মুষলধাৰ বৰষুণ–ভয়ংকৰ বানত গুৱাহাটীত মহাপ্ৰলয় , প্রাণহানি ৫
ভূমিস্খলনত বোন্দা–চপাইডঙৰ দৈমুগুৰিত মাতৃ–পুত্র, শিশুৰ মৃত্যু
দতালপাৰাত শিশুৰ মৃত্যু, মেঘালয়ৰ পৰা নমা বৃহৎ পানীৰ ধলে প্লাৱিত কৰিলে যোৰাবাটৰ পৰা বৰাগাঁও পর্যন্ত ২৭নং ৰাষ্ট্রীয় ঘাইপথ
পাঞ্জাবাৰী–হাতীগাঁও-বশিষ্ঠপুৰ–চানমাৰি নগৰত ৰাইজৰ শোচনীয় অৱস্থা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : ভয়ংকৰ বতাহ–বৰষুণে ৰাজ্যৰ বিভিন্ন প্রান্তত জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্রা ব্যাহত কৰি তোলাৰ সময়তে প্রকৃতিৰ ৰোষত পৰিছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী৷ একেলেথাৰিয়ে অহা বৰষুণৰ লগতে বতাহে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বাসিন্দাৰ সা–সম্পত্তি ধ্বংস কৰে৷
এই মহাদুর্যোগত মহানগৰীত শিশু–মহিলাসহ পাঁচজনৰ প্রাণহানি হয়৷ মহানগৰীৰ দতালপাৰাৰ নতুন বস্তিত পাহাৰৰ পৰা নামি অহা পানীৰ ধলে গার্ডৱাল ভাঙি এটি শিশুৰ মৃত্যু হৈছে৷ মৃত শিশুটিৰ নাম দ্বীপজ্যোতি বড়ো(১০)৷ গার্ডৱাল ভাঙি পৰাত শিশুটিৰ বায়েক তানিয়া বড়ো গুৰুতৰভাৱে আহত হয়৷ সম্প্রতি তানিয়া জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷
আনহাতে, বোন্দাই চপাইডঙৰ দৈমুগুৰিত মাতৃ–কন্যা আৰু এটি কন্যাৰ ভূমিস্খলনত প্রাণহানি হোৱাৰ লগতে মালিগাঁৱতো এজন লোকৰ অনুৰূপ ঘটনাত মৃত্যু হয়৷ দৈমুগুৰিৰ ৩৫ বছৰীয়া পুনম গোস্বামী আৰু চাৰি বছৰীয়া কন্যা নীলাক্ষি গোস্বামীৰ ভূমিস্খলনত মৃত্যু ঘটে৷ তেওঁলোকৰ সমীপতে থকা চাৰি বছৰীয়া কন্যা ৰঞ্জিতা বড়োৰ ভূমিস্খলনত প্রাণহানি হয়৷
আনহাতে, বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি ৰাজ্যৰ ২২খনকৈ জিলাত ৰেড এলার্ট জাৰি কৰা হৈছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য জিলাত ১০টা স্থানত ৩০ মিলিমিটাৰৰ অধিক বৰষুণ আজি আহিছে৷ একেলেথাৰিয়ে মাজনিশাৰে পৰা অহা কলহ কাণে ঢ়লা বৰষুণে মহানগৰী গুৱাহাটীৰ বিস্তীর্ণ অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰে৷
কৃত্রিম বানৰ প্রৱণতা ইমানেই ভয়ানক আছিল যে খানাপাৰাৰ পৰা বৰাগাঁও পর্যন্ত ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ এটা অংশ সম্পূর্ণ পানীয়ে বুৰাই পেলায়৷ একেদৰে মহানগৰীৰ ৱায়াৰলেছ, ৰুক্মিণীগাঁও, হাতীগাঁও, পাঞ্জাবাৰী, অনিল নগৰ, নবীন নগৰ, শিলপুখুৰী, বি বৰুৱা কলেজ ৰোড, আমবাৰী, আৰ জি বৰুৱা পথ, লালগণেশ, কাহিলিপাৰা গণেশ টার্নিং, সাতগাঁও, বশিষ্ঠপুৰ, বশিষ্ঠাশ্রম দেৱালয়, চানমাৰি আদি এলেকাত ভয়ংকৰ কৃত্রিম বানৰ সৃষ্টি হয়৷ একেলেথাৰিয়ে বৰষুণ আহি থকাৰ বাবে উক্ত অঞ্চলসমূহৰ ভিতৰত ৰুক্মিণীগাঁও, হাতীগাঁও, পাঞ্জাবাৰী, জুৰিপাৰ, বৰাগাঁও, বশিষ্ঠপুৰত বর্তমানেও বান পৰিস্থিতি অপৰিৱর্তিত হৈয়ে আছে৷
বিশেষকৈ ৰুক্মিণীগাঁও, হাতীগাঁও, অনিল নগৰ আৰু বশিষ্ঠপুৰত ৰাইজে জলবন্দী হৈ নিজ গৃহতে আবদ্ধ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ মহানগৰ জিলা প্রশাসন, এছডিআৰএফ, এনডিআৰএফ আৰু অসম আৰক্ষীয়ে উক্ত অঞ্চলসমূহত বর্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ৰাবাৰ বোটেৰে বহু অঞ্চলত আবদ্ধ নাগৰিকক ঘৰৰ পৰা উলিয়াই সুৰক্ষিত স্থানলৈ নিয়া পৰিলক্ষিত হ’ল৷ একেধৰণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ন–মাইল, যোৰাবাট আৰু খানাপাৰাত৷ মেঘালয়ৰ পাহাৰ অঞ্চলৰ পৰা নামি অহা বৃহৎ পানীৰ ধলে উক্ত তিনিওটা অঞ্চলত প্রবল বানৰ সৃষ্টি কৰে৷
যাৰ বাবে বহু সময় ধৰি সাধাৰণ ৰাইজৰ লগতে স্কুল বাছতো আবদ্ধ হ’বলগীয়া হ’ল কণ কণ ছাত্র–ছাত্রীসকল৷ উক্ত অঞ্চলকেইটাত সৃষ্টি হোৱা ভয়ংকৰ বানৰ পানীৰ ধল জুৰিপাৰৰ পিনে নামি অহাৰ পাছত পাঞ্জাবাৰী, ছয়মাইল আদি এলেকাৰ বাসিন্দাসকলে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ একেদৰে চানমাৰিত আজি সৃষ্টি হোৱা সাগৰসদৃশ পৰিস্থিতিৰ মাজতে কেইবাগৰাকীও লোকে পানীৰ মাজেৰে গৈ থকাৰ সময়তে এগৰাকী যুৱতী হঠাতে নলাত পৰি যোৱাত হাহাকাৰৰ সৃষ্টি হয়৷ অৱশ্যে উপস্থিত ৰাইজে লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰাত ভয়ংকৰ বিপদৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ল৷
একপ্রকাৰ মুষলধাৰ বৰষুণৰ বাবে আজি মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যজুৰি জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিল৷ কৃত্রিম বানৰ ভয়াৱহতা ইমানেই আছিল যে মহানগৰীৰ কেইবাস্থানতো ভৰলু নৈৰ গার্ডৱালৰ ওপৰেৰে পানী বাগৰা পৰিলক্ষিত হ’ল৷ একেদৰে কোবাল গতিত ওখ ঠাইৰ পৰা নামি অহা পানীৰ বাবে ওফন্দি উঠিল বশিষ্ঠাশ্রমৰ সন্ধা–ললিতা–কান্তা নৈ৷ নৈখনৰ ভয়ংকৰ সোঁতে কাষৰীয়া কেইবাটাও অঞ্চলত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰে৷
