নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৭ কোটি টকাৰ হেৰ’ইনসহ য়াবা টেবলেট জব্দ, ধৃত ১

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কাছাৰ আৰক্ষীৰ। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কালি সন্ধিয়া শিলচৰ চহৰতলী কনকপুৰ দ্বিতীয় খণ্ড আৰু সোণাইৰ ৰামনগৰৰ পৰা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দুটা পৃথক অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে ৪৪টা চাবোনৰ বাকচ উদ্ধাৰ কৰিছে । চাবোনৰ বাকচৰ পৰা প্ৰায় ৫৭২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে। তদুপৰি ১০,০০০টা য়াবা টেবলেট জব্দ কৰা হয় । আটকাধীন অভিযুক্ত যুৱকজন আখতাৰ হুছেইন বৰভূঞা, বয়স ২০ বছৰ, ঘৰ নতুন ৰামনগৰ প্ৰথম খণ্ড, সোণাইত। ক’লা বজাৰত নিচাজাতীয় সামগ্ৰীখিনিৰ দাম প্ৰায় সাত কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই। তেওঁ কয়- এই সন্দৰ্ভত অবৈধ পৰিবহণত ব্যৱহৃত এখন মটৰ চাইকেল জব্দ কৰা হৈছে। মিজোৰামৰ ভাইৰেংটিৰ পৰা অবৈধভাৱে এই নিচাজাতীয় সামগ্ৰীখিনি পৰিবহণ কৰা হৈছিল ৷ ইয়াৰ ওপৰত অধিক তদন্ত চলি আছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like