👉চাৰিগৰাকীলৈ অসম সৌৰভ বঁটা
👉সোতৰগৰাকীলৈ অসম গৌৰৱ বঁটা
👉বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ–ৰাষ্ট্রপতি জগদীশ ধনখড়
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ এই বর্ষৰ ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰে৷ দিছপুৰত আয়োজিত এক সংবাদমেলযোগে মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰা অনুসৰি অসম বৈভৱ বঁটাৰে প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানিত কৰাৰ বিপৰীতে অসম সৌৰভ বঁটাৰে এইবাৰ সন্মানিত কৰা হ’ব ৪গৰাকীক৷ অসম সৌৰভ বঁটাৰে সন্মানিত হোৱাসকল হ’ল– ড০ কিষাণ চান্দ ন’ৰিয়াল, এলভিছ আলী হাজৰিকা, হিমা দাস আৰু নাদিৰাম দেউৰী৷ অহা ১০ ফেব্রুৱাৰীত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আনুষ্ঠানিকভাৱে এই বঁটাসমূহ প্রদান কৰিব৷ আনহাতে এই বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ–ৰাষ্ট্রপতি জগদীশ ধনখড়৷
মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত হৈছে–ৰঞ্জিৎ কুমাৰ গগৈ, পার্বতী বৰুৱা, দেৱজিৎ চাংমাই, দ্রোণ ভূঞা, নিলম দত্ত, অনুপম ডেকা, সৌম্যদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মহেন্দ্র ডেকা, মীনাক্ষী চেতিয়া, পখিলা লেখটেপী, টেনজিং বডোচা, নির্মল দে, জেচিন কুম্বাং পাও, মেৰী হাছা, উপেন্দ্র ৰাভা আৰু ৰাহুল গুপ্তা৷
উল্লেখ্য যে ২০২২ চনৰ পৰা আৰম্ভ হোৱা এই ৰাজ্যিক অসামৰিক সন্মানৰ বৈভৱ বঁটাৰে ইতিমধ্যে সন্মানিত কৰা হৈছে ৰতন টাটা আৰু তপন শইকীয়াক৷ এইবাৰ অসম বৈভৱ বঁটাৰে সন্মানিত হোৱা ৰঞ্জন গগৈ দেশৰ ৪৬তম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ চম্ভালিছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ৰঞ্জন গগৈ হ’ল উত্তৰ–পূবৰ প্রথমগৰাকী ব্যক্তি৷ ১৯৭৮ চনত অধিবক্তা হিচাপে কার্যক্ষেত্রত প্রৱেশ কৰা ৰঞ্জন গগৈয়ে ২০০১ চনৰ ২৮ ফেব্রুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল৷ এইগৰাকী মুখ্য ন্যায়াধীশৰ কার্যকালতে বছৰ বছৰ জুৰি ওলমি থকা ৰাম জনমভূমি–বাবৰি মছজিদ গোচৰৰ চূড়ান্ত ৰায়দান প্রদান কৰা হৈছিল৷ বর্তমানে ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত হৈ থকা ৰঞ্জন গগৈয়ে এগৰাকী অসমীয়া হিচাপে দেশৰ সর্বোচ্চ পদত অধিষ্ঠিত হোৱাটোৱে আছিল ৰাজ্যখনৰ বাবে সন্মানৰ বিষয়৷
