নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা-ৰ নেতৃত্বত আজি অসমত সুৰক্ষাৰ বাতাবৰণ, শান্তি-সমৃদ্ধিৰ বাতাবৰণ, বিকাশৰ বাতাবৰণ আৰু সকলো দিশতে এক শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে।
সেয়ে আজি মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজ সুৰক্ষিত অনুভৱ কৰে। কাৰণ এটা জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ’ল সুৰক্ষা।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বিজেপি দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি নাহিৰাত অনুষ্ঠিত নির্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।
ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰৰ বিকাশ-উন্নয়ন সকলোৱে চকুৰে দেখিছে। কিন্তু এটা সময় আছিল, অসমৰ ৰাইজে নিজকে সুৰক্ষিত যেন অনুভৱ কৰা নাছিল। তেওঁ কয় যে নাহিৰা এখন ভাল জনবসতিৰ গাঁও। শুৱালকুছিৰ পিছতে নাহিৰা এখন আটাইতকৈ ডাঙৰ আৰু ভাল জনবসিপূৰ্ণ গাঁও।
গতিকে এই অঞ্চলৰ অসমীয়া লোকসকল, খিলঞ্জীয়া লোকসকলে বুজি পায় যে উন্নয়নৰ লগে লগে বিকাশ আৰু বিকাশৰ লগে লগে সুৰক্ষাৰ কিমান প্ৰয়োজন। অসমৰ বহু ঠাইত এনেকুৱা হৈছিল যে আমি বিকাশ কেতিয়াবা ঠিকেই দেখিছিলো, কিন্তু সুৰক্ষা নাছিল যেন অনুভৱ হৈছিল। সেই কাৰণে আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি অসমৰ ৰাইজৰ সুৰক্ষা, জাতিটোৰ সুৰক্ষাৰ কাৰণে যিধৰণে কাম কৰিছো, তাক লৈ আমি গৌৰৱ অনুভৱ কৰো।
আজি আমাৰ মাজত বিভিন্ন সময়ত হয়তো বেলেগ বেলেগ দলসমূহ আহিছে, সেই দলসমূহ যেতিয়া আহে সেই দলসমূহৰ অতীতবিলাক চাব লাগে। এই অঞ্চলত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিপক্ষে ক’ৰবাত ক’ৰবাত কংগ্ৰেছে প্ৰাৰ্থী দিছে। ক’ৰবাততো প্ৰাৰ্থী দিবও পৰা নাই। আমি বহু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছো।
তাৰমানে কংগ্ৰেছৰ দিবলৈও প্ৰাৰ্থী নাই। কংগ্ৰেছৰ এইটো পৰিৱেশ কিয় হৈছে তাৰো এটা বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
আনহাতে, পেহেলগামৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ভিতৰত, ভাৰতৰ মাটি সন্ত্ৰাসবাদীয়ে আহি হিন্দু বুলি কাৰোবাক যদি গুলীয়ায় আমাৰ সকলোৰে হৃদয়ত লাগে। পেহেলগামৰ বৰ্বৰ ঘটনাক লৈ আমি সকলোৱে ম্ৰিয়মান হৈ আছো। কিন্তু এই সময়ত যদি আপোনালোকে চায়, তেতিয়াহ’লে দেখিবলৈ পাব যে কংগ্ৰেছ দলৰ সমৰ্থক কিছুমান, এআইইউডিএফ দলৰ সমৰ্থক কিছুমানৰ ইয়াক লৈ চিন্তা নাই।
কিয় চিন্তা নাই, তাৰ কাৰণ ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ সাংসদজনক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে কেইদিনমান পূৰ্বে অসমৰ কংগ্ৰেছ দলৰ এজন সাংসদে পাকিস্তানলৈ গৈ ১৫টা দিন কটাই আহে। পাকিস্তানৰ দৰে এখন শত্ৰু ৰাষ্ট্ৰলৈ মনে মনে গৈ সাংসদজনে ১৫ টা দিন কটাই আহিছে। ইয়াৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতো সাংসদজনে কিয় মনে মনে গৈ পাকিস্তানত থাকি আহিল তাৰ উত্তৰ সাংসদজনে এতিয়ালৈকে দিয়া নাই।
আজি অসমৰ এজন সাংসদৰ ঘৈণীয়েকে পাকিস্তানৰ এটা এনজিঅ’ৰ পৰা দৰমহা লয়। তাৰ মানে সাংসদজনৰ পত্নীয়ে পাকিস্তানৰ এজেণ্ট হিচাপে ইয়াত কাম কৰি আছিল। তেওঁ কয় যে এইখন ৰাজ্যত এনেকুৱা কংগ্ৰেছীৰে ভৰি আছে। এইখন ৰাজ্যত এআইইউডিএফ দলত এনেকুৱা তথাকথিত নেতা আছে যিয়ে ফেচবুকত পাকিস্তানক সমৰ্থন কৰি পোষ্ট লিখি জে’লৰ ভাত খাবলগীয়া হৈছে।
গতিকে আমাৰ সকলোৰে দায়িত্ব যে এই কথাবিলাকৰ আমি উচিত জবাব দিব লাগিব। সেয়া অহা ৭ মে’ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁ ৰাইজক আহ্বান জনাই তেওঁ কয় যে এয়াই আপোনালোকৰ ওচৰত মই আশা ৰাখিছো। কাৰণ আমি সদায় জাতিটোৰ স্বাভিমান বিচাৰো। আমি সদায় ৰাষ্ট্ৰখনৰ স্বাভিমান বিচাৰো।
