নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫৭গৰাকী গ্ৰাম্য চিকিৎসকসহ ২০১গৰাকী নাৰ্চক নিযুক্তি পত্ৰ প্ৰদান স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে সুখবৰ। আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ১৫৭গৰাকী গ্ৰাম্য চিকিৎসকসহ ২০১গৰাকী ষ্টাফ নাৰ্চক। GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাকে ধৰি সাংসদ প্ৰদান বৰুৱা।নতুনকৈ নিৰ্মাণ হোৱা ডিফু মেডিকেল কলেজত ইতিমধ্যে চিকিৎসা প্ৰদানৰ কাম আৰম্ভ হৈছে। 

আনহাতে লখিমপুৰ মেডিকেল কলেজৰ কাম-কাজ নবেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব। ধুবুৰী আৰু নগাঁৱত নিৰ্মাণ হৈ থকা মেডিকেল কলেজৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। তিনিচুকীয়া আৰু নলবাৰী মেডিকেল কলেজৰ কামো চলি আছে। গোৱালপাৰা, বিশ্বনাথ, কৰিমগঞ্জ আৰু চৰাইদেউ জিলাটো নিৰ্মাণ হ’ব মেজিকেল কলেজ। মেডিকেল কলেজ। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয় যে চাংসাৰিত নিৰ্মাণৰত অৱস্থাত থকা AIIMSৰ পাঠ্যক্ৰম নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব আৰু চিকিৎসা প্ৰদানৰ কাম অহা বৰ্ষৰ পৰা আৰম্ভ হ’ব বুলি কয় মন্ত্ৰী ড০ শৰ্মাই।

You might also like