নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া জাতি জীয়াই থকালৈকে বৰগোহাঞিৰ অৱদান মনত ৰাখিব

নিয়মীয়া বাৰ্তা ১৩ মেঃ প্রথিতযশা সাহিত্যিক–সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ বিয়োগত শোকাভিভূত হৈ পৰিছে বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানক্ ধৰি ব্যক্তিবিশেষ৷ অসমীয়া জাতীয় জীৱনৰ অবিচল–টল স্তম্ভ হিচাপে সকলোধৰণৰ পক্ষপাতৰ পৰা মুক্ত হৈ জাতিটোৰ সর্বশ্রেষ্ঠ প্রাতঃস্মৰণীয় অভিভাৱক হিচাপে পথ দেখুৱাই অহা যুগদ্রষ্টাগৰাকীৰ মহাপ্রস্থানত অসমীয়া জাতীয় জীৱনৰ যি ক্ষতি হৈছে, সেয়া অপূৰণীয় বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্রী ৰঞ্জিত দাসে৷ তেওঁ বৰগোহাঞিৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷

অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰায়ো বিশিষ্ট সাহিত্যিক–সাংবাদিক বিয়োগত শোক প্রকাশ কৰিছে৷ কাকতলৈ প্রেৰণ কৰা এক শোকবার্তাত বৰাই কয় যে বৰগোহাঞিয়ে কায়িকভাৱে আমাৰ মাজৰ পৰা বিদায় মাগিলেও আদর্শৰাজিৰ মাজেৰে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব৷ ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে বৰগোহাঞিৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷

ভাৰতৰ কমিউনিষ্ট পার্টী, অসম ৰাজ্যিক পৰিষদেও বৰগোহাঞিৰ বিয়োগত শোক প্রকাশ কৰিছে৷ বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰি অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয় যে অসমৰ সাহিত্য, সংবাদ আৰু সামাজিক ক্ষেত্রলৈ তেওঁ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷ বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰিছে চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে৷ ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কবিন্দ্র চেতিয়া ফুকন আৰু জিতুল ডেকাই এক শোকবার্তাত কয় যে অসমীয়া জাতি জীয়াই থকালৈকে বৰগোহাঞিৰ অৱদানক সদায় শ্রদ্ধাৰে মনত ৰাখিব৷

বৰগোহাঞিৰ বিয়োগত অসম প্রকশন পৰিষদ, অসম বার্তাজীৱী সংঘ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম নাট্য সন্মিলন, অসম প্রদেশ সাংবাদিক সন্থা, আছাম পাব্লিক ৱর্কছ, ৰাষ্ট্রীয় মজদুৰ কংগ্রেছৰ অসম শাখা, গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থা, ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি দুর্লভ চমুৱা মহন্ত–প্রধান সম্পাদক বিপুল তালুকদাৰ, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শর্মা–সচিবপ্রধান কমল কলিতা, অসম মহিলা সংঘৰ সম্পাদিকা অসমী গগৈ, সাংসদ ভুবনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, আছাম প্রেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন, লিবাৰেল ডেম’ক্রেটিক পার্টীৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি গুণ গগৈ, সোণোৱাল কছাৰী জাতীয় পৰিষদ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাৰ সভাপতি ডাঃ সত্যজিত বৰা–সম্পাদক ডাঃ শিখা শর্মাই শোক প্রকাশ কৰিছে৷

বৰগোহাঞিৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ বৰগোহাঞিৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি এক শোকবার্তাত দেৱীয়ে কয়– সহস্রজনৰ প্রেৰণাৰ উৎস বৰগোহাঞিদেৱৰ প্রয়াণ অসমৰ সাহিত্য–সংস্কৃতি তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছোঁ৷ অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠিত জাতীয় আদর্শ শিক্ষা সংসদেও বৰগোহাঞিৰ বিয়োগত শোক প্রকাশ কৰিছে৷ সংসদৰ উপাধ্যক্ষ ড০ জয়ন্ত বিশ্ব শর্মা আৰু সচিব ৰাণা বশিষ্ঠই কয় যে অসমৰ জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠ, অসমীয়া ভাষা–সাহিত্যৰ কাণ্ডাৰী, প্রসিদ্ধ কথাশিল্পী বৰগোহাঞিৰ কায়িক প্রয়াণ ঘটিল যদিও অসমীয়া মানুহ আৰু অসমীয়া ভাষা থকা পর্যন্ত তেওঁৰ সৃষ্টিৰাজি প্রেৰণাৰ স্রোত হৈ বৈ থাকিব৷