ইফালে অসম সৌৰভ বঁটাৰে সন্মানিত হোৱা দেশৰ ড০ কিষাণ চান্দ ন’ৰিয়াল হ’ল এগৰাকী সাংস্কৃতিক বিশেষজ্ঞ৷ অসম চৰকাৰৰ আভ্যন্তৰীণ আৰু জনজাতীয় বিশ্বাস–সাংস্কৃতিক বিভাগৰ আর্ক’লজী সঞ্চালকালয়ৰ সাংস্কৃতিক বিষয়া হিচাপে কার্যনির্বাহ কৰি থকা নৌৰিয়ালে ভাৰতীয় পুৰতাত্বিক জৰীপত সাংস্কৃতিক ঐতিহ্য–ব্যৱস্থাপনাক্ তেওঁৰ ৩৫ বছৰৰো অধিক অভিজ্ঞতা আছে৷ অসমৰ চৰাইদেউত থকা আহোম ৰাজবংশৰ মৈদামক ইউনেস্ক’ৰ দৃষ্টি আকর্ষণ কৰাত অন্যতম ভূমিকা লোৱা ড০ ন’ৰিয়ালে চৰাইদেউৰ মৈদামৰ বিস্তৃত গৱেষণা, অন্বেষণ, খনন, সংৰক্ষণ আদিৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছে৷
অসম সৌৰভ বঁটাৰে সন্মানিত হোৱা এলভিছ আলী হাজৰিকা হ’ল এগৰাকী আন্তর্জাতিক সাঁতোৰবিদ৷ ৯ বছৰ বয়সতে তেওঁ সাঁতোৰত ৰাষ্ট্রীয় পদক অর্জন কৰাৰ পাছত পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷ এছিয়ান–পেচিফিক বিশ্ব চেম্পিয়নশ্বিপত ১৯৯১ চনত ভাৰতক প্রতিনিধিত্ব কৰা সর্বকালৰ কনিষ্ঠ ভাৰতীয় সাঁতোৰবিদ হিচাপে তেওঁ চিহ্ণিত হৈ আছে৷ আন্তর্জাতিক ইভেণ্টত ৬টা সোণ, ৫টা ৰূপ আৰু ৭টা ব্রঞ্জৰ পদকেৰে উজলি থকা এলভিছ আলী হাজৰিকা ২৩টা ৰাষ্ট্রীয় অভিলেখৰ সৈতে একেৰাহে ১০ বছৰ ৰাষ্ট্রীয় চেম্পিয়ন আছিল৷ ২০২২ চনত তেওঁ সফলতাৰে উত্তৰ আয়াৰলেণ্ডৰ চেনেল সাঁতুৰি প্রায় ৪২ কিলোমিটাৰৰ স্কটলেণ্ডলৈ যোৱা প্রথমজন অসমীয়া৷ তদুপৰি ইংলিছ চেনেল দুয়োফালৰ পৰা সাঁতুৰিও সম্পূর্ণ কৰিছে৷
অসম সৌৰৱ বঁটাৰে সন্মানিত হোৱা আনগৰাকী ক্রীড়াবিদ হিমা দাস হ’ল ইণ্ডোনেছিয়াৰ জাকার্টাত ২০১৮ চনত অনুষ্ঠিত এছিয়ান গেমছত ৪০০ ৰীলেত সোণৰ পদক অর্জন কৰা দৌৰবিদ৷ হিমা দাস প্রথমগৰাকী মহিলা দৌৰবিদ যিয়ে আইএএএফ বিশ্ব ২০ বছৰ অনূর্ধ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন কৰা প্রথমগৰাকী ভাৰতীয়৷ আনহাতে ২০১৯ চনত পোলেণ্ডত প’জনান গ্রেণ্ড প্রিক্সৰ ২০০ মিটাৰত সোণৰ পদক অর্জন কৰিছিল৷
আনহাতে অসম সৌৰভ বঁটাৰে সন্মানিত হোৱা নাদিৰাম দেউৰী হ’ল তিৱা নৃত্য–গীত–সংগীতৰ এগৰাকী বিশেষজ্ঞ৷ ১৯৭৬ৰ পৰা তেওঁ তিৱা লোকনৃত্যৰ সৈতে জড়িত হৈ আছে৷ নাদিৰাম দেউৰী ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, সংগীত নাটক একাডেমীৰ লগতে আন বহু প্রতিষ্ঠানৰ অধীনত তিৱা নৃত্যৰ প্রশিক্ষণ প্রদান কৰি কৃতিত্ব অর্জন কৰিছে৷ ২০২২ চনত তেওঁৰ দ্বাৰা ‘বাৰাত তিৱা লোকনৃত্য’ শীর্ষক গ্রন্থ প্রকাশিত হৈছে৷
ইফালে অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা ৰঞ্জিৎ কুমাৰ গগৈ হ’ল এগৰাকী বিহুৱা৷ ২০২৩ চনত বিহুক গীণিজ ৱর্ল্ড ৰেকর্ডছৰ সন্মানেৰে সন্মানিত কৰাৰ ক্ষেত্রত ৰঞ্জিৎ গগৈৰ ভূমিকা আছিল অপৰিসীম৷ তদুপৰি ৰঞ্জিৎ কুমাৰ গগৈয়ে ৩৩তম ৰাষ্ট্রীয় গেমছত উদ্বোধনী অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত বিশেষ ভূমিকা লৈছিল৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা ধুবুৰীৰ পার্বতী বৰুৱা হ’ল এগৰাকী হস্তী বিশেষজ্ঞ৷ বিগত ৫০ বছৰে তেওঁ ১০২টা হাতীক বশ কৰাবলৈ সক্ষম হৈছে৷ ১৯৮৯ চনত ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচীত তেওঁ গ্ল’বেল–৫০০ সন্মান লাভ কৰিছিল৷
