ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা অমূল্য কলিতাৰ ঘৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন
নিয়মীয়া বাৰ্তা ১৯ মেঃ জিমএমচিএইচ ত মৃত্যু হোৱা ৰঙিয়াৰ ১ নম্বৰ নসত্ৰত অমূল্য কলিতাৰ বাসগৃহত আজি উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কলিতাৰ বাস গৃহত উপস্থিত হৈ পৰিয়ালয়ৰ লোকক সমবেদনা জ্ঞাপন কৰে।
মৃত কলিতাৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে ৬৫ বছৰীয়া অমূল্য কলিতা গুৱাহাটী মেডিকেল কলেজলৈ গৈছিলে। মেডিকেললৈ যাঁওতে তেওঁৰ অৱস্থা খুবেই বেয়া আছিলে আৰু তাৰ পিছত তেওঁৰ মৃত্যু হয়। মৃত কলিতাৰ শৰীৰত কোভিডৰ লক্ষণ সমূহ দেখা কাৰণে ডাক্তৰে তেওঁৰ শ্বাব লয় আৰু শ্বাব পৰীক্ষাৰ পিছত এইটো নিশ্চিত হয় যে তেওঁ কোভিডত আক্ৰান্ত আছিলে। তেওঁক দুবাৰ পৰীক্ষাৰ কৰা হৈছিলে আৰু দুবাৰেই তেওঁ ফলাফল পজিটিভ আহিছিলে। যাৰ পৰিপেক্ষিতত কলিতাৰ গাঁৱৰ ৫০০ মিটাৰ এলেকা কন্টেইনেমণ্ট জন কৰা হ’ব।