আজি আমাৰ ৰাষ্ট্ৰৰ স্বাভিমান তেওঁলোকে মচি পেলাইছে। ৰাষ্ট্ৰৰ সুৰক্ষাৰ কথা তেওঁলোকে পাহৰি গৈছে। সেই কাৰণে তেওঁলোকক আমি উচিত প্ৰত্যুত্তৰ দিব লাগিব।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে ভাষণত বৃহত্তৰ অঞ্চলটোত অসমমালা আঁচনিৰ অধীনত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পথ-দলঙৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে বিকাশ-উন্নয়নে আজি সকলো অঞ্চল চুই গৈছে। অকল সীমিত অঞ্চলেই নহয়, অসমৰ প্ৰতিটো সমষ্টি, প্ৰতিটো অঞ্চলেই চুই গৈছে। আমি আশা ৰাখো, এই ধৰণৰ বিকাশ সুন্দৰভাৱে হৈ থাকিব।
আৰু সেই বিকাশৰ লগে লগে আমাৰ জাতিটোৰ সুৰক্ষা, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশো যাতে আমি আগবঢ়াই নিব পাৰো তাৰ কাৰণে আমি কাম কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ নেতৃত্বত গাঁৱৰ জনসাধাৰণৰ জীৱন-ধাৰণ মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰে তাৰ কাৰণেও মন্ত্ৰীগৰাকীয়ে আমি চিন্তা-চৰ্চা কৰা বুলি উল্লেক কৰে।
তেওঁ কয় যে গাঁৱৰ ৰাইজৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি আনিছে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি কয় যে এইবাৰ আমি প্ৰতিটো সমষ্টিত ৩২ হাজাৰ পৰিয়ালক এই আঁচনিত সামৰি লম। দুখীয়া লোকসকলক সহায় কৰাই আমাৰ লক্ষ্য বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এনেদৰে মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ লগতে মুখ্যমন্ত্ৰীৰ মহিলা সমৃদ্ধি আঁচনি, নিযুত মইনা আঁচনি আদি বিষয়ে ভাষণ দাঙি ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুখীয়া-দৰিদ্ৰ ৰাইজৰ বাবে কেনেদৰে অহনিৰ্হে কাম কৰি আছে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে।
মন্ত্ৰীগৰাকীয়ে নাহিৰাৰ ২৯ নং পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ১১ নং ৰামপুৰ জিলা পৰিষদৰ মিত্রজোঁটৰ দ্বাৰা মনোনীত প্রার্থীৰ সমর্থনত আয়োজিত বিশাল নির্বাচনী সভাত উপস্থিত হৈ ৰাইজৰ বিপুল উছাহ দেখি অভিভূত হৈ পৰে। সভাত বিধায়ক হেমাংগ ঠাকুৰীয়া, উত্তৰ কামৰূপ সাংগঠনিক জিলাৰ সভাপতি অঞ্জন গোস্বামী, বিজেপি ৰাজ্যিক কার্যবাহী সদস্য হিমাংশু শেখৰ বৈশ্য, জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামী তথা অন্যান্য দলীয় নেতা-কর্মী উপস্থিত থাকে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ২৮ নং বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ৬ নং নগৰবেৰা ছমৰীয়া সত্র জিলা পৰিষদৰ আন এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈকে মানুহ নাই। তেওঁলোকৰ এতিয়া এনেকুৱা অৱস্থা হৈছে।
তেওঁলোকে ধৰি-মেলি আনি যিকেইজন মানুহক প্ৰাৰ্থী দিছে, তেওঁলোকেও এতিয়া ক’বলৈ আৰম্ভ কৰিছে যে আমি কংগ্ৰেছ দলৰ হৈ নহয় নিৰ্দলীয় হৈ নিৰ্বাচন খেলিম আৰু জিকিলে বিজেপিত যোগদান কৰিম। অৰ্থাৎ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে হাৰিব বুলি ধৰিয়ে লৈছে। কংগ্ৰেছৰ ওচৰত কোনো অপচন নাই, সেই কাৰণে তেওঁলোকে ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দল সদায় শৃংখলাত চলে, যি দলৰ বিপক্ষে কোনোবাই প্ৰাৰ্থিত্ব দি নিৰ্বাচন খেলে, তেওঁৰ আমাৰ দললৈ অহাৰ ৰাস্তা চিৰদিনৰ বাবে বন্ধ হৈ পৰে।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি দিনৰ ভাগত শিলচৰৰ কাছাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কাছাৰৰ কুম্ভাৰ শালগংগা জিলা পৰিষদ সমষ্টিৰ প্রার্থীৰ সমৰ্থনত উধাৰবন্দ মণ্ডলে আয়োজন কৰা বিজয় সংকল্প সমাৱেশত মন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰি উধাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ আৰু পঞ্চায়তসমূহত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়।
বিজেপি আৰু মিত্রজোঁটৰ চৰকাৰৰ দিনত দেশৰ লগতে ৰাজ্যখনৰ অভূতপূর্ব উন্নয়নৰ দ্বাৰা উৎসাহিত হৈ সমষ্টিৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটৰে জয়ী কৰাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উক্ত সভাত বিধায়ক মিহিৰ কান্তি শোম, বিজেপি অসম প্রদেশৰ ৰাজ্যিক সম্পাদক কনাড পুৰকায়স্থ, বিজেপি কাছাৰ জিলা সাধাৰণ সম্পাদক অমিভাভ ৰায় তথা অন্যান্য দলীয় নেতা-কর্মীসকল উপস্থিত থাকে।