা, টোপলাখোৱা, জিয়াগুৰী, ভেৰভেৰী আদি কৰি কেইবাখনকৈ গাওঁৰ শ শ বিঘা ধাননি পথাৰ বুৰাই পেলোৱাত কৃষকৰ লগতে কৃষক পৰিয়ালৰ মাজত কাল অমানিশা নামি পৰিছে ৷ অধিক লাভৰ আশাৰে নিজৰ সাচতীয়া ধন ব্যয় কৰাৰ উপৰিও বেংকৰ পৰা ঋণ লৈ কৰা ইৰি-বৰো খেতি বৰষুণৰ পানীয়ে বিনষ্ট কৰাত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল ৷ বেংকৰ ঋণ পৰিশোধ কেনেকৈ কৰিব তাকে লৈ চিন্তিত হোৱা দুখীয়া কৃষক ৰাইজৰ আজিলৈকে কিন্তু খৱৰ লোবা নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে ৷ সকলো জানি শুনিও দুখীয়া কৃষকৰ দুৰ্দিনত কৃষক বিভাগটোৰ বিষয়া কৰ্মচাৰী থিয় হোবাতো দূৰৰে কথা আজিলৈকে খৱৰ নোলোৱাৰো অভিযোগ উথাপন হৈছে ৷শীঘ্ৰে ইৰি বোৰো ধান খেতি কৰি বৃহৎ লোকচানৰ সন্মুখীন হোবা দুখীয়া কৃষকক চৰকাৰ তথা কৃষি বিভাগে উচিত ক্ষতিপূৰণ দিয়াৰ দিহা কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস