নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাত সৰ্বাধিক পেট্ৰল-ডিজেলৰ মূল্য

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ পুনৰ জনসাধাৰণক চৰকাৰৰ ৰামটাঙোন।অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে। ৰাজ্যৰ লগতে ঢকুৱাখনাতো অত্যাধিকভাৱে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।চলিত সপ্তাহতে তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ আজিৰ দিনটোত ৰাজ্যৰ ভিতৰতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ঢকুৱাখনাত সৰ্বাধিক।ঢকুৱাখনাত শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০০.৬৫ পইচা আৰু ডিজেলৰ প্ৰতিলিটাৰত মূল্য হৈছে- ৮৬.৫৫ পইচা ।কালিৰ দিনটোত ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আছিল ৯৯.৭৬ পইচা । ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য আছিল ৮৫.৭০ পইচা।ৰাতিটোৰ ভিতৰতে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৯ পইচা বৃদ্ধি পোৱাৰ লগতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৫ পইছা। ৰাজ্যত পেট্ৰ’ল-ডিজেল তথা অন্যান্য সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক জীৱন যাপনত সংকট নমাই আনিছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like