নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰিপুণ বৰাৰ দৰে ৰাজনৈতিক নেতা মই জীৱনত দেখা নাই যিয়ে প্ৰতিশ্ৰুতিক পলিটিক্স বুলি কয়। এনে ৰাজনৈতিক নেতা অসমত আগতে জন্ম হোৱা নাই আৰু আগলৈও যাতে জন্ম নহয় তাকে কামনা কৰিছো। তেওঁ নিজেই কৈছে ‘পলিটিক্স ইজ পলিটিক্স’। তেওঁ অসমবাসীক প্ৰতিশ্ৰুতি দিয়া নাই উপলুঙাহে কৰিছে। নাজিৰাত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহৰ মাজত হোৱা মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে ৰাজনীতিত যিবোৰ দল অকলে জিকিব নোৱাৰে অথবা যেনে তেনে চৰকাৰ গঠন কৰিব বিচাৰে সেইবোৰ দলে কোনো নীতি-আদৰ্শ নোহোৱাকৈ মিত্ৰতা কৰে। কিন্তু অসমৰ লোক ৰাজনৈতিকভাৱে ইমানেই পৰিপক্ক যে সুস্থ সিদ্ধান্ত ল’বলৈ অসমৰ ৰাইজে জানে আৰু ল’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।
ৰাস্তা-ঘাট উন্নয়নৰ সন্দৰ্ভত তেওঁ কয় যে নাজিৰাৰ ৰাস্তাৰ কাম আৰু অলপ কৰিব আছে। এতিয়ালৈকে প্ৰায় ১০০কোটি টকা দিয়া হৈছে। আৰু কিছু মূল ৰাস্তাৰ কাম আছে। সেইবোৰো উন্নয়ন কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ নিৰ্বাচনৰ সময়ত নাজিৰালৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী ড০ শৰ্মাই।