নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: চাপৰমুখ ৰেল জংচনত কালি সন্ধিয়া ৰেল আৰক্ষীয়ে এক অভিযান চলাই বৃহত পৰিমাণৰ হেৰোইন জব্দ কৰাৰ লগতে এজন পুৰুষ আৰু ৫ মহিলাসহ ৬জনক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাপৰমুখ ৰেল আৰক্ষীয়ে নামনিমুৱা ৰঙিয়া- ডিব্ৰুগড় ৰেলখনত হেৰোইন সৰবৰাহ কৰি অনা বুলি গোপন সুত্ৰে এক খবৰ লাভ কৰি চাপৰমুখ ৰেল জংচনত অভিমান চলাই থাকোতেই পুৰুষ আৰু মহিলাসহ এটা দলক ৰেলখনৰ পৰা নামি অহা দেখি সন্দেহ কৰে আৰু ইয়াৰ পিছতে দলটোৰ তালাচী লোৱাত তেওঁলোকৰ পৰা ৪০টা চাবন কেচত অনা বৃহত পৰিমাণৰ হেৰোইনখিনি জব্দ কৰে। এই হেৰোইনখিনি দলটোত থকা ৫ মহিলা আৰু যুৱতীয়ে নিজৰ পিন্ধা কাপোৰৰ তলত বান্ধি লুকুৱাই আনিছিল। আৰক্ষীয়ে দলটোৰ আটাইকে আটক কৰি অনুসন্ধান চলাইছে।ধৃত লোককেইজন হ’ল, ৱাহিদুল ইছলাম (২৮), ৰূপজান বেগম (৬০), চুৰিমা আখতাৰ (১৬), চেলিমা আখতাৰ (২৪), হাজাৰা খাটূন (৫০) আৰু কুলচিমা বেগম (৫০)। ধৃত দলটো নগাঁও জিলাৰ জুৰীয়া দগাৱৰ পৰমাইভেটিৰ । জানিব পৰা মতে এই দলটোৱে ডিমাপুৰৰ খটখটিৰ পৰা নগাৱলৈ এই ড্ৰাগছখিনি বিক্ৰীৰ বাবে আনিছিল। অৱশ্যে এই ঘটনাৰ লগত আন কোনো লোকো জড়িত থকা বুলি সন্দেহ কৰা হৈছে। প্ৰায় ৫১৪ গ্ৰাম ওজনৰ এই হেৰোইনখিনিৰ মূল্য প্ৰায় এক কোটি টকা হৱ বুলি জানিব পৰা গৈছে।
প্ৰেৰক ভৱজয় ডেকা