নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ অসম কেয়াৰৰ অধীনত অসম চৰকাৰে তিনি পৰ্যায়ত অসমৰ বাহিৰত থকা লোকসকলক ইতিমধ্যে সাহায্য আগবঢ়াইছে । আন্তৰ্জাতিক পৰ্যায়ত আবদ্ধ হৈ থকা অসমীয়া লোকলৈ সহায় , কেঞ্চাৰ-কিডনী ৰোগীসকললৈ আগবঢ়োৱা সহায় আৰু অসমৰ বাহিৰত তথা দেশৰ বাহিৰত থকা লোকসকললৈ সহায় । বৰ্তমানলৈকে বিদেশত থকা ৪৯ গৰাকী অসমীয়ালৈ, অসমৰ বাহিৰত আবদ্ধ হৈ থকা আৰু গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ থকা ৮২৯ গৰাকী লোকক ২৫ হাজাৰকৈ আৰু দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা প্ৰায় ২ লাখ লোকলৈ ২০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
৫,৯২,৬০৩ গৰাকীয়ে ফোন কৰাৰ বিপৰীতে প্ৰ-পত্ৰ পূৰণ কৰিছিল ৩,০০,০২৭ গৰাকীয়ে আৰু তাৰ ভিতৰত ২ লাখ লোকলৈ সাহায্য আগবঢ়োৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ ভিতৰত ১৫ হাজাৰ লোকৰ প্ৰ-পত্ৰ অগ্ৰাহ্য কৰাৰ লগতে ২৯ হাজাৰ ১২৫ গৰাকী ব্যক্তিৰ বেংকৰ তথ্য দিওতে ভুল হৈ থকাৰ বাবে সাহায্য দিব পৰা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এই ২৯ হাজাৰ ব্যক্তিৰ লগত পুনৰ সংযোগ স্থাপনৰ চেষ্টা চলোৱা হৈছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ ফালৰ পৰা ফোন ৰিচিভ নকৰাৰ লগতে কিছুসংখ্যকৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলি কয় মন্ত্ৰী ড০ শৰ্মাই । সেয়ে মন্ত্ৰীগৰাকীয়ে অসমত থকা আত্মীয়সকলক এই বাৰ্তা তেওঁলোকলৈ প্ৰেৰণ কৰি গ্ৰাহক সেৱাৰ পৰা যোৱা ফোন সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে । আগন্তুক ৩০ এপ্ৰিলৰ ভিতৰত ৩ লাখ লোকক এই ২০০০ টকাৰ সাহায্য বিতৰণ কৰিবলৈ সক্ষম হ’ব বুলিও সংবাদমেলত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীয়ে ।
ইফালে, প্ৰথম কিস্তিৰ এই ২০০০ টকা পঠোৱাৰ পাচত পৰৱৰ্তী মে’ মাহতো এই সকল লোকলৈ পুনৰ ১০০০ টকা প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।