মই কক্ষচ্যুত হ’লে কক্ষলৈ ওভতাই অনা অভিভাৱক হেৰুৱালোঁঃ ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ১৩ মেঃ আমাৰ জাতীয় জীৱনৰ এগৰাকী অভিভাৱকক আজি আমি হেৰুৱালোঁ৷ অসমৰ বৌদ্ধিক আকাশখনলৈ, অসমৰ বৌদ্ধিক জগতখনলৈ হিমালয়সদৃশ বৰঙণি আগবঢ়োৱা হোমেন বৰগোহাঞিয়ে আমাৰ জাতীয় জীৱনত কোনো ব্যক্তিৰ সৈতে তুলনা কৰিব নোৱাৰা এখন আসন দখল কৰি লৈছিল৷ মানুহৰ হূদয়ত তেওঁৰ আসন আছিল সুকীয়া৷ অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ, দুখীয়া–দৰিদ্র, আর্তজনৰ জীৱনৰ লগত নিজকে খাপ খুৱাই তেওঁলোকৰ জীৱনৰ কাহিনী সমাজ জীৱনৰ আগত দাঙি ধৰা, হালধীয়া চৰায়ে বাওধান খায়ৰ পৰা আৰম্ভ কৰি দুখীয়া–দৰিদ্রজনৰ সৈতে একাকাৰ হৈ তেওঁলোকৰ কথা কোৱা এনে এগৰাকী মহীৰূহক হেৰুৱাই আজি আমাৰ জাতিটো শোকত ম্রিয়মাণ হৈ পৰিছে৷
মই অসমৰ সকলো ৰাইজৰ হৈ আৰু আমাৰ চৰকাৰখনৰ হৈ হোমেন বৰগোহাঞিৰ পৰলোকপ্রাপ্তিত গভীৰ শোক প্রকাশ কৰিছোঁ৷ তেওঁ এৰি থৈ যোৱা স্থান কেতিয়াও পূৰণ নহ’ব৷ কিন্তু তেওঁ এৰি থৈ যোৱা আদর্শৰে অন্ততঃ কিছদূৰ খোজকঢ়াৰ চেষ্টা কৰিব পাৰোঁ৷ হোমেন বৰগোহাঞিৰ পার্থিব শৰীৰ আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেওঁৰ লেখা, কথা, আদর্শ আমাৰ মাজত জীয়াই থাকিব৷ তেওঁৰ লগত মোৰ এক বহুদিনীয়া ব্যক্তিগত সম্পর্ক আছিল৷
‘অসম বাণী’ৰ সম্পাদক হৈ থকাৰ সময়ত তেওঁৰ কোঠাত গৈ বহা, কেতিয়াবা পুৱা তেওঁৰ ঘৰলৈ গৈ কথা–বতৰা পতা আৰু একপ্রকাৰ ক’বলৈ গ’লে মোৰ শৈশৱৰ পৰা অসমৰ মন্ত্রী হোৱালৈকে এই সমগ্র ৰাজনৈতিক পৰিক্রমা বৰগোহাঞি ছাৰৰ সন্মুখত হৈছে৷ কেতিয়াবা মোক তেওঁ সন্মুখত বহুৱাই তীক্ষ্ণভাৱে সমালোচনা কৰিছিল৷ কেতিয়াবা যদি পথচ্যুত হোৱাৰ আগজাননী পাইছিল, তেতিয়াই তেওঁ মাতি নি মোক কেনেদৰে আগবাঢ়ি যাব লাগে, তাৰ বিষয়ে সুপৰামর্শ মোৰ আগত দাঙি ধৰিছিল৷ মোৰ প্রত্যেকখন কিতাপৰ প্রতিটো শব্দ প্রতিটো পৃষ্ঠা তেওঁ পঢ়িছিল আৰু তেওঁৰ যি অনুভৱ হৈছিল সেয়া লিখিছিল৷ বিশেষকৈ কেতিয়াবা কেতিয়াবা তেওঁ মোলৈ পত্র লিখিছিল৷
তেতিয়া মই কওঁ– ‘ছাৰ আপোনাক মই লগ পায়েই আছোঁ, পত্রখন লিখাৰ কি দৰকাৰ আছিল৷’ তেওঁ মোক সেই সন্দর্ভত কৈছিল– ‘পত্রখনৰ কথাকেইটাই তোমাৰ মনত দীঘলীয়াকৈ সাঁচ পেলাব৷ হয়তো মোৰ ওচৰৰ পৰা উঠি যোৱাৰ পাছত মই কোৱা কথাখিনি পাহৰি যাবা, কিন্তু পত্রখনে তোমাৰ মনত স্থায়ীভাৱে সাঁচ পেলাব৷’ তেওঁ মোক অদ্ভুতভাৱে মৰম কৰিছিল৷ বহুতো কথা–বতৰাত অথবা কিবা