নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ১৫ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতি কৰাৰ লগতে কামৰূপ জিলাৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে সাপৰটাৰীতো যোৱা নিশা ধুমুহাই ঘৰ-বাৰী তচনচ কৰে। হঠাতে অহা ধুমুহাই ছয়গাঁৱৰ টাৰীগাঁও ৰাজহ গাঁৱৰ সাপৰটাৰীৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে গছ বাগৰি বিদ্যুতৰ তাঁৰ চিঙি বাট-পথ সকলো বন্ধ কৰি পেলায়। পাছত স্থানীয় ৰাইজে নিশাই বিদ্যুৎ বিভাগক অৱগত কৰি পথটো যাতায়াত কৰিব পৰাকৈ মুকলি কৰে যদিও বাতৰি লিখা পৰলৈকে দুৰ্দশাগ্ৰস্ত পৰিয়ালকেইটাৰ থানথিত লগাব পৰা নাই। জানিব পৰা মতে সাপৰটাৰী নোৱাভিঠাস্থিত চিণ্টু কলিতাৰ একমাত্ৰ থকা ঘৰটো ধুমুহাই উৰুৱাই নিয়াৰ ফলত কণমানি ছোৱালী দুজনীৰ সৈতে চুবুৰীয়াৰ ওচৰত আশ্ৰয় লৈহে পৰিয়ালটো কথমপি ৰক্ষা পৰে। দুখৰ বিষয় যে আনৰ দোকানত কাম কৰি পেট প্ৰৱৰ্তন কৰা চিণ্টু কলিতাই বাৰম্বাৰ আৱেদন কৰিও আজিলৈ এটি চৰকাৰী আৱাস লাভ নকৰিলে। ইফালে সাপৰটাৰী নিৱাসী সাবিত্ৰী কলিতাৰো অনুৰূপ অৱস্থা। থকা ঘৰটো ধুমুহাই বিধ্বস্ত কৰাৰ ফলত সকলো বস্তু-বাহানী নষ্ট হৈ যায়। এইসকল লোকে আজিকোপতি একোটা চৰকাৰী আৱাস লাভ নকৰা কথাটোৱে লজ্জানত কৰিছে সচেতন মহলক। আনহাতে সাপৰটাৰী প্ৰাথমিক বিদ্যালয়ৰ বাৰাণ্ডাৰ  লগতে গাঁওখনৰ গণেশ কলিতা, হীৰেন বৰুৱা, নৃপেন কলিতা, হীৰেন কলিতাকে ধৰি বহু লোকৰ ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে। উল্লেখযোগ্য যে সাপৰটাৰীৰ শ্ৰীশ্ৰী কৃষ্ণ নামঘৰৰ সমীপত থকা সৌৰশক্তি চালিত লাইটটোও পোষ্টসহ উভালি পৰে যোৱা নিশা ধুমুহাত। তদুপৰি ছয়গাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে সাপৰটাৰীৰ অনেক পৰিয়ালৰ ক্ষতি কৰা প্ৰচণ্ড ধুমুহাজাকে টাৰীগাঁও, নতুন সাপৰটাৰী, জাৰাবাৰী, শিমলুবাৰী, পানখাইতী আমবাৰীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহু অনিষ্ট কৰে।
প্ৰেৰক বিশ্বজিৎ কলিতা
You might also like