নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যত থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সহায়ৰ উদ্দেশ্যে স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডছে লৈছে এক বিশেষ পদক্ষেপ। স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডছে ইতিমধ্যে নানা সামাজিক কাম-কাজ কৰি আছিল যদিও বৰ্তমান বহিঃৰাজ্যলৈ যাবলৈ ওলোৱা বা বিচৰা অসম আৰু উত্তৰ-পূবৰ লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।
ইয়াৰ লগতে বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত বিপদত পৰিলে কিদৰে সহায় ল’ব লাগে তাৰো প্ৰশিক্ষণ দিব সংস্থাটোৱে। হেলপিং হেণ্ডছৰ প্ৰতিষ্ঠাপক সভাপতি ৰবীন শিবুৱে আজি এই বিষয়ে সদৰী কৰে।
এগৰাকী আই পি এছ তথা দিল্লী আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া ৰবীন শিবুৱে এই সন্দৰ্ভত কয়- ‘উত্তৰ-পূবৰ পৰা বহু যুৱক-যুৱতী কৰ্মৰ সন্ধানত বা শিক্ষালাভৰ কাৰণে আহে। কিন্তু তেওঁলোকে ইয়াত আহি বিভিন্ন সমস্যাৰ সন্মুখীন হয়। লাখৰ হিচাপত বহিঃৰাজ্যলৈ অহা এই যুৱক-যুৱতীসকলে যিকোনো সমস্যাত পৰিলে যাতে আমি সংস্থাটোৰ জৰিয়তে সহায় কৰিব পাৰো, তাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে। সংস্থাটোৱে আগৰে পৰা বিভিন্ন কাম কৰি আহিছে যদিও এতিয়া নতুনকৈ এনে বহিঃৰাজ্যগামী লোকসকলক সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এইক্ষেত্ৰত প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে।’
অৰুণাচল প্ৰদেশৰ পৰা দিল্লীত কৰ্মৰত আই পি এছ বিষয়াগৰাকীয়ে লগতে কয় যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বেছিভাগে যৌন নিৰ্যাতনৰ স্বীকাৰ হোৱাৰ লগতে শ্ৰম শোষণৰো স্বীকাৰ হয়, এনে ক্ষেত্ৰত তেওঁলোকক সহায় আগবঢ়োৱাটো নিতান্তই প্ৰয়োজনীয় বিষয়।