নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা, পৰীক্ষাৰ্থীলৈ শুভেচ্ছা

📌 ১৫ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যত প্রথমবাৰৰ বাবে অসম ৰাজ্যিক স্কুল শিক্ষা ব’ডৰ অধীনত মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’ব৷ কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা আৰু ১৫ ফেব্রুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এইবাৰ মেট্রিক পৰীক্ষাত ৪,২৯,৪৪৮গৰাকী শিক্ষার্থী অৱতীর্ণ হ’ব৷ ইয়াৰে ছাত্রৰ সংখ্যা হৈছে ১,৯০,৬৫৩ আৰু ছাত্রীৰ সংখ্যা হৈছে ২,৩৮,৭৯৫গৰাকী৷ আনহাতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাত ২.৮০ লাখ ছাত্র–ছাত্রী অৱতীর্ণ হ’ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই সন্দর্ভত প্রকাশ কৰা মতে, মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ সকলোধৰণৰ প্রস্তুতি সম্পূর্ণ হৈছে৷ প্রতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে পৰীক্ষাক লৈ আলোচনাৰ অন্তত সুৰক্ষা আৰু আন দিশসমূহৰ ব্যৱস্থা কৰাৰ বাবে নির্দেশো প্রদান কৰা হৈছে৷ প্রতিটো পৰীক্ষা কেন্দ্রত যাতে অপ্রীতিকৰ ঘটনা–কার্যকলাপ সংঘটিত নহয়, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰো নির্দেশ দিয়াৰ কথা আজি শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে মেট্রিক পৰীক্ষাক লৈ স্কুল শিক্ষা ব’র্ডে কিছু নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ পৰীক্ষা চলি থকা সময়ত প্রতিটো পৰীক্ষা কেন্দ্রত বাধ্যতামূলক ১০টা নিয়ম অনুকৰণ কৰিব লাগিব৷ এইসমূহৰ ভিতৰত আছে পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ দূৰত্বলৈ সাধাৰণ প্রৱেশ নিষেধ থাকিব৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰযোগে কৰা এই নির্দেশনা অনুসৰি পৰীক্ষার্থী–শিক্ষানুষ্ঠ্ ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষা কেন্দ্রত প্রৱেশ কৰিব নোৱাৰিব৷ পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ দূৰত্বলৈকে কোনোধৰণৰ জুম বান্ধিব নোৱাৰিব৷ পৰীক্ষার্থীয়ে অনুমোদন নোহোৱা কোনোধৰণৰ সামগ্রী পৰীক্ষা কেন্দ্রলৈ নিব নোৱাৰিব৷ উদাহৰণস্বৰূপে– ম’বাইল ফোন, স্মার্ট ঘড়ী বা আন ইলেক্ট্র’নিক ডিভাইচ৷ একে নিয়ম প্রযোজ্য হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাতো৷

You might also like