চিলাপথাৰত প্ৰচণ্ড ধুমুহা-বৰষুণ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ বুধবাৰে সন্ধিয়া হঠাতে অহা এজাক প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত চিলাপথাৰৰ বিভিন্ন স্থানত বিস্তাৰ ক্ষতিসাধন হৈছে। ধাৰাষাৰ বৰষুণৰ সৈতে অহা তীব্ৰ বেগী ধুমুহাই তচ নচ কৰি গ’ল চিলাপথাৰৰ বহু পৰিয়ালৰ ঘৰ বাৰী। ভয়াৱহ ধুমুহাৰ সৰ্বাধিক প্ৰভাৱ পৰিল চিলাপথাৰ অঞ্চলৰ বিভিন্ন গাঁৱত। বহু পৰিয়ালৰ ঘৰ বাৰী, মূল্যবান গছ গছনি ভাগি-উভালি বিধস্ত কৰিলে এই ধুমুহাই। বিদ্যুতৰ তাৰ পৰিবাহী খুটা উভালি পৰাত বিদুত যোগান চিলাপথাৰৰ লগতে জোনাইতো ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে আজিৰ ভয়ংকৰ ধুমুহাত গছ পৰি মৃত্যু হৈছে চিলা গাওঁৰ অজিত বৈদ্য (৩৫) নামৰ এজন যুৱকৰ৷ ইয়াৰ উপৰি জোনাইতো লাইমেকুৰী অঞ্চলত গছ গছনি উভালি পৰাৰ লগতে কেবাটাও পৰিয়ালৰ ঘৰ ধুমুহাত বিস্তৰ ক্ষতি সাধন হয়৷ চিলাপথাৰ জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৃহৎ আকৃতিৰ গছ ভাঙি পৰাত যাতায়ত ব্যাহত হৈ পৰিছে। ইফালে ভৈৰৱপুৰ নেতাজী সমন্ধয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা বাঙালী ফেডাৰেচনৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে সাজু কৰি তোলা বৃহৎ ৰংগমঞ্চ আৰু তোৰণ ধুমুহাই ব্যাপক ক্ষতি সাধন কৰিছে বুলি জানিব পৰা গৈছে৷
প্ৰেৰক কৰবী দলে