নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘স্পীড লিমিট ডিভাইচ’ৰ সংযোগ বিচ্ছিন্নৰে গোৱালপাৰাৰ ৰাজপথত দ্ৰুতবেগী বাছ

🔹 ৯৫ কিলোমিটাৰ গতিবেগৰ আল্ট্ৰা বাছ পৰিল পৰিবহণ বিভাগৰ জালত

🔹  স্বত্বাধিকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

বাৰ্তা ব্যুৰ, ৯ ফেব্ৰুৱাৰী : যাত্ৰীবাহী বাছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ গোৱালপাৰা জিলা পৰিবহণ বিষয়াৰ। চৰকাৰী নিয়ম উলংঘা কৰি তীব্ৰ গতিত চলাচল কৰা যাত্ৰীবাহী বাছক এইবাৰ নাকী লগাব পৰিবহণ বিভাগে। কিয়নো তীব্ৰ গতিত চলাচল কৰা বাছসমূহে সঘনাই সংঘটিত কৰি আহিছে দুৰ্ঘটনা। ইয়াৰ মূল কাৰণ হৈছে “স্পীড লিমিট ডিভাইচ”। চৰকাৰ তথা বিভাগীয় নীতি উলংঘা কৰি একাংশ গাড়ীৰ মালিকে গাড়ীৰ পৰা সংযোগ বিচ্ছিন্ন কৰি দিয়ে স্পীড লিমিট ডিভাইচৰ। যাৰ ফলত তীব্ৰ গতিত গাড়ী চলোৱাৰ চলে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰাজপথত প্ৰাণ হেৰুৱাব লগা হয় সাধাৰন জনতাই। এই প্ৰতিযোগিতাৰ বাবে সংঘটিত হয় দুৰ্ঘটনা।

ইতিমধ্যে চৰকাৰী নিৰ্দেশনা অনুসৰি ৬৫ শতাংশ দুৰ্ঘটনা হয় একমাত্ৰ তীব্ৰ গতিত গাড়ী চলোৱাৰ বাবে। সেয়ে কঠোৰ হৈ পৰিছে গোৱালপাৰা জিলা পৰিবহণ বিষয়া মণিৰুদ্দিন আহমেদে। কালি গুৱাহাটীৰ পৰা ধুবুৰীলৈ যোৱা তীব্ৰ বেগী বাছ এখন ধৰে। এ এছ-১৭ বি-৬৪১৭ নম্বৰৰ বাছখন ইতিমধ্যে আগিয়া থানাত ৰখা হয় আৰু এটি গোচৰ ৰজু কৰে পৰিবহণ বিষয়াগৰাকীয়ে। স্পীড লিমিট ডিভাইচৰ সংযোগ বিচ্ছিন্ন কৰি প্ৰায় ৯৫ কিলোমিটাৰ গতিবেগত গৈ আছিল বাছখন। ইতিমধ্যে বাছখনৰ মালিকৰ বিৰুদ্ধে গোৱালপাৰা সদৰ থানাত ইউএছ ১২০বি/৪২০/৩৩৬/১৮৮ আইপিচিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই ক্ষেত্ৰত গাড়ীৰ মালিক তথা চালকসকলক সতৰ্ক কৰি দিয়ে জিলা পৰিবহণ বিষয়াগৰাকীয়ে।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like