নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমামূৰীয়া হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় | কাৰ্যসূচীৰ আজি অন্তিম দিনটোৰ পুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় |উল্লেখ্য যে ১৯৭৫ চনৰ এক বিশেষ পুৱা কেইবাগৰাকীও দূৰদৰ্শী লোকৰ প্ৰচেষ্টাত ১১খন গাঁও মিলি গঢ় লৈ উঠা মিলনপুৰ বজাৰ সমিতিয়ে ১১ আৰু ১২ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে | সেই মৰ্মে প্ৰথম দিনা পুৱা মিলনপুৰ বজাৰ প্ৰাংগণত ১১খনকৈ গাঁৱৰ ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খনকৈ পতাকা উত্তোলন কৰা হয় ৷ অনুষ্ঠানত মূল পতাকা উত্তোলন কৰে সভাপতি উমেশ চন্দ্ৰ মেধিয়ে | আনহাতে, স্মৃতি তৰ্পণ কৰে উপ-সভাপতি মনোমোহন কলিতাই, গছপুলি ৰোপণ কাৰ্যসূচী সমাপন কৰে প্ৰাক্তন সভাপতি দীনবন্ধু কলিতাই | আজি দ্বিতীয় তথা অন্তিম দিনা পুৱা বজাৰ প্ৰাংগণৰ পৰা উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ য’ত বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীৰ লগতে সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে | উল্লেখ্য যে আজিৰ সামৰণী সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ৷ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষক ৰাইজ, মৎস্য ব্যৱসায়ীসকলৰ স্বাৰ্থ সিদ্ধিৰে বৃহত্তৰ অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন সাধিবলৈ সক্ষম হোৱা মিলনপুৰ বজাৰ সমিতিয়ে ভৱিষ্যতেও অঞ্চলটোত সুখ-শান্তি আৰু একতা বজাই ৰখাত অহৰ্নিশে কাম কৰি যাব বুলি সদৰী কৰে সকলোৱে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস