নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিন-দুপৰতে অসহায় যুৱকক দুৰ্বৃত্তৰ ছুৰিকাঘাত

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : এক ছুৰিকাঘাতৰ ঘটনাই জোকাৰিছে বাক্সাৰ মুছলপৰক। ঘটনাটো সংঘটিত হৈছে বাক্সাৰ মুছলপুৰত। জানিব পৰা মতে, বাক্সা জিলাৰ বাথৌফুৰিস্থিত আদালতত মহৰি‌ হিচাপে কৰ্মৰত মণ্টু নাথে মুছলপুৰৰ সমীপৱৰ্তী বেঙেনাবাৰীৰ মাজেৰে আহি থকা অৱস্থাত কালি বিয়লি ৫ মান বজাত বাইকেৰে অহা তিনিজনীয়া দুৰ্বৃত্তৰ এটা দলে বাট আগচি ধৰি মণ্টুক দাবী কৰে ৫০ হাজাৰ টকা । ধন দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰৰে মণ্টুৰ মূৰত আৰু বুকুত আক্ৰমণ কৰি পলায়ন কৰে । পিছত খবৰ লাভ কৰি পথৰ দাঁতিত পৰি থকা মণ্টু নাথক পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। উল্লেখ্য যে কিছুদিন পূৰ্বে মণ্টু নাথক একেটা দুৰ্বৃত্তৰ দলে ব্লেকমেইলিং কৰি ধনদাবী কৰিছিল। এই সম্পৰ্কে যুৱকজনে মুছলপুৰ সদৰ আৰক্ষী থানাত বিষয়টো অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশ্যে এইবাৰ আৰক্ষীয়ে বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লোৱা বুলি জানিব পৰা গৈছে । এতিয়া সময়েহে ক’ব, আৰক্ষীয়ে এইবাৰ দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’বনে, সেই লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰেৰক নিৰেন কুমাৰ শৰ্মা
You might also like