আৰক্ষী উপ–পৰিদর্শকৰ দৰমহা কর্তনৰ নির্দেশ ক্ষুণ্ণ হাইক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ গৰুভর্তি বাহন জব্দ কৰি নিজৰ গা বচাবলৈ আদালতৰ পৰা তথ্য লুকুওৱাৰ পিছত ন্যায়াধীশৰ বিৰুদ্ধে গোচৰ তৰি গুৱাহাটী হাইক’টৰ ৰোষত পৰিছে এজন আৰক্ষী উপ–পৰিদর্শক৷ বিশ্বনাথ জিলাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ বিৰুদ্ধে গোচৰ তৰা জিনজিয়া থানাৰ উপ–পৰিদর্শক ৰহেন্দ্র বাগলাৰীৰ দৰমহা কর্তন কৰিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ উপ–পৰিদর্শকজনৰ দৰমহাৰ পৰা ১০ হাজাৰ টকা কর্তন কৰি ৪৫ দিনৰ ভিতৰত অসম ৰাজ্যিক আইন সেৱা প্রাধিকৰণৰ একাউণ্টত জমা দিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ বিচাৰপীঠে৷
উল্লেখ্য যে জিনজিয়া থানাই চাৰিখন গৰুভর্তি বাহন জব্দ কৰিছিল৷ ৯২/২০২০ নম্বৰ গোচৰ অনুসৰি এই বাহনখন জব্দ কৰি প্রথমে জব্দ কৰা গৰুকেইটা বেচৰকাৰী সংস্থাক প্রতিপালন কৰিবলৈ দিয়াৰ কথা আছিল যদিও পৰৱর্তী সময়ত সংশ্লিষ্ট জিলাখনৰ পশুপালন বিভাগক প্রদান কৰা হয়৷ কিন্তু পশুপালন বিভাগক গতাই দিয়াৰ সময়ত জব্দ কৰাৰ সময়ত বাহনখনত থকা গৰুৰ সংখ্যাতকৈ কেইবাটাও হ্রাস পোৱাত এই সন্দর্ভত বিশ্বনাথ চাৰিআলিৰ ন্যায়িক দণ্ডাধীশে আৰক্ষী বিষয়াজনক প্রশ্ণ উত্থাপন কৰে৷ সেই সময়ত তেওঁ কয় যে জিম্মাত থকাৰ সময়ত চাৰিটা গৰুৰ মৃত্যু হোৱাত পুতি পেলোৱা হয়৷ এই বিষয়টো ন্যায়ালয়ক অৱগত নকৰাৰ বাবে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে যোৱা ২০ জুলাইত শ্ব’কজ জাননী জাৰি কৰে সংশ্লিষ্ট আদালতে৷ একেদৰে আদালতে প্রদান কৰা নির্দেশনা অমান্য কৰাৰ বাবে কিয় তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা নহ’ব, সেয়া স্পষ্ট কৰিবলৈ নির্দেশ দিয়ে৷
ইয়াতেই বিপদত পৰাৰ আশংকা কৰি আৰক্ষী উপ–পৰিদর্শকজনে বিশ্বনাথ চাৰিআলিৰ বিচাৰপতিগৰাকীৰ বিৰুদ্ধে আৰু তেওঁৰ বিৰুদ্ধে দিয়া নির্দেশনা বাতিলৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩০৫৭/২০২০ নম্বৰৰ লেখ আবেদন দাখিল কৰে৷ বিচাৰপতিৰ সুৰক্ষা আৰু সন্মানক অৱনমিত কৰি এনেদৰে তৰা গোচৰত স্বাভাৱিকতেই স্তম্ভিত হৈ পৰে উচ্চ ন্যায়ালয়ে৷ সমান্তৰালভাৱে লেখ আবেদনখনত গুৱাহাটী উচ্চ ন্যায়ালয়কো পদকীয়া পক্ষ হিচাপে উল্লেখ কৰাত আশ্চর্য প্রকাশ কৰে বিচাৰপীঠখনে৷ যাৰ ফলত ক্ষুণ্ণ হৈ পৰা উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট আৰক্ষী বিষয়াজনৰ দৰমহা কর্তনেৰে জৰিমনা বিহিবলৈ নির্দেশ দিয়ে৷