নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি মহাবিদ্যালয়ত স্হাপন হেৰিটেজ উইভিং ভিলেজ

 শুৱালকুছি মহাবিদ্যালয়ত স্হাপন কৰা হৈছে ’হেৰিটেজ উইভিং ভিলেজ’

অধ্যয়নৰ লগতে তাঁতশালত কপোৰ উৎপাদন কাৰ্যতো জড়িত কৰিব ছাত্ৰ ছাত্ৰীক

বিশেষ বাৰ্তা, 7 মাৰ্চঃ অসমৰ ৰেশম শিল্পৰ পীঠস্থান শুৱালকুছিত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়খন অৱস্হিত যদিও আজিকোপতি মহাবিদ্যালয়খনত শিল্পটোক চাক্ষুষ ভাৱে বুজিৱলৈ কোনো ব্যৱস্থা নাছিল৷ কিন্ত শেহতীয়া ভাৱে “শুৱালকুছি তাতঁশিল্প উন্নয়ন সমিতি“ৰ সহযোগিতাত মহাবিদ্যালয়ৰ পুথিভঁৰালত ৰেশম শিল্প অধ্যয়ন আৰু গৱেষণাৰ এক বিশেষ কোষ স্হাপন কৰা হৈছে৷ লগতে আমাৰ পুৰণিকলীয়া শিল্পটোৰ বিভিন্ন কথা জানিবলৈ মহাবিদ্যালয়ত এটা ’হেৰিটেজ উইভিং মিউজিয়াম’ ( Heritage Weaving Museum) স্হাপন কৰা হৈছে৷ ইয়াৰ দ্বাৰা শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ৰশিলটোৰ এটা আভাস পোৱা যাব ৷ শুৱালকুছিৰ নৱ প্ৰজন্মই যাতে শিক্ষাৰ লগতে হস্ততাতঁ বোৱাৰ কথা শিকিব পাৰে তাৰ বাবে মহাবিদ্যালয় প্ৰাংগনত এখন তাতঁশালো স্হাপন কৰি মহাবিদ্যালয়ৰ ফেশ্চন টেকনলজি বিভাগ আৰু এচ ই ই ডি এফ অৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে, এইবাৰ নাক’ৰ পৰিদৰ্শন কাৰী দলক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বোৱা গামোছাৰেই সম্ভাষণ জনোৱা হৈছে বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°নিহাৰ ৰঞ্জন কলিতাই এই প্ৰতিবেদকক জানিবলৈ দিছে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে যোগাত্মক চিন্তাই নিশ্চয়কৈ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক শিল্পটোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পাৰি। এইক্ষেত্ৰত ৰাইজৰ সহযোগ বিচাৰিছে অধ্যক্ষ গৰাকীয়ে৷

প্রেৰক দিলীপ মেধি

You might also like