’৭০ৰ দশকৰ পৰাই ষ্টুডেণ্ট ষ্ট’ছৰ সৈতে অংগাগীভাৱে জড়িত বৰগোহাঞিৰ বিয়োগত প্রতিষ্ঠানটোৰ হৈ অজয় কুমাৰ দত্ত আৰু মৃত্যুঞ্জয় কুমাৰ দত্তই শোক প্রকাশ কৰিছে৷ অসম বিজ্ঞান সমিতি, অসম প্রাদেশিক যোগী সন্মিলনী, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ অসম প্রদেশ, ছাত্র মুক্তি সংগ্রাম সমিতি, কলিতা জনগোষ্ঠী ঐক্যমঞ্চ, জার্নেলিষ্ট এছ’চিয়েচন অৱ আছাম, অগ্রণী সামাজিক সংস্থা এনাজৰী, সদৌ বিটিএডি সংখ্যালঘু ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থা, সদৌ কোচ ৰাজবংশী ছাত্র সন্থা, প্রতিবন্ধী সুৰক্ষা সন্থা, ন্যায় আৰু সমতা দাবী সমিতি আদিয়েও বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰিছে৷

অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটীৰ সভাপতি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়েও গভীৰ শোক প্রকাশ কৰে৷ তেওঁ কয়– শ্রদ্ধেয় হোমেন বৰগোহাঞি ছাৰৰ মৃত্যুৰ খবৰত শোকস্তব্ধ হৈ পৰিলোঁ৷ ভাবিব পৰা নাছিলোঁ ক’ভিডৰ দৰে মাৰাত্মক বেমাৰক পৰাজিত কৰি অহাৰ পাছত তেওঁ আমাক সকলোকে অনাথ কৰি এনেদৰে গুচি যাব৷ তেওঁ আছিল আমাৰ সকলোৰে প্রেৰণাৰ উৎস, প্রাণসঞ্চাৰকাৰী৷ অসমীয়া জাতীয় চেতনাৰ বাহক, সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ৷ তেওঁৰ মৃত্যুত অসমৰ যি ক্ষতি হ’ল, সেয়া কেতিয়াও কোনেও পূৰণ কৰিবলৈ সক্ষম নহ’ব৷ বৰগোহাঞিৰ মৃত্যুত জিএনআৰচি হাস্পতাল আৰু ‘জিএনআৰচি স্বাস্থ্য’ৰ পৰিয়ালে গভীৰ শোক প্রকাশ কৰিছে৷