কথাত একমত নহ’লে তাক কঠোৰভাৱে সমালোচনা কৰিছিল৷ ব্যক্তিগতভাৱে সঁচা অর্থত এগৰাকী আমি পিতৃপুৰুষ হেৰুৱালোঁ৷ এজন পুৰোধা ব্যক্তিক হেৰুৱালোঁ৷ ব্যক্তিগত জীৱনতকৈও অসমে এগৰাকী উজ্জ্বল জ্যোতিষ্কক হেৰুৱালে৷ তেওঁ আছিল স্পষ্টবাদী৷ তেওঁৰ স্পষ্টবাদিতাত অলপো কৃত্রিমতা নাই৷ কেতিয়াবা সোঁতৰ বিপৰীতে গৈ আৰু কেতিয়াবা নিজে সোঁত সৃষ্টি কৰি হোমেন বৰগোহাঞিয়ে আমাৰ জাতীয় জীৱনত এখন অদ্ভুত আসন দখল কৰিছিল৷
ঢ়কুৱাখনাৰ মানুহৰ জীৱনৰ পৰা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্রহণ কৰি থকা আর্তজনলৈকে–কৰুণাধ্ তেওঁ কোনো কথাই নাপাহৰিছিল৷ বেয়া পালে তোমাক বেয়া পাইছোঁ বুলি ক’ব পৰা সাহস তেওঁ ৰাখিছিল৷ আমি সঁচা অর্থত এগৰাকী মহীৰূহ হেৰুৱালোঁ৷ তেওঁ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ত প্রতিটো দিনেই চিকিৎসাৰ খা–খবৰ লৈছিলোঁ৷ চিকিৎসা মহাবিদ্যালয়লৈ গৈ তেওঁৰ সৈতে কথা–বতৰাও পাতিছিলোঁ৷ ঘৰলৈ উভতি অহাৰ তেওঁৰ প্রচণ্ড হেঁপাহ আছিল৷ চিকিৎসকে হাস্পতালৰ পৰা আহিবলৈ অনুমতি নিদিয়াৰ বাবে অভিমান কৰি খাদ্য গ্রহণ কৰা নাছিল৷ এটা সময়ত আমি তেওঁক হাস্পতালৰ পৰা আহিব দিব খোজা নাছিলোঁ৷ কিন্তু তেওঁৰ মান–ভিমানৰ ওচৰত আমি হাৰ মানিছিলোঁ৷
বিশেষকৈ পৰিয়ালৰ পৰা আমাক কৈছিল যে চিকিৎসালয়ত এনেদৰে থকাতকৈ ঘৰলৈ আহিলে তেওঁ বেছি সুবিধা পাব আৰু স্বাস্থ্যৰ সোনকালে উন্নতি হ’ব৷ তেতিয়া তেওঁক জি এম চি এইচৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়া হৈছিল৷ ব্যক্তিগত জীৱনত বিশেষকৈ মোৰ মুখ্যমন্ত্রীৰ কার্যকালত মোৰ ভালখিনি বহুতে প্রশংসা কৰিব, বেয়াখিনিক কোনোবাই ইমান বেয়াকৈ লিখিব, যিখিনি হয়তো মই নপঢ়িম৷ কিন্তু সঁচাক সঁচা বুলি কোৱা আৰু মিছাক মিছা বুলি কোৱা কথা মই কক্ষচ্যুত হ’লে কক্ষলৈ ওভতাই আনিব পৰা এগৰাকী অভিভাৱকক মই ব্যক্তিগতভাৱে হেৰুৱালোঁ৷ শিক্ষামন্ত্রী ৰণোজ পেগুৱে ইতিমধ্যে তেওঁৰ সৃষ্টিৰাজি যুগমীয়া কৰি ৰাখিবলৈ কেইটামান পৰিকল্পনা প্রস্তুত কৰিছে৷ পৰিয়ালৰ লগত আমি এই সন্দর্ভত কথা পাতিম৷ অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে হোমেন বৰগোহাঞি আমাৰ মাজত জীয়াই থাকক তাৰ বাবে ৰাজ্য চৰকাৰে সকলোখিনি কৰিব৷ এটা খোজ আমি বেছিকৈ দিম, কিন্তু কেতিয়াও কমিবলৈ নিদিওঁ৷ এটা কথা স্পষ্ট পার্থিব শৰীৰ এই জগতৰ পৰা আঁতৰি গ’লেও হোমেন বৰগোহাঞিৰ সৃষ্টি আৰু আদর্শক আমি আমাৰ ভৱিষ্যৎ প্রজন্মৰ বাবে জীয়াই ৰাখিম৷