আনহাতে অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা দেৱজিৎ চাংমাই হ’ল এগৰাকী শব্দযন্ত্রী৷ মুম্বাইত প্রতিষ্ঠিত দেৱজিৎ চাংমাই ৰাষ্ট্রীয় আৰু ৰাজ্যিক চলচ্চত্র বঁটাৰে ইতিমধ্যে সন্মানিত হৈছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত দ্রোণ ভূঞা হ’ল সুকনানি ওজাপালি আৰু দেওধানী নৃত্যৰ এজন বিশেষজ্ঞ৷ দ্রোণ ভূঞা দৰং জিলাৰ আটাইতকৈ দক্ষ আৰু স্বীকৃত ওজাপালিসকলৰ এজন৷ ২০২১ চনত মুখ্যমন্ত্রীয়ে তেওঁক কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা নিলম দত্ত হ’ল এগৰাকী অর্গেনিক খেতিয়ক৷ পাভৈ গ্রীণছ নামৰ ফার্ম হাউছৰ জৰিয়তে জৈৱিক খেতিৰ বাবে তেওঁ জনাজাত হৈ পৰিছে৷ নতুন কৌশল প্রয়োগেৰে জৈৱিক খেতিৰ উত্তৰণ ঘটোৱা নিলম দত্তক হালাধৰ জৈৱিক কৃষক বঁটাৰেও সন্মানিত কৰা হৈছে৷
গৌৰৱ বঁটাৰে সন্মানিত অনুপম ডেকা পৰিচিত ৰিপ’জ বেকাৰীৰ জৰিয়তে৷ ১৯৮৮ চনত এছ আৰ ডেকা এণ্ড কোম্পানী নামত এটা ৰ’লাৰ ফ্ল’ৰ মিল স্থাপনৰ জৰিয়তে আৰম্ভ কৰা ৰিপ’জ বেকাৰী এতিয়া সমগ্র ৰাজ্যতে জনাজাত৷ এছ আৰ ডি গোট নামে জনাজাত এই ৰিপ’জ বেকাৰীয়ে ৰাজ্যখনৰ চাৰি হাজাৰৰো অধিক লোকক নিযুক্তি দিবলৈ সক্ষম হৈছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত সৌম্যদ্বীপ দত্ত উত্তৰ–পূবৰ বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত এগৰাকী সুপৰিচিত ব্যক্তি৷ বন্যপ্রাণী সংৰক্ষণ, ভ্রমণ, জনজাতীয় জীৱন আৰু সংস্কৃতি আদি বিষয়ৰ ওপৰত তেওঁ বহুকেইখন গ্রন্থ প্রকাশ কৰিছে৷ দ্য নেচার্ছ বেকনৰ প্রতিষ্ঠাপক সঞ্চালক হিচাপে সৌম্যদ্বীপ দত্তই উত্তৰ–পূব ভাৰতৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রত যথেষ্ট কাম কৰিছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত বসন্ত চিৰিং হ’ল এজন প্রগতিশীল কাঠফুলা খেতিয়ক৷ ২০০৪ চনত তেওঁ কাঠফুলা উৎপাদনৰ প্রশিক্ষণ লোৱাৰ পাছত কাঠফুলা উৎপাদনৰ ক্ষেত্রত বিশেষভাৱে কাম কৰি আছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত বৰপেটাৰ মহেন্দ্র ডেকা হ’ল এগৰাকী বাঁহ শিল্পৰ এগৰাকী প্রখ্যাত কাৰিকৰ৷ তেওঁৰ কাৰুশিল্প দক্ষতাৰে ৰাজ্যিক পর্যায়ৰ লগতে ৰাষ্ট্রীয় পর্যায় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়তো সন্মান বুটলিবলৈ সক্ষম হৈছে৷