জিএনআৰচি হাস্পতালৰ পৰা প্রকাশিত স্বাস্থ্য বিষয়ক আলোচনী ‘জিএনআৰচি স্বাস্থ্য’ৰ জন্মলগ্ণৰে পৰা সম্পাদকৰ দায়িত্বত আছিল প্রয়াত বৰগোহাঞি৷  তেওঁৰ বিয়োগত জিএনআৰচি হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্র বৰাই গভীৰ শোক প্রকাশ কৰে৷ পূর্বাঞ্চল টাই সাহিত্য সভাই বৰগোহাঞিৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে তেওঁৰ হেঙেৰাবাৰীস্থিত হাউছিং কলনীৰ বাসগৃহটো সংৰক্ষণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে৷ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়েও প্রথিতযশা সাহিত্যিক–সাংবাদিক বিয়োগত শোক প্রকাশ কৰিছে৷ প্রাক্তন মন্ত্রী তথা বর্ষীয়ান কংগ্রেছ নেতা শৰৎ বৰকটকীয়ে বৰগোহাঞিৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷ সদৌ অসম সংবাদকর্মী সন্থায়ো হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
আলফা (স্বাধীন)ৰ শোক
বিশিষ্ট সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিৰ বিয়োগত শোক প্রকাশ কৰিছে আলফা (স্বাধীন)–এ৷ সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ অসমে কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত কয়– ‘জাতিটোৰ সংকটৰ সময়ত আৱেগৰ ঢ়ৌত উটি–ভাহি নগৈ জাতিটোৰ উত্তৰণত ব্যৱহাৰিক পথ দেখুৱাই যোৱা দদাইদেউৰ অভাৱ থলগিৰি ৰাইজে তথা আমাৰ সংগঠনেও অনাগত দিনত বাৰুকৈয়ে অনুভৱ কৰিব৷ সস্তীয়া বিতর্ক, জনপ্রিয়তাৰ শলিয়া দৌৰ আৰু প্রচাৰৰ পৰা দূৰত অৱস্থান কৰা হোমেন দদাইদেউ আপোচহীনতাৰ এক লৌহস্তম্ভ হৈ অসমৰ থলগিৰি ৰাইজৰ মাজত সদায় ধ্রুৱতৰা হৈ জিলিকি থাকিব৷ তেখেতৰ ৮৯ বছৰীয়া জীৱন পৰিক্রমা আমাৰ বাবে অনুপ্রেৰণাৰ সমল হৈ ৰ’ব৷ ’
কৰুণাধাৰাৰ শোক
অসমৰ বৌদ্ধিক জগতৰ মহীৰূহ তথা ‘কৰুণাধাৰা’ৰ জন্মদাতা হোমেন বৰগোহাঞিৰ বিয়োগত ‘কৰুণাধাৰা’ পৰিয়ালৰ সমূহ সদস্য, দূৰ–দূৰণিৰ দাতা, হিতাধিকাৰী আৰু শুভাকাংক্ষীসকল মর্মাহত হৈ পৰে৷ হিতাধিকাৰীৰ লগতে সাহায্যপ্রাপ্ত অগণন গুণমুগ্ধই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷ সকলোৰে হৈ কৰুণাধাৰা ন্যাসৰ আজিৰ সভাত এক মিনিট সময় মৌনতা অৱলম্বন কৰি বৰগোহাঞিৰ আত্মাৰ চিৰশান্তিৰ বাবে প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰা হয়৷
পতাকা অর্ধনমিত কৰি তিনিদিনীয়াকৈ শোক পালন সাহিত্য সভাৰ
ভাষা–সাহিত্যৰ বিকাশ আৰু ডত্তৰণৰ ক্ষেত্রত হোমেন বৰগোহাঞিৰ যেনে অৱদান আছিল, একেধৰণে অসমীয়া জাতীয় জীৱনলৈও তেওঁ প্রভূত বৰঙণি আগবঢ়াই গৈছে৷ নিজৰ এটা সুকীয়া ভূমিকা লৈ গোটেই জীৱন কথাশিল্পৰ চর্চাৰ মাজেৰে যি অৱদান আগবঢ়াই গ’ল, সেই অৱদানৰ বাবেই বা সেই ভূমিকাই সকলো শ্রেণীৰ লোকৰ মাজত প্রভাৱ পেলাবলৈ সক্ষম হৈছিল হোমেন বৰগোহাঞিয়ে৷ সেয়েহে এনে এগৰাকী ব্যক্তিৰ দেহাৱসানে অসমৰ বৃহৎ ক্ষতি কৰিলে বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই আজি মন্তব্য কৰে৷ অসম সাহিত্য সভাই প্রাক্তন সভাপতিগৰাকীৰ পৰলোকপ্রাপ্তিত তাৎক্ষণিকভাৱে তিনিদিনীয়াকৈ শোক পালনৰ সিদ্ধান্তৰে সভাৰ কেন্দ্রীয় কার্যালয়, প্রশাসনিক কার্যালয়, আঞ্চলিক কার্যালয়, জিলা আৰু শাখা কার্যালয়সমূহত তিনিদিনীয়াকৈ অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
আপছাৰ শোক
স্বনামধন্য কথাশিল্পী হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে সদৌ অসম ফার্মাচিষ্ট সেৱা সন্থা (আপছাৰ) সাধাৰণ সম্পাদক সুধীৰ সাহাই৷ এক শোকবার্তাত সাহাই কয় যে অসমীয়া ভাষা, সাহিত্য আৰু সংবাদ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই যোৱা মহীৰূহস্বৰূপ এইগৰাকী মহান ব্যক্তিৰ মৃত্যু অসমবাসীৰ বাবে এটি অপূৰণীয় ক্ষতি৷
হোমেন বৰগোহাঞিৰ প্রকৃতিপ্রেম আছিল অনন্য ঃ অৰণ্য সুৰক্ষা সমিতি
প্রসিদ্ধ লেখক–সাংবাদিক হোমেন বৰগোহাঞিৰ প্রকৃতিপ্রেম আছিল অনন্য৷ –এনেদৰে মন্তব্য কৰি মহীৰূহগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে অৰণ্য সুৰক্ষা সমিতি, অসমে৷ এই সন্দর্ভত প্রকাশ কৰা এক প্রেছ বিজ্ঞপ্তিত সমিতিৰ সচিবপ্রধান ড০ হৰিচৰণ দাস আৰু কার্যকৰী সচিব নিতুল শিৱনাথে কয় যে বৰগোহাঞিদেৱ সমিতিৰ অভিভাৱকস্বৰূপ আছিল৷ সমিতিয়ে ওৰাঙৰ নাম ৰাজীৱ গান্ধী অভয়াৰণ্য কৰাৰ প্রতিবাদত চলোৱা আন্দোলনতো তেওঁ সক্রিয় অংশগ্রহণ কৰিছিল৷ এই সন্দর্ভত সমিতিয়ে ৰাষ্ট্রপতিলৈ প্রেৰণ কৰা স্মাৰক–পত্রৰ তেওঁ অন্যতম স্বাক্ষৰকাৰী আছিল৷
সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন
বৰগোহাঞিৰ মৃত্যুত সদৌ অসম শিল্পী সমাজৰ শোক
হোমেন বৰগোহাঞিৰ মহাপ্রয়াণত সদৌ অসম শিল্পী সমাজে গভীৰ শোক প্রকাশ কৰিছে৷ কার্যকৰী সভাপতি প্রাঞ্জল শইকীয়া আৰু সম্পাদক দুলাল দাসে এক শোক বার্তাত কয়– তেওঁৰ মৃত্যুত অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ অপূৰণীয় ক্ষতি হ’ল৷
টাইপাৰ শোক
বৰেণ্য সাহিত্যিক, সাংবাদিক আৰু অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি শ্রদ্ধাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত তাই আহোম যুৱ পৰিষদ, অসমৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মহীৰূহগৰাকীৰ মৃত্যু অসমৰ সাহিত্য, সংবাদ আৰু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে পৰিষদৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে৷
হাইস্কুল অৱসৰপ্রাপ্ত শিক্ষক আৰু কর্মচাৰী সংস্থাৰ শোক
অসমৰ সাহিত্য জগতৰ মহীৰূহ বিশিষ্ট সাংবাদিক, গ্রন্থ প্রণেতা হোমেন বৰগোহাঞিদেৱৰ আজি পৰলোকগমনত অসম হাইস্কুল অৱসৰপ্রাপ্ত শিক্ষক আৰু কর্মচাৰী সংস্থা (নৱ প্রাদেশিকীকৃত), অসমৰ নেতৃবৃন্দৰ লগতে সমূহ সদস্যবৃন্দই গভীৰ শোক প্রকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
চুতীয়া ছাত্র সন্থাৰ শোক
অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত সদৌ অসম চুতীয়া ছাত্র সন্থাই গভীৰ শোক প্রকাশ কৰিছে৷ তেওঁৰ মৃত্যুত অসমীয়া জাতি অভিভাৱকহীন হ’ল বুলি প্রকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাই৷
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত এবিভিপিৰ শোক প্রকাশ
অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ আকস্মিক মৃত্যুত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্রদেশৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰিছে৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত মর্মাহত হৈ পৰা ছাত্র সংগঠনটোৱে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে প্রার্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
যুগদ্রষ্টাৰ মহাপ্রয়াণত শোকস্তব্ধ শিৱসাগৰ
‘হোমেন বৰগোহাঞি ডাঙৰীয়া অসমৰ সাহিত্য–সংসৃকতি, সামাজিক জীৱন আদি সকলোৰে অভিভাৱক আছিল৷ তেওঁ আছিল এগৰাকী ৰাজনৈতিক ডপদেষ্টা৷’ –এইদৰে এক আৱেগিক মন্তব্য কৰে অসম সাহিত্য সভাৰ প্রাক্তন সাধাৰণ সম্পাদক নাহেন্দ্র পাদুনে৷ অসমৰ বৌদ্ধিক, সাংসৃকতিক, সাংবাদিক ক্ষেত্রখনৰ এক ডজ্জ্বল নক্ষত্র অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্র অসমৰ লগতে শিৱসাগৰতো শোকৰ ছাঁ পৰিছে৷ নাহেন্দ্র পাদুনৰ লগতে প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যখনৰ বিশিষ্ট কবি–সাহিত্যিক প্রেম গগৈয়ে৷ বিশিষ্ট নিবন্ধকাৰ তথা গডগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসচী মহন্তই হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰি কয় যে হোমেন বৰগোহাঞি অসমৰ সাহিত্য, সংবাদ জগতৰ লগতে বৌদ্ধিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল৷ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ডপাচার্য ড০ জ্যোতি শইকীয়া, বিশিষ্ট নিবন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, বিশিষ্ট লেখিকা ইদ বাহাৰ বেগমে হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰে৷
আছুৰ শ্রদ্ধাঞ্জলি
হোমেন বৰগোহাঞিৰ মৃত্যুত শিৱসাগৰ জিলা আছু কম্সকলে জিলা ছাত্র সন্থাৰ কার্যালয়ৰ সন্মুখত আজি সন্ধিয়া বন্তি প্রজ্বলনেৰে বৈকুণ্ঠগামী হোৱা সাহিত্যিকগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ আছুৰ সৌজন্যত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত ক’ভিড প্রট’কলৰ মাজেৰে নগৰখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শ্রদ্ধা নিবেদন কৰে৷
হোমেন বৰগোহাঞিৰ মহাপ্রয়াণত শোকস্তব্ধ ডিব্রুগড়ৰ বৌদ্ধিক সমাজ
সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট চিন্তাশীল লেখক–গৱেষক, ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰিছে ডিব্রুগড বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্রাক্তন মুৰব্বী অধ্যাপিকা তথা কবি–সাহিত্যিক–লেখিক্ ড০ কৰৱী ডেকা হাজৰিকাই৷বৰগোহাঞিৰ বিয়োগত শোক প্রকাশ কৰি ড০ হাজৰিকাই কয়– অসমৰ ৰাইজ আজি নির্বাক৷ সকলোৰে আশা–ভৰসাৰ স্থল, যাৰ লেখালৈ সকলোৱে বাট চাই থাকে, সেই হোমেন বৰগোহাঞিৰ বিয়োগ এটা সহ্য কৰিব নোৱাৰা ঘটনা৷