ইয়াৰ সমান্তৰালভাৱে ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ অন্তর্গত বৰাগাঁৱত কৃত্রিম বানৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হ’ল৷ সৰু–বৰ বহুসংখ্যক গাড়ী বানৰ পানীত আবদ্ধ হৈ মাজৰাস্তাতে বেয়া হৈ পৰাত সমস্যাৰ সন্মুখীন হ’ল বহু লোক৷ সন্ধিয়াৰ ভাগলৈ বৰষুণৰ তীব্রতা কমি নোযোৱাৰ ফলত পৰিস্থিতি অধিক শোচনীয় হোৱাৰ দিশলৈ গতি কৰিছে বুলি জানিব পৰা গৈছে৷ কৃত্রিম বানে মহানগৰীৰ বিভিন্ন প্রান্তৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা ৰুদ্ধ কৰাৰ সময়তে বানক লৈ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে নগৰ পৰিক্রমা উন্নয়ন দপ্তৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই৷
মেঘালয়ৰ পৰা নামি অহা বৃহৎ পানীৰ ধলৰ বাবেই গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি অধিক ভয়ানক হৈ পৰা বুলি উল্লেখ কৰি মন্ত্রী বৰুৱাই কয় যে কিছুবছৰ পূর্বলৈকে মহানগৰীত কৃত্রিম বান হোৱাৰ পাছত সকলো স্তব্ধ হৈ পৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰে কৃত্রিম বান ৰোধ কৰাৰ বাবে লোৱা বিভিন্ন প্রচেষ্টাৰ কাৰণেই আজি বান হ’লেও মহানগৰীৰ এটা অংশৰ যাতায়াত স্তব্ধ হৈ পৰা নাই৷ মহানগৰীৰ বান নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ৰ পৰা নামি অহা পানীয়ে মহানগৰীৰ ক্ষতি কৰিব নোৱাৰাৰ বাবে আমি কিছু পদক্ষেপ হাতত লৈছোঁ৷
কইনাধৰাৰ পৰা গুৰুদ্বাৰ, পামহী, দীপৰ বিল হৈ ব্রহ্মপুত্রলৈ মহানগৰীৰ অতিৰিক্ত পানীখিনি বোৱাই নিবলৈ এটা চেনেল উন্নত কৰি থকাৰ লগতে খানাপাৰাৰ পিএনআৰডি অফিচৰ পিছফালৰ পৰা জুৰিপাৰ, শিলসাঁকো, বোন্দাজানলৈ আন এটা চেনেল নির্মীয়মাণ অৱস্থাত আছে৷ এই দুয়োটা চেনেল সম্পূর্ণ হৈ উঠিলে কৃত্রিম বানৰ প্রভাৱ বহুলাংশে কমি যাব৷ সম্প্রতি কেঁচা নলা খান্দি ৰাষ্ট্রীয় ঘাইপথৰ পানীখিনি নিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও কালি নিশাৰ পৰা বহু পৰিমাণৰ পানী মেঘালয়ৰ পৰা নামি আহিছে৷ যাৰ বাবে নলাকেইটাই পানী যিধৰণে সংবহন কৰিব লাগিছিল, সেইধৰণে কৰা নাই৷ আমাৰ এটা দীর্ঘম্যাদী পৰিকল্পনা মহানগৰীৰ বান নিয়ন্ত্রণৰ বাবে আছে৷ সকলোৱে চৰকাৰক সহায় কৰিলে নিশ্চয়কৈ মহানগৰীৰ বান নিয়ন্ত্রণ হ’ব৷ অৱশ্যে ইয়াৰ বাবে কিছুসময়ৰ প্রয়োজন হ’ব বুলিও মন্ত্রীগৰাকীয়ে লগতে কয়৷
এজাক বৰষুণতে কৃত্রিম বানত ডুব যোৱা গুৱাহাটী মহানগৰীৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰি ৰাইজক আস্থালৈ আনিবলৈ চৰকাৰক আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ যি কি নহওক, মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত হোৱা ভয়ংকৰ বৰষুণে জনসাধাৰণক আতংকিত কৰি তুলিছে৷ ভয়ংকৰ কৃত্রিম বানৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে দুটা হেল্পলাইন নম্বৰ আজি মুকলি কৰিছে৷ নম্বৰ দুটা হৈছে ০৩৬১–১০৭৭ আৰু ৯৩৬৫৪–২৯৩১৪৷