হিমালয়ান যোগা-মেডিটেচন চেণ্টাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মাৰ্চঃ গুৱাহাটীৰ এক আগশাৰীৰ প্ৰতিষ্ঠিত যোগা ইনষ্টিটিউট হিমালয়ান যোগা আৰু মেডিটেচন চেণ্টাৰ (এইচ্ ৱায় এম চি)য়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰে। সেই উপলক্ষে চেন্টাৰটোৱে সদৌ অসম ভিত্তিত প্ৰাইজমানী যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰে। ড০ বাণীকান্ত কাকতি অডিটৰিয়ামত আয়োজিত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগাভ্যাসকাৰী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়ত্ৰী উপস্থিত থাকে। সন্ধিয়াৰ বাৰেৰহণীয়া অনুষ্ঠানত মুখ্য অতিথিৰূপে উপষ্ঠিত থাকে সাংবাদিক পৰাগমণি আদিত্য। বিশিষ্ট অতিথিৰূপে উপষ্ঠিত থাকে যোগাচাৰ্য, কামাখ্যাস্থিত উমাচল যৌগিক চিকিৎসালয়ৰ প্ৰাক্তন সঞ্চালক শুভাশীষ কৰ। উল্লেখ্য যে তেওঁ ইণ্ডিয়ান যোগা কালচাৰ এণ্ড যোগা থেৰাপী চেন্টাৰৰ প্ৰতিষ্ঠাতা। যোগাসন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে এন আই এছ প্ৰশিক্ষক আৰু বিশ্ব যোগাসন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী অসীম বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ সহকাৰী শিক্ষক ৰবি প্ৰসাদ শৰ্মা আৰু কেন্দ্ৰীয় বিদ্যালয় মালিগাঁৱৰ যোগ প্ৰশিক্ষক নমিতা বৰুৱা। সন্ধীয়াৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ঠ অতিথি শুভাশীষ কৰ আৰু মুখ্য অতিথি পৰাগমণি আদিত্যই। লগতে হিমালয়ান যোগা আৰু মেডিটেচন চেন্টাৰৰ সদস্যাসকলৰ দ্বাৰা প্ৰাৰ্থনা পৰিবেশন কৰা হয়। ইয়াৰ উপৰি হিমালয়ান যোগা আৰু মেডিটেচন চেন্টাৰৰ সদস্য সকলৰ দ্বাৰা কেবাটাও যোগাসন প্ৰদৰ্শন কৰা হয়। ৫০ আৰু ৬০ৰ উৰ্দ্ধৰ মহিলাসকলৰ দ্বাৰাও এক সুন্দৰ যোগাসন প্ৰদৰ্শিত হয়। এইচ ৱায় এম চি ৰ স্বত্বাধিকাৰী মনশ্ৰী ভূঞা প্ৰকাশৰ মতে, এই বৰ্ষীয়ান মহিলাসকলে প্ৰথমতে বিভিন্ন ৰোগ আৰু বিষৰ উপশম বিচাৰি এই চেন্টাৰলৈ আহিছিল। পিছলৈ নিয়মিত যোগাভ্যাসৰ জৰিয়তে তেওঁলোকে সকলো ৰোগৰ পৰা উপশম পোৱাৰ লগতে যোগ সাধনাত দক্ষ হৈ পৰিল।