গৌৰৱ বঁটাৰে সন্মানিত মীনাক্ষী চেতিয়া হ’ল এগৰাকী আশাকর্মী৷ বিগত ১৫ বছৰ ধৰি গর্ভৱতী মহিলাক বিশেষভাৱে সহায় আগবঢ়াই অহা মীনাক্ষী চেতিয়া প্রাথমিক স্বাস্থ্য খণ্ডৰ এগৰাকী গুৰুত্বপূর্ণ ব্যক্তি হিচাপে পৰিগণিত হৈছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা পখিলা লেখটেপী কার্বি গীতৰ এগৰাকী জনপ্রিয় শিল্পী৷ ১৯৭৪ৰ পৰা কার্বি যুৱ মহোৎসৱত গান গাবলৈ আৰম্ভ কৰা পখিলা লেখটেপীক কার্বি কুঁৱৰী বুলিও জনা যায়৷ সংগীতৰ প্রতি তেওঁৰ এই অৱদানৰ বাবে ২০১১ চনত কুইন অৱ মেলডী সন্মানেৰে সন্মানিত কৰা হৈছিল৷
অসম গৌৰৱ বঁটাৰে সন্মানিত টেনজিং বডোচা হ’ল এগৰাকী পৰিৱেশবিদ৷ হাতীৰ সৈতে সহৱাসেৰে চাহ খেতি আগুৱাই নিয়া টেনজিং বডোচাই জৈৱিক চাহ খেতিৰেও সুনাম কঢ়িয়াইছে৷ ওদালগুৰি জিলাৰ কাচীবাৰী থকা দুখন চাহ বাগিচা আছে যাক দেশৰ সর্ববৃহৎ হাতী অনুকূল খেতিপথাৰ হিচপে চিহ্ণিত হৈছে৷
আনহাতে অসম গৌৰৱ বঁটাৰে সন্মানিত নির্মল দে হ’ল পাতি শিল্পৰ এগৰাকী বিশেষজ্ঞ৷ শীতল পাতি নির্মাণেৰে ইতিমধ্যে সমগ্র ৰাজ্যতে বিশেষ সুনাম কঢ়িওৱা নির্মল দেৰ কলাশিল্প এতিয়া চৌদিশে সমাদৃত৷
গৌৰৱ বঁটাৰে সন্মানিত জেচিম কুম্বাং পাও হ’ল এগৰাকী হস্ততাঁত শিল্পৰ উদ্যোগী৷ ২০১৭ চনত কাংকন ধেমাজি নামেৰে এখন প্রতিষ্ঠান আৰম্ভ কৰি বিখ্যাত হৈ পৰা জেচিম কুম্বাং পাওৰ সামগ্রী এতিয়া বিদেশলৈয়ো ৰপ্তানি হয়৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা মেৰী হাছা হ’ল তিনিচুকীয়া জিলাৰ হাপজানৰ আইচিবিএছ প্রকল্পৰ এগৰাকী অংগনৱাড়ী কর্মী৷ সামূহিক বিকাশত বিশেষভাৱে কাম কৰি থকা এইগৰাকী অংগনৱাড়ী কর্মীয়ে চাহ বাগিচা অঞ্চলত শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত বিশেষভাৱে কাম কৰি আছে৷ তদুপৰি চাহ বাগিচাৰ শ্রমিকসকলৰ শিশুৰ স্বাস্থ্য সচেনতাতো বিশেষ ভূমিকা গ্রহণ কৰি আছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত উপেন্দ্র ৰাভা হ’ল ক’লা চাউল উৎপাদনৰ এগৰাকী অগ্রণী খেতিয়ক৷ ২০১১ চনত আৰম্ভ কৰা তেওঁৰ এই ক’লা চাউল এতিয়া ইউৰোপলৈ ৰপ্তানি হয়৷ মহাৰাষ্ট্রৰ এটা সংগঠনে ২০১৫ চনত ১০০ কুইণ্টল ক’লা চাউল তেওঁৰ পৰা ক্রয় কৰিছিল৷ বর্তমান আমেৰিকা যুক্তৰাষ্ট্র, জাপান আৰু কোৰিয়াৰ পৰাও বিভিন্নজনে ক’লা চাউল বিচাৰি তেওঁৰ লগত যোগাযোগ কৰি আছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত ৰাহুল গুপ্তা হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এডিঅ’ চক্রৰ অধীনত হাইড্র’ফনিকৰ অধীনৰ এগৰাকী প্রগতিশীল কৃষক৷ হাইড্র’ফনিক প্রণালীত ইতিমধ্যে ষ্ট্র’বেৰী, জলকীয়া, জালুক, তিঁয়হ, লেটুচ আদি খেতিৰে বিশেষ সমাদৰ লাভ কৰিছে৷