নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : :সোমবাৰে দিনৰ প্ৰায় ৯ বজাত লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষীৰ জালত পৰে হেৰ’ইনসহ এজন সৰবাহকাৰী ৷ বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগবাহাদুৰ থাপাই জনোৱা মতে, এক বিশেষ সূত্ৰৰ পম খেদি পথালি টোলগেটৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই নগাঁও জিলাৰ হয়বৰগাঁও নিৱাসী হেৰ’ইন সৰবৰাহকাৰী জাকিৰ হুছেইনক (৪৬) লক্ষাধিক টকাৰ হেৰ’ইনসহ আটক কৰে ৷ হেৰ’ইন সৰবৰাহকাৰী জাকিৰ হুছেইনে AS-01 SC-0540 নম্বৰৰ মাৰুতি কাৰেৰে নগাঁও জিলাৰ পৰা লখিমপুৰলৈ আহি আছিল ৷ বান্দৰদেৱা আৰক্ষীয়ে তালাচী চলাই মাৰাত্মক নিষিদ্ধ ৪৫:৬০ গ্ৰাম নিষিদ্ধ হেৰ’ইনৰ সৈতে গাড়ীসহ জাকিৰক আটক কৰে ৷ হেৰ’ইন সৰবৰাহকাৰী জাকিৰ হুছেইনে আৰক্ষীৰ স্বীকাৰোক্তিত প্ৰকাশ কৰা মতে, ২০২২ চনৰ ড্ৰাগছ সৰবৰাহৰৰ এটা গোচৰৰ বাবে আজি লখিমপুৰ আদালতত হাজিৰ হ’বলৈ আহিছিল ৷ কিন্তু হেৰ’ইন আৰু ড্ৰাগছৰ মায়া এৰিব পৰা নাই জাকিৰে ৷ জাকিৰ হুছেইনে এটা গোচৰ চলি থকাৰ পাছতো হেৰ’ইন আৰু ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে ৷ একপ্ৰকাৰ ড্ৰাগছৰ প্ৰভাৱত এতিয়াও বান্দৰদেৱা, হাৰমতী, লালুক, বঙালমৰাত অপৰাধজনিত ঘটনা বৃদ্ধি পাই আছে ৷ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ ব্যৰ্থতাই জনসাধাৰণক চিন্তিত কৰি তুলিছে ৷ আনহাতে, বান্দৰদেৱা আৰক্ষীয়ে জাকিৰক নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি অৱগত কৰে ৷
প্ৰেৰক মুকুল ভূঞা