নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত হেৰম্ব কান্ত বৰপূজাৰী বক্তৃতামালা

🔹 ‘ঔপনিৱেশিক মানসিকতাৰে ইতিহাস চৰ্চা কৰা নাছিল এডৱাৰ্ড গেইটে’

বিশেষ বাৰ্তা, ৩১ আগষ্ট :  “ছাৰ এডৱাৰ্ড গেইট কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতত পশ্চিমীয়া শৈলীৰ ইতিহাস চৰ্চাৰ বাটকটীয়া। তেওঁ ঔপনিৱেশিক শৈলীৰ ইতিহাসবিদ আছিল যদিও ঔপনিৱেশিক মানসিকতাৰে পৰিচালিত হোৱা নাছিল। গেইটে ৰাংকেৰ শৈলীত ইতিহাস চৰ্চা কৰিছিল। গেইটে ইতিহাস চৰ্চা কৰাৰ দুটা কাৰণ- অন্তৰৰ আহ্বান আৰু ভাৰতৰ আন ইতিহাস গ্ৰন্থত অসমৰ বিষয়ে উল্লেখ নথকাটো। উত্তৰ-পূব ভাৰতে প্ৰাপ্য স্থানৰ পৰা বঞ্চিত হৈছিল বুলি গেইটে ভাবিছিল। পৰৱৰ্তী সময়ত গেইট A History of Assam শীৰ্ষক গ্ৰন্থখন বিভিন্ন ধৰণেৰে সমালোচিত হোৱাত ইয়াৰ দ্বিতীয় সংস্কৰণত সমসাময়িক সংস্কৃত পণ্ডিতৰ উপৰি যদুনাথ সৰকাৰৰ দৰে ইতিহাসবিদৰ সহায়ত ইয়াক সংশোধন কৰা হয়। ই গেইটৰ উদাৰতা প্ৰতীয়মান কৰে।” গুৱাহাটীৰ উচ্চ শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইতিহাস বিভাগ আৰু আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ উদ্যোগত আয়োজিত অধ্যাপক হেৰম্ব কান্ত বৰপূজাৰী বাৰ্ষিক বক্তৃতামালাৰ “Fatherhood for Gait : A Hundred Years of Edward Gait’s History of Assam” শীৰ্ষক প্ৰথমটি বক্তৃতা প্ৰদান কৰি অসম বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বৰ্তমানৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যাপক সজল নাগে এইদৰে কয়। মহাবিদ্যালয়ৰ মধু ওজা সোঁৱৰণী সভাগৃহত অসমৰ আধুনিক ইতিহাস চৰ্চাৰ পুৰোধা অধ্যাপক বৰপূজাৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বক্তৃতানুষ্ঠানটিত ইতিহাস বিভাগৰ মুৰব্বী বদন চন্দ্ৰ মহন্তই পৌৰোহিত্য কৰে। বিশ্বজ্যোতি দেৱ মহন্তই আঁত ধৰা অনুষ্ঠানটিত  ড৹ নন্দিনী শৰ্মাই বক্তা পৰিচিতি আগবঢ়ায়। অনুষ্ঠানটিত অধ্যাপক বৰপূজাৰীৰ জীয়ৰী ড৹ ৰীতা বৰুৱা, স্মিতা হাজৰিকা, নাতিনী অৰ্চিতা বৰুৱা হাজৰিকাৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকা পাৰমিতা দাস, অধ্যাপিকা ৰাধা দাস, অধ্যাপক উত্তম বাথাৰী, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ঋতু থাওচেন, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ড৹ মৌচুমী পাঠক, ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ড৹ সংগীতা গগৈকে ধৰি ভালেকেইগৰাকী ইতিহাসবিদ উপস্থিত থাকে। মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় ড৹ গাৰ্গী শৰ্মাই।

You might also like