আনহাতে, অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত সভাপতি তথা বিশিষ্ট লেখক প্রহ্লাদ চন্দ্র তাছাই কয় যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গদ্যশৈলীৰ সৈতে সমানে ফেৰ মাৰিব পৰা বা সমপর্যায়ৰ এক গদ্যশৈলীৰ অধিকাৰী আছিল বৰগোহাঞি৷ বেজবৰুৱাৰ পাছতেই গদ্যশৈলীৰ ফালৰ পৰা আমি বৰগোহাঞিক স্থান দিব পাৰোঁ৷আনহাতে, দুই–তিনি দর্শক ধৰি ডিব্রুগডলৈ যেতিয়াই আহে, তেতিয়াই ডিব্রুগডৰ এটা নির্দিষ্ট বাসগৃহত আছিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি৷ বিশিষ্ট সাহিত্যিক তথা চিকিৎসক ডিব্রুগডৰ জ্যোতিনগৰৰ ডাঃ নির্মল চাহেৱালাৰ বাসগৃহ আছিল বৰগোহাঞিৰ ডিব্রুগডৰ ঠিকনা৷ বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ কৰি ডাঃ নির্মল চাহেৱালাই কয়– অসমৰ জাতীয় জীৱনলৈ এক অন্ধকাৰ নমাই আনিলে৷

You might also like