সৰ্বভাৰতীয় কথক নৃত্য প্ৰতিযোগিতাত উজলিল ধুবুৰীৰ হিমাশ্ৰী
নিয়মীয়া বাৰ্তা, ১৬ মে’ : দিল্লীৰ নয়ডাত আয়োজিত সৰ্বভাৰতীয় পৰ্যায়ৰ কথক নৃত্য প্ৰতিযোগিতাত উজলি উঠি অসম তথা গৌৰৱ কঢ়িয়াই আনিলে ধুবুৰীৰ গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই। নয়ডাত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত আয়োজিত কথক নৃত্যৰ সেই প্ৰতিযোগিতাখনত হিমাশ্ৰীয়ে প্ৰথম স্থান লাভ কৰি বঁটাৰূপে সোণৰ পদক লাভ কৰে।
উল্লেখ্য যে, গৌৰীপুৰৰ প্ৰয়াত হিৰণ শৰ্মা আৰু পুলুমা শৰ্মাৰ দুহিতা হিমাশ্ৰী শৰ্মা অসম ৰাজ্যিক সংগীত ক’লা বিশ্ববিদ্যালয়ৰ পৰা কথক নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমানে ছত্তীশগড়ৰ ইন্দিৰা সংগীত বিশ্ববিদ্যালয়ত কথক নৃত্যত স্নাতকোত্তৰ স্তৰত অধ্যয়নৰত।
ছত্তীশগড়ৰ ইন্দিৰা কলা বিশ্ববিদ্যালয় পৰা প্ৰতিনিধিত্ব কৰি নয়ডাত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় ভিত্তিৰ সেই যুৱ মহোৎসৱত কথক নৃত্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল হিমাশ্ৰীয়ে। উল্লেখ্য যে, নৃত্যশিল্পী গৰাকীয়ে পূৰ্বেও ৰাজ্যিক আৰু সৰ্বভাৰতীয় ভিত্তিক বহু প্ৰতিযোগিতাত অংশলৈ বহু পুৰস্কাৰ আৰু সুনাম বুটলিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী