নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ বোমা বিস্ফোৰণৰ ৫ অভিযুক্তক দোষমুক্ত হাইক’ৰ্টৰ

🔹 বোমা বিস্ফোৰণত জড়িতৰ কোনো প্রমাণ দাখিল কৰিব নোৱাৰিলে তদন্তকাৰীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্ট : ১০ শিশুসহ ১৩জন লোকৰ প্রাণকাঢ়ি নিয়া ধেমাজিৰ ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ ক্ষেত্রত অসম আৰক্ষীয়ে কৰা গাফিলতি উন্মোচিত হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ সমগ্র দেশ কঁপাই যোৱা এই শিহৰণকাৰী ঘটনাৰ তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে সঠিক তথ্য–প্রমাণ গোটাবলৈ ব্যর্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে বোমা বিস্ফোৰণৰ সৈতে জড়িত ৫জন লোকক আজি দোষমুক্ত ঘোষণা কৰে৷ ধেমাজি সত্র ন্যায়াধীশৰ আদালতে প্রদান কৰা ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে খাৰিজ কৰাৰ লগে লগে শাস্তি ঘোষণা কৰা পাঁচোজন লোক দোষমুক্ত হৈ পৰে৷ নিম্ন আদালতে যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত কৰা দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী আৰু মুহি সন্দিকৈক গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছে৷ তদুপৰি একেটা গোচৰতে ৪ বছৰৰ কাৰাবাস আৰু জৰিমনা বিহা হেমেন গগৈও দোষমুক্ত বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্রদান কৰে৷ যদিহে উক্ত লোককেইজনৰ বিৰুদ্ধে আন কোনো গোচৰ ৰুজু হৈ থকা নাই, তেনেহ’লে তেওঁলোকক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈও নির্দেশ প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ২০০৪ বর্ষৰ ১৫ আগষ্টত ধেমাজি কলেজ খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ কার্যসূচীৰ সময়তে পুৱা ৮.৫৫ বজাত বোমা বিস্ফোৰণ সংঘটিত হৈছিল৷ এই বিস্ফোৰণত ১০টি শিশুসহ ১৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে ২০জন লোক গুৰুতৰভাৱে আহত হয়৷ পৰৱর্তী সময়ত আলফাই এই বিস্ফোৰণ সংঘটিত কৰিছিল বুলি পোহৰলৈ আহে৷ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি সদৰ আৰক্ষী থানাত এই সন্দর্ভত ২০২/২০০৪ নম্বৰৰ এটা গোচৰো ৰুজু কৰা হয়৷ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১২১/১২১(এ)/১২২/৩০২/৩২৬, বিস্ফোৰক সামগ্রী আইনৰ ৩/৪ ধাৰাৰ অধীনত এই গোচৰটো ৰুজু কৰা হয়৷ ২০১১ চনৰ ২৮ ফেব্রুৱাৰীত মুঠ ১৫জন লোকৰ বিৰুদ্ধে এই গোচৰটোত আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰে৷ ইয়াৰ ভিত্তিতে তেওঁলোকৰ বিৰুদ্ধে আদালতত বিচাৰ প্রক্রিয়া আৰম্ভ হয়৷ ২০১৯ বর্ষৰ ৪ জুলাইত ধেমাজি সত্র ন্যায়াধীশৰ আদালতে গোচৰটোৰ ৰায়দান কৰি দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী, মুহি সন্দিকৈ আৰু হেমেন গগৈক দোষী সাব্যস্ত কৰাৰ লগতে সংশ্লিষ্ট ধাৰা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে৷ ইয়াৰ পাছতে নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই উক্ত লোককেইজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ নিম্ন আদালতত শুনানিৰ সময়ত মুঠ ৫৮জন সাক্ষীয়ে সাক্ষ্যদান কৰিছিল৷ কিন্তু এই সাক্ষীসকলৰ জবানবন্দী সন্তোষজনক নাছিল৷ বিশেষকৈ দীপাঞ্জলি বৰগোহাঁই, মুহি সন্দিকৈ, লীলা গগৈ, যতীন দুৱৰী আৰু হেমেন গগৈয়ে এই ভয়াৱহ বিস্ফোৰণত জড়িত থকা বুলি তেওঁলোকৰ সাক্ষ্যৰ পৰা স্পষ্ট হোৱা নাছিল৷ নিম্ন আদালতৰ ৰায়ত উল্লেখ কৰা হৈছিল যে যতীন দুৱৰীয়ে দোষ স্বীকাৰ কৰি জবানবন্দী দিছিল আৰু আৰক্ষীৰ তদন্তৰ সময়ত এই ঘটনাৰ দৃশ্যপট পুনৰ সৃষ্টি কৰিছিল৷ বিচাৰ প্রক্রিয়াৰ আৰম্ভণিতে যতীন দুৱৰীয়ে দোষ স্বীকাৰ কৰিছিল যদিও পৰৱর্তী সময়ত তেওঁ সেয়া নাকচ কৰে৷ যাৰ বাবে তেওঁৰ স্বীকাৰোক্তি আইনৰ দৃষ্টিত গ্রহণযোগ্য নহয়৷ একেদৰে যতীন দুৱৰীক লগত লৈ আৰক্ষীয়ে বোমা বিস্ফোৰণৰ ঘটনাৰ পুনৰ দৃশ্যপট সৃষ্টিৰ ভিডিঅ’ ৰেকর্ডিং বিচাৰ প্রক্রিয়াৰ সময়ত কেতিয়াও দাখিল কৰা নাছিল৷ তদুপৰি নিম্ন আদালতে উল্লেখ কৰা তথ্য তদন্তকাৰীৰ সাক্ষ্যই প্রদান কৰা জবানবন্দীৰ সৈতে কোনোধৰণৰ মিল নাছিল৷ উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে গোচৰটোৰ বিচাৰ কৰা আদালতে কেতিয়াও কিছুমান চলি থকা কথা–বতৰা অথবা সন্দেহৰ ওপৰত ভিত্তি কৰি ৰায় প্রদান কৰিব নোৱাৰে৷ তেওঁলোকৰ ৰায় সাক্ষীৰ ওপৰত ভিত্তি কৰি প্রদান কৰা উচিত৷ যিটো ধেমাজি বোমা বিস্ফোৰণৰ ক্ষেত্রত নিম্ন আদালতে ৰায় প্রদানৰ সময়ত বিবেচনা কৰা নাছিল৷ সমান্তৰালভাৱে আলফা সদস্যসকলক হেমেন গগৈয়ে নিজ ইচ্ছা মতে সেই সময়ত আশ্রয় দিয়া বুলি কোনো তথ্যও নিম্ন আদালতত দাখিল কৰিব পৰা নাছিল৷ হেমেন গগৈয়ে সেই সময়ত আশ্রয় দিয়া ৪/৫জন যুৱক যে আলফাৰ সদস্য আছিল সেয়াও আৰক্ষীয়ে প্রমাণ কৰাত ব্যর্থ হয়৷ সেই সময়ত আৰক্ষীয়ে হেমেন গগৈৰ বাসগৃহত উদ্ধাৰ কৰা বেগৰ পৰা কেৱল গামোচা, এখন সৰু নোটবুক আৰু এটা কলগেটৰ টিউবহে জব্দ কৰিছিল৷ সেয়েহে বেগটোৰ পৰা উদ্ধাৰ কৰা সামগ্রীসমূহে বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ কোনো তথ্য প্রমাণ নকৰে৷ একেদৰে হেমেন গগৈ যে আলফা সদস্য সেয়াও উদ্ধাৰ কৰা সামগ্রীসমূহৰ পৰা প্রমাণ কৰাটো সম্ভৱপৰ নহয়৷ আদালতত সাক্ষ্যদানৰ সময়ত কোনো এজন সাক্ষীয়ে এই কথা উল্লেখ কৰা নাছিল যে হেমেন গগৈৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা নোটবুকখনত কি লিখা আছিল বা সেয়া কোনো প্রকাৰে বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত নেকি? একপ্রকাৰ ক’বলৈ গ’লে এই সমগ্র গোচৰটোতে উক্ত লোককেইজনক দোষী সাব্যস্ত কৰিব পৰা তথ্য–প্রমাণ অথবা সাক্ষীৰ জবানবন্দী আদালতৰ মজিয়াত দাখিল কৰাত তদন্তকাৰী আৰক্ষী ব্যর্থ হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত সন্দেহৰ ঊর্ধ্বত অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্তকাৰীয়ে প্রমাণ কৰিব নোৱাৰাকৈয়ে নিম্ন আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰিছিল বুলিও উচ্চ ন্যায়ালয়ে মত পোষণ কৰিছে৷ সেয়েহে নিম্ন আদালতৰ ৰায়ত হস্তক্ষেপৰ বাহিৰে আন কোনো বিকল্প নাই বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে ২০১৯ বর্ষৰ ৪ জুলাইত প্রদান কৰা ৰায় খাৰিজ কৰে৷ ইয়াৰ লগে লগে যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত হৈ বন্দী হৈ থকা ৪ অভিযুক্তৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হয়৷ স্বাভাৱিকতে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে সমগ্র ৰাজ্যতে ব্যাপক প্রতিক্রিয়া পৰিলক্ষিত হৈছে৷ ফুলকুমলীয়া শিশুক আক্রমণৰ লক্ষ্য কৰি লোৱা নিষিদ্ধঘোষিত আলফাক সেই সময়ত ৰাজ্যজুৰি গৰিহণা দিয়া হৈছিল৷ সকলোৱে একমুখে দোষীক শাস্তি দিবলৈও দাবী উত্থাপন কৰিছিল৷ আশা কৰা হৈছিল ফুলকুমলীয়া শিশুৰ তেজেৰে হাত ৰাঙলী কৰা দুর্বৃত্তই শাস্তি লাভ কৰিব৷ কিন্তু তদন্তকাৰী আৰক্ষীৰ সোপোঢিলা স্থিতিৰ বাবে উচ্চ ন্যায়ালয়ৰ মজিয়াত ৫জনকৈ লোক দোষমুক্ত হোৱাৰ পাছত সকলোৰে মনত এটাই প্রশ্ণ উত্থাপিত হৈছে যে যদি এইসকলে বিস্ফোৰণ ঘটোৱা নাছিল, তেনেহ’লে কোনে ঘটাইছিল সেই ভয়াৱহ বিস্ফোৰণ?

You might also like