নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৬ কোটি ৫১ লাখৰ হেৰ’ইন,  ৩৮ লাখৰ গাঞ্জা জব্দ : গ্ৰেপ্তাৰ ৩

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : কাছাৰ জিলাত যোৱা দুদিনত পৃথক পৃথক স্থানত আৰক্ষীয়ে অভিযান চলাই ৬ কোটি ৫১ লক্ষ টকাৰ হেৰ’ইন সহ  ৩৮ লক্ষ টকাৰ গাঞ্জা  জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, সোমবাৰে গোপন সূত্রৰ খবৰৰ ভিত্তিত এটা অভিযানত কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ ছোটমামদাত অভিযান চলাই এখন স্কুটীত  তালাচী চলাই এটা ক’লা বেগৰ ভিতৰৰ পৰা সন্দেহজনক হেৰ’ইন থকা ১৭টা চাবোনৰ কেছ উদ্ধাৰ কৰা হয়। চাবোনৰ কেছত ২১৫ গ্রাম ওজনৰ সন্দেহজনক হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । লগতে সৰবৰাহকাৰী জগদীশ পাচীক আটক কৰা হৈছে। হেৰ’ইনখিনিৰ মূল্য ১ কোটি ৫০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ। আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে দেওবাৰে নিশা প্ৰায় ৮ বজাত লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ দীঘৰ ফুলৰতলত নিচাজাতীয় সামগ্ৰীৰ অবৈধ পৰিবহণৰ বিৰুদ্ধে এক বিশেষ অভিযান চলাই  এখন অটোৰিক্সা  আটক কৰে । অটোৰিক্সাখনত তালাচী চলাই  আৰক্ষীৰ দলে ৮৭টা  চাবোনৰ কেছ উদ্ধাৰ কৰে। চাবোনৰ কেছৰ পৰা প্ৰায় ১.১৭ কিলোগ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰা হয় ৷  ক’লা বজাৰত এই নিচাজাতীয় সামগ্ৰীৰ দাম প্ৰায় ৫ কোটি ১ লাখ টকা। তদুপৰি এজন ব্যক্তিক  গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটোৰ নাম  লিয়েনা গাংটে (৫২) । তদুপৰি নোমল মাহাত্তাই কয়- যোৱা দেওবাৰে সন্ধিয়া আন এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত সোণাই সমষ্টিৰ ধনেহৰী চতুৰ্থ খন্ডত ৰাজকুমাৰ সিংহৰ ( ৫৪) ঘৰত তালাচী চলাই কাছাৰ আৰক্ষীৰ এটা দলে ৭৩.৯৭৬ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।  ক’লা বজাৰত এই নিচাজাতীয় সামগ্ৰীৰ দাম প্ৰায় ৩৮ লাখ হ’ব।  এই সন্দৰ্ভত অভিযুক্ত ব্যক্তি ক্ৰমে ৰাজকুমাৰ সিংহক গ্ৰেপ্তাৰ কৰি  পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে তেওঁ।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like