নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেওটকুছি মজলীয়া বিদ্যালয়ত নামভৰ্তিৰ বাবে হেতা-ওপৰা

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ যি সময়ত ছাত্ৰ ছাত্ৰী,অভিভাৱকসকল বেচৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈ নিজ সন্তানক তেনে বিদ্যালয়ত নামভৰ্তি কৰাবলৈ হেতা-ওপৰা লগায় ঠিক তেনে সময়তে বৰপেটা জিলাৰ এখন অতি পুৰনি ১৯১০ চনতে স্থাপিত বৰপেটা জিলা সদৰৰ পৰা পাঁচ কিলোমিটাৰ নিলগৰ কেওঁটকুছি মজলীয়া বিদ্যালয়ত নিজ সন্তানক নাম ভৰ্তি কৰাবলৈ অভিভাৱক সকল উদগ্ৰীব হৈ পৰাটো সম্প্ৰতিক সময় ছোৱাত শিক্ষা ক্ষেত্ৰত এক শুভ লক্ষণ বুলি বিবেচিত হৈছে ৷ চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰী, আৰু অভিভাৱক সকলৰ থকা অনীহা নসাৎ কৰি কেওঁটকুছি মজলীয়া বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ হেতা ওপৰা লগোৱা এক বিপৰীত ছবিয়ে বিদ্বৎ সমাজত চৰ্চা লাভ কৰিছে ৷ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলে এক সেৱাৰ মনোভাৱ আৰু এক মিছন হিচাপে প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াৰ কামত নিজকে উৎসৰ্গা কৰি অহা কেওঁটকুুুুছি মজলীয়া বিদ্যালয়ে দেখুৱাইছে এক আদৰ্শ ৷ আজি নতুন শিক্ষাবৰ্ষৰ প্ৰথম দিনটোতে নামভৰ্তিৰ বাবে এক উৎসৱ বিদ্যাৰম্ভ আয়োজন কৰে ৷ বিগত বৰ্ষৰ দৰে আজি পুৱা কেওঁটকুছি মজলীয়া বিদ্যালয়ত নামভৰ্তিৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত, জিলা আঁচনি বিষয়া ৰঞ্জন দাস, বাৰাদি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কনজিৎ কুমাৰ দাসৰ লগতে কেওঁটকুছিৰ স্থানীয় ৰাইজ উপস্থিত থাকে ৷ কেওটকুছি মজলীয়া বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা গৌতম দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ভাষণ দি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্তই চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে হোৱা অভূতপূৰ্ব সঁহাৰিত সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁ চৰকাৰে যোগান ধৰা সকলো বিনামূলীয়া সমবেশ, পাঠ্যপুথি আদি লৈ পঢ়াশুনাত মনোনিবেশ কৰিবলৈ অভিভাৱক সকলৰ প্ৰতি আহ্বান জনায় ৷ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই চৰকাৰী বিদ্যালয় কেওঁটকুছি মজলীয়া বিদ্যালয়ে সম্প্ৰতি আশাৰ বাতৰি দিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷চৰকাৰী বিদ্যালয় সমুহত ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ কমি অহাৰ সময়তে কেওঁটকুছি মজলীয়া বিদ্যালয়ত এক বিপৰীত ছবি দেখা পোৱাটো সকলোৰে বাবে শুভ লক্ষণ বুলি অভিহিত কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷ চাৰি শতাধিক ছাত্ৰ ছাত্ৰীৰ উপৰিওঁ এই বৰ্ষতো প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰিবলৈ অভিভাৱক সকল দুৰ দুৰণিৰ পৰা আহি বিদ্যালয়ত হেতা ওপৰা লগোৱাটো চৰকাৰী বিদ্যালয়ৰ বাবে অতি আশাৰ বাতৰি ৷ ইয়াৰোপৰি বিদ্যালয় খনৰ দুগৰাকী শিক্ষকে ব্যক্তিগত ভাবে কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহ যোগোৱাৰ বাবে বঁটা প্ৰদান কৰি আন এক উৎসাহজনক কাম কৰা বুলি ভাষণত উল্লেখ কৰে ৷ সভাত সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাসে কেওটকুছি মজলীয়া বিদ্যালয়ে পূৰ্বৰ দৰে সুনাম অক্ষুন্ন ৰখাৰ লগতে সহঃ বিদ্যায়তনিক দিশত শিক্ষক শিক্ষয়িত্ৰী সকলে যোগাই অহা বৰঙনিৰ কথা উল্লেখ কৰে ৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনজিৎ বৰুৱাই বিদ্যালয়ৰ আন্ত :গাঁঁথনি আদিৰ ওপৰত বহলাই কয় ৷ বৰুৱাই চৰকাৰী ভাবে দিয়া অনুদান সঠিক ভাবে সদব্যৱহাৰ কৰা বুলিওঁ উল্লেখ কৰে ৷ সভাত ২০২১- ২২ বৰ্ষত উচ্চ প্ৰাথমিক শাখাত সুখ্যাতিৰে উতীৰ্ণ হোৱা অষ্টম শ্ৰেণীৰ বিলকিছ পাৰবিনক অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত হৃদয়ানন্দ দাস স্মৃতি বঁটা, দ্বিতীয় স্থান প্ৰাপ্ত জিনিস্মিতা দাসক লক্ষীকান্ত দাস স্মৃতি বঁটা প্ৰদান কৰাৰ লগতে নিম্ন প্ৰাথমিক শাখাত সৰ্বোচ্ছ নম্বৰ প্ৰাপ্ত পূবালী দাসক কানন বালা দাস স্মৃতি বঁটা আৰু হিয়ামণি দাসক লক্ষীকান্ত দাস স্মৃতি বঁটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু জিলা আঁচনি বিষয়া ৰঞ্জন দাসে প্ৰদানৰ লগতে নামভৰ্তি আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কামৰ শুভাৰম্ভ কৰে ৷ শতবৰ্ষ গৰকা কেওঁটকুছি মজলীয়া বিদ্যালয়ত চাৰি শতাধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছত এইবাৰো বহু সংখ্যক ছাত্ৰ ছাত্ৰী নাম ভৰ্তি কৰিব নোৱাৰি উভতি যাব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷

প্ৰেৰক আফতাব হুছেইন

You might also like