ইণ্টাৰনেটযোগে আন্তর্জাতিক আলোচনা সভাত সভাপতি কুলধৰ শইকীয়া
নিয়মীয়া বাৰ্তা, ১৯ মে’ঃ অসম সাহিত্য সভাৰ ইতিহাসত তাৎপর্যপূর্ণ স্বাক্ষৰ বহন কৰি কালি পোনপ্রথমবাৰৰ বাবে অসম সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক ড০ কুলধৰ শইকীয়াৰ সঞ্চালনাত পৃথিৱীৰ বিভিন্ন প্রান্তৰ দর্শক–শ্রোতা, সাহিত্য সংগঠনৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে ‘গ্ল’বেল ৱেবিনাৰ’ শীর্ষক এখন আন্তর্জাতিক পর্যায়ৰ অলোচনা সভা সম্পন্ন হয়৷ ডল্লেখ্য যে বিশ্বৰ বিভিন্ন প্রান্তত অব্যাহত থকা লকডাডনৰ সময়ছোৱাত আছাম এছ’চিয়েচন অৱ নর্থ আমেৰিকা চমুকৈ এ এ এন এ কালি ইণ্টাৰনেটৰ জৰিয়তে আয়োজন কৰে এই আন্তর্জাতিক পর্যায়ৰ বিশেষ আলোচনা সভাৰ৷ আলোচনা সভাত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই অংশগ্রহণ কৰি দিয়ে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য৷ আন্তর্জাতিক আলোচনা সভাত অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতিগৰাকীয়ে অংশগ্রহণ কৰি বিশ্বৰ বিভিন্ন প্রান্তত থকা অসমীয়া লোকসকলে ইণ্টাৰনেটৰ জৰিয়তে মত বিনিময় কৰা কার্য অসম সাহিত্য সভাৰ ইতিহাসত এক গুৰুত্বপূর্ণ ইতিবাচক ঘটনা হিচাপে অভিহিত হৈছে৷
সভাপতি শইকীয়াই জানিবলৈ দিয়া অনুসৰি অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতি হিচাপে ড০ কুলধৰ শইকীয়াই এইদৰে বিশ্বৰ বিভিন্ন প্রান্তত থকা চাৰিকুৰিতকৈও অধিক দর্শকৰ সৈতে মত বিনিময় কৰে৷ বিশ্বৰ বিভিন্ন প্রান্তত থকা বিভিন্ন অসমীয়া অনুষ্ঠান, অসম সাহিত্য সভাৰ শাখাৰ সদস্যৰ লগতে অষ্ট্রেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, অ’মান, কুৱেইট, স্কটলেণ্ড, ব্রিটেইন, নেদাৰলেণ্ডছ, কানাডা আৰু সংযুক্ত আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ ডপৰি ভাৰতবর্ষৰ মুম্বাই, দিল্লী আৰু বাংগালুৰুৰ চাৰিকুৰিৰো অধিক লোকে অংশগ্রহণ কৰে এই আন্তর্জাতিক আলোচনা সভাত৷ সাহিত্য সভাৰ সভাপতি ড০ শইকীয়াই সকলোকে সম্বর্ধনা জনাই মত বিনিময় কৰা এই আলোচনা সভাত অংশগ্রহণকাৰীসকল্ বিভিন্ন প্রশ্ণ ডত্থাপনৰ লগতে মত বিনিময়ো কৰে৷ তেওঁলোকৰ প্রশ্ণৰ ডত্তৰত আমাৰ অসমৰ অর্থনৈতিক ব্যৱস্থাৰ কাঠামোৰ দাবীত আমি যদি নিজে আহি নপৰো কিম্বা অংশীদাৰ নহওঁ, তেতিয়াহ’লে আমাৰ ভাষা–সাহিত্য–সংসৃক কিহে আগবঢ়াই নিব বুলি মন্তব্য কৰে সভাপতি ড০ শইকীয়াই৷
আলোচনা সভাত অংশগ্রহণকাৰীসকল্ ডত্থাপন কৰা কেতবোৰ প্রশ্ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে অসম সাহিত্য সভা অসমীয়া জাতীয় ডন্নতি সাধিনীৰ এক গুৰুত্বপূর্ণ আহিলা৷ সীমিতসংখ্যক আৰু সাহিত্যিকৰ সংগঠন বুলি একাংশ সর্বসাধাৰণ লোকৰ মাজত ভুল ধাৰণা আছে যদিও দৰাচলতে ই সঁচা নহয়৷ কিয়নো অসম, ইয়াৰ ভাষা–সংসৃকতিক ভালপোৱা সকলোৰে বাবে অসম সাহিত্য সভাৰ দুৱাৰ সদায় মুকলি আছে৷ প্রসংগক্রমে ড০ শইকীয়াই পুৰণি অসমীয়া সাহিত্যৰাজিৰ ডিজিটেল তথ্য–প্রযুক্তিৰে সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সৃজনশীলতাৰে এই সম্পদৰাজিৰ ডন্নতি সাধনেৰে অসমীয়াৰ নৱপ্রজন্মৰ মাজত আমাৰ ভাষা–সংসৃকতিৰ ধাৰা অব্যাহত ৰাখিব পৰা যাব৷ নিশা ৮ বজাৰ পৰা ১১.৩০ বজালৈ চলা ‘গ্ল’বেল ৱেবিনাৰ’ শীর্ষক এই আলোচনা সভাত অংশগ্রহণকাৰীসকল্ অসমৰ অর্থনীতিৰ বুনিয়াদ গঢ়া, ভাষা–কলা–কৃষ্টিৰ বিকাশ আৰু সংৰক্ষণেৰে বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰা সন্দর্ভত বিভিন্ন পৰামর্শ আগবঢ়োৱাৰ বিপৰীতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়েও বিভিন্ন পৰামর্শ ব্যক্ত কৰে৷
অংশগ্রহণকাৰীসকল্ আন্তৰিকভাৱে অংশগ্রহণ কৰি আগবঢ়োৱা কেতবোৰ পৰামর্শাৱলীৰ সন্দর্ভত অসম সাহিত্য সভাই সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে সভাপতি ড০ কুলধৰ শইকীয়াই৷ ডল্লেখ্য যে আনাৰ সাধাৰণ সম্পাদক ড০ জোনালী বৰুৱাই আঁাঁত ধৰা এই গুৰুত্বপূর্ণ আলোচনা সভাখনত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰে এ এ এন এৰ সভাপতি সুৰঞ্জয় হাজৰিকাৰ লগতে ড০ শকুন্তলা চৌধুৰীয়ে৷