নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে মিত্রতাত কংগ্রেছ হাইকমাণ্ডৰ ক্লীনশ্বীট

দিল্লীত কংগ্রেছৰ ৱাৰ ৰুমত ছঘণ্টীয়া বৈঠক

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ অসমত বিজেপিতকৈও এতিয়া কংগ্রেছৰ বাবে প্রত্যাহ্বান হৈ পৰিছে দলীয় অনুশাসন৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্রতাক কেন্দ্র কৰি কংগ্রেছৰ ভিতৰচ’ৰাত সংঘাতৰ যি উকমুকনি ঘটিছে, তাক কেনেদৰে প্রশমিত কৰিব পাৰি, তাৰ বাবে দলৰ হাইকমাণ্ডৰ নির্দেশত দিল্লীস্থিত কংগ্রেছৰ ৱাৰ ৰুমত আজি এক জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ দুপৰীয়া ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে চলা এই মাৰাথন বৈঠকত অসমত দলৰ তত্ত্বাৱধায়ক তথা এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্রদ্যুৎ বৰদলৈ আৰু সাংসদ গৌৰৱ গগৈৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকৰ বাবে অসমৰ পৰা তলব কৰা হয় কংগ্রেছৰ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া আৰু সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধি হিচাপে জ্যেষ্ঠ কংগ্রেছী নেতা ৰকিবুল হুছেইনকো৷ বিধানসভা নির্বাচনৰ পূর্বে দলীয় অনুশাসন মানি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কেনেকৈ যুঁজিব পাৰি, তাৰ ওপৰত আজিৰ বৈঠকত এক ৰণনীতি প্রস্তুত কৰা হয়৷ বৈঠকত উপস্থিত থকা এগৰাকী জ্যেষ্ঠ নেতাই এই প্রতিবেদকৰ আগত প্রকাশ কৰা মতে, বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সৈতে অসমত কংগ্রেছৰ বহুতো নেতাই মিত্রতা বিচৰা নাই যদিও দলটোৰ সৈতে মিত্রতাক লৈ এতিয়া আৰু কোনো সংশয় নাই৷ হাইকমাণ্ডে এ আই ইউ ডি এফ তথা অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে প্রাক্–নির্বাচনী মিত্রতা সম্পন্ন কৰিহে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চূডান্ত নির্দেশ দিছে৷

বৈঠকৰ পিছত এই সন্দর্ভত বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই সাংবাদিকৰ আগত স্পষ্টকৈ কয় যে হোৱাবোৰ হৈ গৈছে৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰিহে কংগ্রেছে অসমত বিজেপিৰ বিৰুদ্ধে নির্বাচনী প্রতিদ্বন্দ্বিতা আগবঢ়াব লাগিব৷ পিছে উজনি অসমৰ একাধিক কংগ্রেছী বিধায়কে এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ মুকলিকৈ যি বিৰোধিতা কৰিছে, তাক নস্যাৎ কৰিছে হাইকমাণ্ডে৷ এই সন্দর্ভত নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈৰ বক্তব্য– হাইকমাণ্ডৰ নির্দেশ কোনেও অমান্য কৰিব নোৱাৰে৷ বৰদলৈয়ে দাবী কৰা মতে, এই মুহূর্তত কংগ্রেছৰ কোনেও এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ বিৰোধিতা কৰি থকা নাই৷ সকলোৱে উপলব্ধি কৰিব পাৰিছে যে অসম তথা অসমীয়াবিৰোধী বিজেপিৰ নিচিনা আগ্রাসী এটা শক্তিৰ বিৰুদ্ধে আমি বহল ভিত্তিত যুঁজিব লাগিব৷ এয়া সময়ৰ আহ্বান বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে আগন্তুক বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ বাবে আজিৰ বৈঠকত এক দীঘলীয়া ৰণনীতি প্রস্তুত কৰা হৈছে বুলি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সাংবাদিকক জানিবলৈ দিয়ে৷ মিত্র দলসমূহৰ সৈতে আসন বণ্টনক লৈ আজিৰ বৈঠকত কোনো আলোচনা হোৱা নাই বুলি বৰাই সাংবাদিকৰ আগত প্রকাশ কৰিছে যদিও আজিৰ বৈঠকত আসন ভাগ–বাটোৱাৰাৰ বিষয়টোও আলোচনাৰ এজেণ্ডাত আছিল বুলি বৈঠকত অংশগ্রহণ কৰা আন এগৰাকী নেতাই জানিবলৈ দিছে৷ পিছে এই বিষয়ত সুনির্দিষ্টকৈ চূডান্ত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই যদিও অসমৰ ৭৫ শতাংশ সমষ্টিত কংগ্রেছে প্রার্থিত্ব প্রদান কৰাটো নিশ্চিত বুলি নাম প্রকাশত অনিচ্ছুক নেতাজনে জানিবলৈ দিয়ে৷

আনহাতে এই বৈঠকত নির্বাচনী ব্যয়ক লৈও বিশদ আলোচনা হয়৷ বৈঠকত ৰিপুণ বৰাই এইক্ষেত্রত কংগ্রেছৰ অসুবিধা হ’ব পাৰে বুলি মত ব্যক্ত কৰে যদিও এইক্ষেত্রত প্রদেশ কংগ্রেছৰ নেতৃত্বক চিন্তিত নহ’বলৈ দলৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে আশ্বস্ত কৰে৷ অসমত হাইকমাণ্ড ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ নির্বাচনী সভা কেনেদৰে আয়োজন কৰা যায়, তাৰ ওপৰতো বিশদ আলোচনা হয়৷ জনসমাৱেশৰ ওপৰত কংগ্রেছে যথেষ্ট গুৰুত্ব আৰোপ কৰা বুলিও দলীয় সূত্রত জানিব পৰা গৈছে৷ ইফালে আজি নিখিল ভাৰত কংগ্রেছ কমিটীয়ে অসমৰ বিধানসভা নির্বাচনৰ ৰাজ্যিক তত্ত্বাৱধায়ক ৰূপে আকাশ সত্যৱলী আৰু গৌৰৱ কাপুৰক নিযুক্তি দিছে৷

You might also like