ৰাজ্যৰ বিভিন্ন প্রান্তত জ্বৰত আক্রান্ত ৭,৭৮২জন ব্যক্তি
১০ হাজাৰ গাঁৱত ঘৰে ঘৰে স্বাস্থ্যকর্মীৰ পৰীক্ষা
নিয়মীয়া বাৰ্তা, ১৩ মে’ : ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ অংশস্বৰূপে ৰাজ্যৰ ১০ হাজাৰ গাঁৱত স্বাস্থ্যকর্মীয়ে আৰম্ভ কৰিছে প্রতিজন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰামর্শ অনুসৰি আৰম্ভ কৰা এই অভিযানত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে উল্লেখ কৰা মতে, ১০ হাজাৰ গাঁৱত আৰম্ভ কৰা এই পৰীক্ষাত ৭,৭৮২জন ব্যক্তি জ্বৰত আক্রান্ত হোৱাৰ তথ্য লাভ কৰা গৈছে৷ তেওঁ কয়– যোৱা সময়ছোৱাত স্বাস্থ্যকর্মীয়ে ১০ হাজাৰখন গাঁৱতহে পৰীক্ষা সম্পন্ন কৰিছে ৷ এতিয়াও ২০ হাজাৰ গাঁৱৰ লোকক পৰীক্ষা কৰিবলৈ বাকী আছে ৷ অৱশ্যে জ্বৰত ভোগা লোকসকল ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত নহয় ৷ কিন্তু স্বাস্থ্য মন্ত্রালয়ৰ প্রট’কল অনুসৰি এইসকল লোকৰ ছোৱাব টেষ্ট কৰিব লাগিব ৷ এইসকল লোকৰ লগতে দিল্লীৰ পৰা অহা লোকসকলক পৰীক্ষা কৰিব লাগিব ৷ কিন্তু প্রতিজন লোককে এনেদৰে পৰীক্ষা কৰা সম্ভৱ নহয় ৷ এনে ক্ষেত্রত আমি কেৱল যিসকল লোকৰ শৰীৰত ক’ৰোনাৰ লক্ষণ প্রত্যক্ষ হয়, তেওঁলোককহে পৰীক্ষা কৰা হ’ব ৷ এইক্ষেত্রত জনস্বাস্থ্যক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, এই দিশত গুৰুত্ব দিয়া হৈছে ৷ সেয়েহে ইয়াৰ বিকল্প হিচাপে ১৪ দিনৰ কঠোৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ৷ ১৪ দিনৰ পাছত যিসকলৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা দিয়ে, তেওঁলোককহে পৰীক্ষা কৰা হ’ব ৷ আনসকলক ঘৰলৈ যাবলৈ দিয়া হ’ব ৷
স্বাস্থ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) প্রসংগ সন্দর্ভত কয়– শেহতীয়াকৈ ক’ভিড–১৯ত দুজনকৈ চিকিৎসক আৰু এজন ৰোগী আক্রান্ত হৈছে যদিও ডাঃ লিথিকেশ ডি এছৰ ঘটনাৰ পাছত ইতিমধ্যে চিকিৎসক, নার্ছ, ৰোগী আৰু অভিভাৱকসহ ২ হাজাৰৰো অধিক লোকৰ ছোৱাব টেষ্ট কৰা হৈছে ৷ এই পৰীক্ষাৰ অন্তত ডাঃ দীপা ডেকা আৰু অমৰজ্যোতি ডেকাৰ শৰীৰতহে ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ জি এম চি এইচত আশংকা কৰা ধৰণে ভাইৰাছৰ সংক্রমণ দেখা পোৱা হোৱা নাই ৷ গতিকে ১৫ মে’ৰ পৰা ৰোগীৰ বাবে জি এম চি এইচ মুকলি কৰা হ’ব ৷ মন্ত্রীজনে ইয়াকো উল্লেখ কৰে যে ৰাজ্যত শেহতীয়াকৈ ৬৪টালৈ ক’ৰোনা আক্রান্তৰ ঘটনা বৃদ্ধি পাইছে যদিও এই সংখ্যা দৰাচলতে ৬৩হে ৷ কিয়নো যোৰহাটৰ লেবৰেটৰীত যিজন গাড়ীচালক পজিটিভ হিচাপে ধৰা পৰিছিল, তেওঁ বিহাৰত চিকিৎসাধীন হৈ আছে ৷ সেই অনুসৰি আক্রান্তৰ ৩৯জনক ডিচার্জ দিয়া হৈছে, ২২জন চিকিৎসাধীন হৈ আছে আৰু ২জনৰ মৃত্যু ঘটিছে ৷ জি এম চি এইচত এতিয়ালৈ ২,০০০ টেষ্ট সম্পন্ন কৰা হৈছে ৷ আনহাতে, অসমত ২০,০০০ টেষ্ট সম্পন্ন কৰা হৈছে ৷ এতিয়াও ১,১১৩টা টেষ্টৰ ফলাফল আহিবলৈ বাকী আছে ৷